শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Stress: মানসিক চাপ কমোৱাত সহায়ক এই ৪ বিধ পানীয়, দূৰ হয় চিন্তা…

এনে কিছুমান সাধাৰণ পানীয় আছে, যিয়ে যিকোনো ব্যক্তিৰ মন নিমিষতে শান্ত কৰাত সহায় কৰিব পাৰে। দৈনন্দিন জীৱনৰ মানসিক চাপৰ পৰা মুক্তি পাবলৈ এই পানীয়বোৰ অতি উপযোগী। এনে ৪ বিধ পানীয়ৰ বিষয়ে জানো আহক।

Stress: মানসিক চাপ কমোৱাত সহায়ক এই ৪ বিধ পানীয়, দূৰ হয় চিন্তা…
মানসিক চাপ দূৰ কৰাৰ উপায়...Image Credit source: Halfpoint Images/Moment/Getty Images
trishna-kalita
Trishna Kalita | Updated On: 13 Nov 2025 14:19 PM

বৰ্তমান দ্ৰুতগতিত চলি থকা জীৱনত মানসিক চাপ এটা সাধাৰণ সমস্যা। অতিৰিক্ত মানসিক চাপে আমাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পেলায়। যদিও ধ্যান, যোগাসন আৰু সঠিক টোপনি মানসিক চাপ কমোৱাৰ মূল মন্ত্ৰ। অৱশ্যে কিছুমান সাধাৰণ পানীয় আছে, যিয়ে যিকোনো ব্যক্তিৰ মন নিমিষতে শান্ত কৰাত সহায় কৰিব পাৰে। দৈনন্দিন জীৱনৰ মানসিক চাপৰ পৰা মুক্তি পাবলৈ এই পানীয়বোৰ অতি উপযোগী।

মানসিক চাপ কমোৱাত সহায় কৰা ৪ বিধ পানীয় আৰু ইয়াৰ উপকাৰিতাৰ বিষয়ে তলত আলোচনা কৰা হৈছে।

১) গ্ৰীণ টি

যদি আপুনি অত্যধিক মানসিক চাপত ভুগিছে ​​তেন্তে গ্ৰীণ টি খোৱাৰ অভ্যাস গঢ়ি তোলক। ই এন্টিঅক্সিডেন্টেৰে ভৰপূৰ, যিটো মগজুৰ বাবে অতি উপকাৰী। গ্ৰীণ টিত এল-থিয়ানিন আৰু কেফেইনৰ সংমিশ্ৰণে উদ্বেগ আৰু মানসিক চাপ কমোৱাত সহায় কৰে।

২) ছাইট্ৰাছ ফলৰ ৰস

কমলা, নেমু বা আঙুৰৰ দৰে কেঁহা বা ছাইট্ৰাছ ফলৰ ৰস মানসিক চাপ কমোৱাত ফলপ্ৰসূ। এই ফলবোৰত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে।ভিটামিন চিয়ে মানসিক চাপ আৰু উদ্বেগৰ বাবে দায়ী ‘কৰ্টিছল’ হৰম’নৰ মাত্ৰা হ্ৰাস কৰাত সহায় কৰে।

৩) কেমোমিল চাহ

এইটো অতি জনপ্ৰিয় বনৌষধি চাহ। যিটো মানসিক চাপ, উদ্বেগ আৰু অনিদ্ৰাৰ চিকিৎসাত সহায়ক বুলি বিশ্বাস কৰা হয়। কেমোমিল চাহে আপোনাৰ স্নায়ুতন্ত্ৰক শান্ত কৰে, পেশীবোৰ শিথিল কৰে আৰু ভাল টোপনিত সহায় কৰে।

৪) গৰম গাখীৰ

গৰম গাখীৰত ট্ৰিপট’ফেন নামৰ এমিনো এচিড থাকে। এই উপাদানে শৰীৰত চেৰ’টনিন উৎপাদনত সহায় কৰে। যিটো এক প্ৰকাৰৰ নিউৰ’ট্ৰান্সমিটাৰ। ই শান্তি আৰু শিথিলতাৰ অনুভৱ বৃদ্ধি কৰে। ৰাতি শোৱাৰ আগতে কুহুম গাখীৰ খালে মানসিক চাপ কমি যায় আৰু টোপনি ভাল হয়।

লগতে পঢ়ক: ব্লাড চুগাৰ বৃদ্ধি হ’লে শৰীৰে দিয়ে এইসমূহ সাধাৰণ ইংগিত, আওকান নকৰিব…