এই ৫ বিধ বস্তুৰ লগত কেতিয়াও নাখাব কণী!

13  Nov 2025

TV9 ASSAM

কণী প্ৰ'টিনৰ এক গুৰুত্বপূৰ্ণ উৎস। প্ৰায় বহুতে শক্তি লাভৰ বাবে কণী খায়। জিমত যোৱাসকলে দিনত কেইবাটাও কণী খোৱা দেখা যায়। ইয়াৰ উপকাৰিতা বহুত।

কণী

কিন্তু কিছুমান বস্তুৰ সৈতে কণী খোৱা ভাল নহয়। ইয়াৰ ফলত বিভিন্ন সমস্যা হ'ব পাৰে। গতিকে এই বস্তুৰ লগত কণী একেলগে খোৱাৰ পৰা বিৰত থাকিব লাগে।

বেয়া

চোয়া মিল্কত ট্ৰিপ্সিন ইনহিবিটৰ নামৰ এক পদাৰ্থ থাকে। যিয়ে কণীত থকা প্ৰ'টিনক ব্লক কৰি দিয়ে। গতিকে চোয়া গাখীৰৰ সৈতে কণী খালে গেছ, বদহজম আদি সমস্যা হ'ব পাৰে।

চোয়া মিল্ক

কেঁচা কণীৰ লগত কেতিয়াও চেনি মিহলাব নালাগে। ই গ্লাইকেশ্যন প্ৰতিক্ৰিয়া কৰিব পাৰে। যিয়ে যকৃতত সমস্যাৰ সৃষ্টি কৰিব পাৰে। দীৰ্ঘদিন এয়া খালে হজমৰ সমস্যা হ'ব পাৰে।

চেনি

বহুতে কণীৰ সৈতে চাহ খায়। কিন্তু ই বেয়া। কণী খোৱাৰ লগে লগে চাহ খালে আয়ৰণ আৰু প্ৰটিন ভালদৰে শোষিত নহয়। ইয়াৰ ফলত দুৰ্বলতা আৰু আয়ৰণৰ অভাৱ হোৱাৰ সম্ভাৱনা থাকে।

চাহ

কণী আৰু মাংস দুয়োটাত প্ৰ'টিন থাকে। একেলগে খোৱাৰ ফলত হজম প্ৰক্ৰিয়াত সমস্যা আহিব পাৰে। ইয়াৰ ফলত এচিডিটি, গেছ, পেটৰ বিষ, কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি আদি সমস্যা হ'ব পাৰে।

মাংস

কল আৰু কণী একেলহে খোৱা বেয়া। কিছুমানৰ ইয়াৰ ফলত গেছৰ সমস্যা হয়। দুয়োটাতে প্ৰটিন আৰু ষ্টাৰ্ছ থাকে। যাৰ ফলত পাচন প্ৰক্ৰিয়া লেহেমীয়া হয়। এনে ক্ষেত্ৰত পেটৰ সমস্যা হ'ব পাৰে।

কল

পঢ়িবলৈ ক্লিক কৰক

আমলখিৰ উপকাৰ