দক্ষিণ আফ্ৰিকাৰ বিপক্ষে শৃংখলাতে গিলৰ হাতত এনে কৃতিত্বৰ সুযোগ

13 Nov 2025

TV9 ASSAM

কাইলৈৰ পৰা আৰম্ভ হ’ব ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত দুখন মেচৰ টেষ্ট শৃংখলা। এই শৃংখলাত ভাৰতৰ অধিনায়ক শ্বুভমন গিলৰ হাতত বিশেষ কৃতিত্ব অৰ্জনৰ সুযোগ।

টেষ্ট শৃংখলা

এই শৃংখলাত গিলে শচীন তেণ্ডুলকাৰ, ৰাহুল দ্ৰাবিড় আৰু বিৰাট কোহলীৰ সৈতে এক অভিজাত ক্লাবত যোগ দিয়াৰ সুযোগ পাব। ইয়াৰ বাবে তেওঁক মাত্ৰ ২৭২ ৰানৰ প্ৰয়োজন।

শুভমন গিল

চলিত বৰ্ষটোত গিলৰ প্ৰদৰ্শন চমকপ্ৰদ। বৰ্ষটোত সৰ্বাধিক টেষ্ট ৰান সংগ্ৰহকাৰী গিলে ৮ খন টেষ্ট মেচৰ ১৫ ইনিংছত ৬৯.৯২ গড়ে ৯৭৯ ৰান সংগ্ৰহ কৰিছে।

সফল বৰ্ষ

একেদৰে এদিনীয়াত ১১খন মেচত ৪৯ গড়ে ৪৯০ ৰান সংগ্ৰহ কৰিছে গিলে। টি-২০ত বিশেষ সফল নহ’লেও ১২টা ইনিংছত ২৫৯ ৰান সংগ্ৰহ কৰিছে। বৰ্ষটোত তেওঁৰ মুঠ শতকৰ সংখ্যা ৭টা।

সীমিত অভাৰত

এই বছৰটোত শুভমন গিলে এইদৰে মুঠ ১৭২৮ ৰান সংগ্ৰহ কৰিছে। এইদৰে গিলে বৰ্ষটোত ২০০০ আন্তঃৰাষ্ট্ৰীয় ৰান সম্পূৰ্ণ কৰাৰ কাষ চাপিছে। ইয়াৰ বাবে গিলক লাগে মাত্ৰ ২৭২ ৰান।

মুঠ ৰান

এইপৰ্যন্ত গিলে বছৰটোত এবাৰো ডাকত, অৰ্থাৎ কোনো ৰান সংগ্ৰহ নকৰাকৈ আউট হোৱা নাই। আগন্তুক শৃংখলাতো ডাক অবিহনে ২৭২ ৰান কৰিলেই গিল হৈ পৰিব সফল।

নাই এটাও ডাক

ইয়াৰ পূৰ্বে কোহলীয়ে ২০১৬ত ডাক অবিহনে ২৫৯৫ ৰান, শচীনে ১৯৯৮ত ডাক অবিহনে ২৫৪১ ৰান আৰু দ্ৰাবিড়ে ২০০২ত ডাক অবিহনে ২২৭০ ৰান সংগ্ৰহ কৰিছিল।

কৃতিত্ব

পঢ়িবলৈ ক্লিক কৰক 

এই ৫ বিধ বস্তুৰ লগত কেতিয়াও নাখাব কণী!