Uruka 2026: উৰুকা কেতিয়া? জানক এই দিনটোৰ ইতিহাস, পৰম্পৰা আদি সকলো…
Uruka 2026 Date: মাজত মাত্ৰ কেইটামান দিন বাকী। অসমীয়াই প্ৰস্তুতি চলাইছে হেঁপাহৰ মাঘ বিহুক আদৰাৰ। এই বিহুটিত উৰুকাৰ বিশেষ মহত্ব আছে। পিছে এইবাৰ উৰুকা কেতিয়া?
মাজত মাত্ৰ কেইটামান দিন বাকী। ইংৰাজী নতুন বছৰটিক আদৰাৰ পাছতে এইবাৰ সকলোৱে প্ৰস্তুতি চলাইছে হেঁপাহৰ ভোগালী বিহুক (Bhogali Bihu 2026) আদৰাৰ। আঘোণ, পুহ মাহত কৃষকে শস্য চপাই ভঁৰাল ভৰাই থয়। এই সময়ত প্ৰায় প্ৰতিটো পৰিয়ালৰ ওচৰত দুমুঠি খাবলৈ থাকে। যাৰ বাবে এই বিহুক মাঘ বিহু (Magh Bihu) বা ভোগালী বিহু বুলি কোৱা হয়। পুহ- মাহৰ সংক্ৰান্তিৰ দিনা পালন কৰা হয় মাঘ বিহু। এই বিহুক লৈ সকলোৰে নিজা নিজা প্ৰস্তুতি। গাভৰুসকলে পিঠা পনা বনাই, ডেকাসকলে মেজি সাজে। মুঠতে ভোগালী মানে ভোগ আৰু আনন্দ।
বিহু বা উৰুকা (Uruka) ক লৈ বছৰ বছৰ ধৰি কিছুমান পৰম্পৰা প্ৰচলিত হৈ আহিছে। কিছুমান আজিৰ সমাজত আজিও আছে আৰু কিছুমান সময়ৰ সোঁতত বিলীন হৈছে। উৰুকাৰ নিশা সকলোৱে লগে ভাগে এসাঁজ খায়। তাৰ পাছদিনা ডেকাহঁতে সজা মেজি জ্বলাই দিয়ে।
তাৰিখ
মাঘ বিহুৰ অন্যতম আকৰ্ষণ হৈছে উৰুকা আৰু মেজি। এইবাৰ ১৩ জানুৱাৰী, ২০২৫ (২৮ পুহ)ত উৰুকা পালন কৰা হ’ব। ইয়াৰ পাছদিনা ১৪ ফেব্ৰুৱাৰী (২৯ পুহ)ত মেজি জ্বলোৱা আৰু ১৫ ফেব্ৰুৱাৰী মাঘৰ ১ তাৰিখ। অতীজৰে পৰা বছৰ বছৰ ধৰি উৰুকা পালন কৰি অহা হৈছে।
উৰুকা আৰু পৰম্পৰা
প্ৰতি অসমীয়াই পালন কৰে উৰুকা। প্ৰতিটো বিহুৰ আছে নিজা নিজা বৈশিষ্ট্য। উৰুকাৰো আছে সুকীয়া মাদকতা। ঠাইভেদে উৰুকাৰ নিয়ম বেলেগ বেলেগ হ’ব পাৰে। উৰুকাৰ নিশা সকলোৱে মিলি মেজিৰ ওচৰত ভেলাঘৰ সাজি বা ঘৰত লগে ভাগে এঁসাজ খায়। পৰম্পৰা অনুসৰি, উৰুকাৰ নিশা ভোজৰ বাবে মাছ অপৰিহাৰ্য। অসমৰ জলাশয়সমূহ মাছৰ বাবে উপযোগী। উৰুকাৰ দিনা বহুতে বিল, পুখুৰী, নদী আদিত মাছ মাৰিবলৈ যায়। কিছুমান গাঁৱত মাছ ধৰাৰ পৰম্পৰা আছে।
যিসকলৰ বাবে মাছ মৰা সম্ভৱ নহয় তেওঁলোকে বজাৰৰ পৰা ক্ৰয় কৰি আনে। উৰুকাৰ দিয়া পুৱাৰে পৰা বজাৰ বিভিন্ন ধৰণৰ শাক-পাচলি, মাছ-মাংস আদিৰে ভৰি পৰে। তাৰ পাছত নিশা মাছে-মঙহে সকলোৱে মিলি এসাঁজ খায়। উৰুকা মানেই হৈছে ভোজভাত। কিছুমান ঠাইত উৰুকাৰ নিশা চুৰি কৰাৰ পৰম্পৰা আছে। এই নিশা ডেকাহঁতে মেজিৰ ওচৰত সজা ভেলাঘৰত কটায়। নিশা যেতিয়া গৃহস্থ অন্য কামত ব্যস্ত থাকে তেতিয়া ডেকাহঁতে বিভিন্নজনৰ খেতিৰ পৰা শাক-পাচলি আদি চুৰি কৰি আনে। এই সময়চোৱাত গঁঞাৰ খেতি-পথাৰ শাক-পাচলিৰে ভৰি থাকে। কিছুমানে আকৌ ঢেকি, জেওৰা আদি চুৰি কৰে। এনে কৰিলে গৃহস্থই বেয়াও নাপায়।
পাছদিনা পুৱতি নিশা প্ৰথমে ভেলাঘৰ আৰু পাছত সকলোৱে মিলি মেজি জ্বলায়। মেজিৰ জুই জ্বলাই গোৱা হয় “পুহ গ’ল মাঘ হ’ল, আমাৰ মেজি জ্বলি গ’ল।” মেজিৰ তলত আশীৰ্বাদ ল’লে ব্যক্তিৰ মনৰ আকাংক্ষা পূৰণ হয় বুলি জনবিশ্বাস আছে। এই দিনটোত বিভিন্নজনে নিজৰ বাৰীৰ লাগনি (নাৰিকল, তামোল, বেল, শিলিখা ইত্যাদি) গছবোৰ নৰা বা ধানখেৰেৰে বন্ধাটো একপ্ৰকাৰৰ নিয়ম। কিছুমানে আকৌ গছবোৰত টাঙোনেৰে কোবায়। কোৱা হয় এনে কৰিলে গছৰ শ্ৰীবৃদ্ধি হয়। মুঠতে ঠাইভেদে উৰুকাৰ পৰম্পৰা বেলেগ বেলেগ।
অন্য খবৰ পঢ়কঃ উৰুকা আৰু পৰম্পৰা, মাঘৰ বিহুলৈ মাজত মাত্ৰ কেইটামান দিন…