Magh Bihu Uruka 2026 Wish: এনেদৰে আপোনজনলৈ প্ৰেৰণ কৰক হেঁপাহৰ উৰুকাৰ শুভেচ্ছা…

Uruka Wishes 2026: মাজত মাত্ৰ কেইটামান দিন বাকী। কিছুদিন পাছতেই সকলোৱে পালন কৰিব হেঁপাহৰ ভোগালীৰ উৰুকা। এই নিশা সকলোৱে মিলি এসাঁজ ভালদৰে খায়। ভোগালী মানেই ভোগ আৰু ভোগ মানেই যেন উৰুকা।

Magh Bihu Uruka 2026 Wish: এনেদৰে আপোনজনলৈ প্ৰেৰণ কৰক হেঁপাহৰ উৰুকাৰ শুভেচ্ছা...

উৰুকাৰ শুভেচ্ছা

Published: 

07 Jan 2026 | 09:53 PM

মাজত মাত্ৰ কেইটামান দিন বাকী। আহিছে আছে হেঁপাহৰ মাঘ বিহু (Magh Bihu 2026)। পথাৰৰ ধান চপোৱাৰ পাছত এই সময়চোৱাত প্ৰায় সকলোৰে ভঁৰাল ভৰি থাকে। খাবলৈ সকলোৰে ওচৰত দুমুঠি থাকে। যাৰ বাবে এই বিহুক ভোগালী বিহু বুলিও কোৱা হয়। ভোগালী মানে ভোগ, ভোগালী মানে আনন্দ। এই বিহুৰ এক গুৰুত্বপূৰ্ণ অংশ উৰুকা (Uruka)। অহা ১৩ জানুৱাৰীত সমূহ অসমীয়াই পালন কৰিব ভোগালীৰ উৰুকা। এই নিশা সমূহ অসমীয়া লগে ভাগে মাছে মঙহে এসাঁজ খায়।

উৰুকাক লৈ সকলোৰে নিজা নিজা প্ৰস্তুতি। ঠাইভেদে উৰুকাৰ পৰম্পৰা বেলেগ বেলেগ। এই দিনটোত বিভিন্নজনে আত্মীয়ক উৰুকাৰ শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰে। গতিকে আপুনিও তলত দিয়া ধৰণে উৰুকাৰ শুভেচ্ছা জনাব পাৰে-

  1. বহাগতে আমাৰে আই মহুৰা হৈ ঘূৰে, মাঘত সোণৰ হাতেৰে লখিমী আদৰে। উৰুকাৰ শুভেচ্ছা।
  2. আপোনাক আৰু আপোনাৰ পৰিয়ালৈ উৰুকাৰ বহুত বহুত শুভেচ্ছা।
  3. উৰুকাৰ জুইৰ উত্তাপে প্ৰোজ্বল কৰি তোলক অসমীয়াৰ জাতীয় জীৱন।
  4. উৰুকা মানে একতা, উৰুকা মানে ভোগ। উৰুকাৰ বহুত বহুত শুভেচ্ছা।
  5. আজি হেঁপাহৰ উৰুকা। লগে ভাগে খোৱাৰ দিন। আপোনালৈ উৰুকাৰ শুভেচ্ছা থাকিল।
  6. উৰুকাৰ প্ৰীতি ভোজনে আত্মীয় তথা আপোনজনৰ সৈতে সম্পৰ্ক আৰু শক্তিশালী কৰি তোলক। তাৰেই কামনা। উৰুকাৰ বহুত শুভেচ্ছা।
  7. আজি উৰুকা। আশা কৰো এই প্ৰীতি ভোজে আমাৰ মাজৰ সম্পৰ্কৰ এনাজৰী আৰু অধিক শক্তিশালী কৰি তোলক।
  8. উৰুকাৰ এই দিনটো সকলোৰে বাবে হৈ উঠক আনন্দ আৰু ভোগৰ দিন। উৰুকাৰ বহুত বহুত শুভেচ্ছা।
  9. ভোগালী মানে ভোগ, ভোগ মানে উৰুকা। আশা কৰো উৰুকাৰ প্ৰীতি ভোজনে সকলোৰে জীৱনলৈ কঢ়িয়াই আনক সুখ-শান্তি আৰু সমৃদ্ধি।
  10. উৰুকাৰ ওলগ যাঁচিলো। আশা কৰো প্ৰতিটো উৰুকাই হওক সুন্দৰ আৰু আনন্দৰ।
  11. লগে ভাগে এসাঁজ খোৱাৰ আনন্দই সুদৃঢ় কৰক সমাজৰ একতা, সদায় জিলিকাই ৰাখক সাতামপুৰুষীয়া পৰম্পৰা।
  12. উৰুকাৰ এই ক্ষণতে ভোগালীৰ শুভেচ্ছা। আশা কৰো এই প্ৰীতি ভোজে সাতামপুৰুষীয়া পৰম্পৰা অটুত ৰাখক।

 

অন্য খবৰ পঢ়কঃ উৰুকা কেতিয়া? জানক এই দিনটোৰ ইতিহাস, পৰম্পৰা আদি সকলো…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...