13 NOV 2025
Photos Credit: Getty, Unsplash, AI
TV9 ASSAM
স্বপ্ন শাস্ত্ৰই কয় যে, সপোনে জীৱনৰ ডাঙৰ পৰিৱৰ্তনৰ ইংগিত দিয়ে। সপোন শুভ বা অশুভ হ'ব পাৰে। স্বপ্ন শাস্ত্ৰই কোনবোৰ সপোন শুভ আৰু কোনবোৰ অশুভ সেই বিষয়ে ব্যাখ্যা কৰে।
সপোনত সাপ দেখাটো শুভ নে অশুভ? এই সপোনটোৱে কেনেধৰণৰ ইংগিত দিয়ে? এই কথা সপোন বিজ্ঞানত বিতংভাৱে ব্যাখ্যা কৰা হৈছে। আৰু জানো আহক।
স্বপ্ন শাস্ত্ৰৰ মতে কোনোবাই যদি সপোনত এযোৰ সাপ দেখা পায় তেন্তে সেয়া ঘৰখনত নতুন পৰিৱৰ্তনৰ লক্ষণ। এই সপোনেও এজন ব্যক্তিৰ ইচ্ছা পূৰণৰ ইংগিত দিয়ে।
সপোনত ৰঙীন বা সেউজীয়া সাপ দেখাটো অতি শুভ বুলি গণ্য কৰা হয়। এনে সপোনে জীৱনত সুখৰ আগমনৰ ইংগিত দিয়ে আৰু আৰ্থিক লাভৰ কথাও কঢ়িয়াই আনিব পাৰে।
কোনোবাই যদি সপোনত নিজকে সাপ মাৰি থকা দেখিছে, তেন্তে এই সপোনক শুভ বুলি গণ্য কৰা হয়। এই সপোনটোৱে ইংগিত দিয়ে যে এজন ব্যক্তিৰ জীৱনত থকা বাধাবোৰ দূৰ হ’বলৈ ওলাইছে।
সপোনত ক’লা সাপ দেখাটো অশুভ বুলি গণ্য কৰা হয়। জীৱনৰ আৰ্থিক অসুবিধাৰ ইংগিত দিয়ে। ইয়াৰ পৰাও বুজা যায় যে ব্যক্তিজন কোনো ধৰণৰ বেমাৰত ভুগিব পাৰে।
স্বপ্ন শাস্ত্ৰৰ মতে সপোনত বহুতো সাপ একেলগে দেখাটোও অশুভ বুলি গণ্য কৰা হয়। এই সপোনটোৱে জীৱনৰ বহু সমস্যাৰ আগমনৰ ইংগিত দিয়ে।
চাবলৈ ক্লিক কৰক