আজি ২০২৫ বৰ্ষৰ শেষৰটো দেওবাৰ, নৱবৰ্ষলৈ মাজত মাত্ৰ কেইটামান দিন
দুৱাৰদলিত ৰৈ আছে ইংৰাজী নতুন বছৰ ২০২৬। নতুন বছৰ মানেই যেন নতুন আশা, নতুন মানেই আৰম্ভণি, নতুন মানেই সম্ভাৱনা। আজি ২০২৫ বৰ্ষৰ অন্তিমটো দেওবাৰ।

সময় নিজ গতিৰে গৈ থাকে। ২০২৬ বৰ্ষটো প্ৰায় আহি পাইছে আৰু নতুন বছৰৰ উৎসাহ ইতিমধ্যে সকলোৱে অনুভৱ কৰিবলৈ লৈছে। এতিয়া সকলোৱে নতুন বছৰটোত কেনেদৰে ভালদৰে উদযাপন কৰিব পাৰে তাৰ পৰিকল্পনা কৰিছে। ২০২৬ চনে যেন জীৱনত বহুত সুখ কঢ়িয়াই আনে। নৱবৰ্ষ সমগ্ৰ বিশ্বতে উদযাপন হয়।
আজি ২০২৫ বৰ্ষৰ অন্তিমটো দেওবাৰ। দুৱাৰদলিত ৰৈ আছে ইংৰাজী নতুন বছৰ ২০২৬। নতুন বছৰ মানেই যেন নতুন আশা, নতুন মানেই আৰম্ভণি, নতুন মানেই সম্ভাৱনা। পুৰণিক বিদায় দিয়াৰ পূৰ্বে সকলোৱে আনন্দ কৰিছে, কোনোৱে বনভোজ খাইছে আন কোনোৱে পৰিয়ালৰ লগতে থাকি সময় কটাইছে। বছৰৰ শেষ দিনকেইটাত এতিয়া ৰাজ্যৰ বনভোজস্থলীত বনভোজকাৰীৰ ভিৰ দেখা গৈছে।
ৰণি বছৰৰ স্মৃতিবোৰ ৰক্ষা কৰি নতুন কৃতিত্বৰ দিশত আগবাঢ়ি যোৱাৰ এই সময়। সকলোৱে সুখ আৰু ইতিবাচকতাৰে নতুন বছৰটো আৰম্ভ কৰিব বিচাৰে। এই সময়ত পৰিয়াল, বন্ধু-বান্ধৱী আৰু ঘনিষ্ঠসকলক শুভেচ্ছা দিয়া হয়, যাতে আমি তেওঁলোকৰ জীৱনত এক ইতিবাচক আৰু সুখৰ বাৰ্তা প্ৰেৰণ কৰিব পাৰো। সকলোৱে নিজৰ বিশেষ আৰু মৰমৰ মানুহখিনিলৈ বহু অভিনন্দন জ্ঞাপন কৰে। মাত্ৰ ৩ দিন পিছত আমি খোজ দিম আন এটা নতুন বৰ্ষ ২০২৬ ত।
২০২৬ চনৰ পহিলা জানুৱাৰী বৃহস্পতিবাৰে পৰিছে, যাৰ বাবে এইটোৱেই চলিত বৰ্ষৰ শেষৰটো দেওবাৰ। টাইম এণ্ড ডেট (Time and Date) কেলেণ্ডাৰ অনুসৰি আজিৰ দিনটোৱেই ২০২৫ চনৰ বিদায়কালীন দেওবাৰ।