স্বাস্থ্য ভালে ৰাখিবলৈ শীতকালত খাওক এইবোৰ শাক-পাচলি

13  NOV 2025

Photos Credit: Getty, Unsplash

TV9 ASSAM

গ্ৰীষ্ম প্ৰায় শেষ হ’ল, শীত আহিল। ইয়াৰ ফলত মানুহৰ জীৱনশৈলী সম্পূৰ্ণৰূপে সলনি হৈছে। মানুহে গৰম খাদ্য নিজৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিছে।

শীতৰ আৰম্ভণি

আজি আমি আপোনালোকক ক’ম কিছুমান শাক-পাচলিৰ বিষয়ে যিবোৰ শীতকালীন খাদ্যত অন্তৰ্ভুক্ত হ’লে আপোনাৰ স্বাস্থ্যৰ উন্নতি সাধন কৰিব পাৰে।

শাক-পাচলি

শীতকালত প্ৰতিদিনে গাজৰ খালে চকুৰ দৃষ্টিশক্তি বৃদ্ধি পায়। কাৰণ ইয়াত ভিটামিন এ থাকে, যিয়ে চকুক সুস্থ কৰি ৰখাত সহায় কৰে।

গাজৰ

শীতকালত পালেং খাব লাগে। ইয়াত আইৰণ, কেলচিয়াম, মেগনেছিয়াম, পটাছিয়াম, ভিটামিন এ, ভিটামিন চি, ভিটামিন কে, আৰু এন্টিঅক্সিডেন্ট আদি পুষ্টিকৰ উপাদান থাকে।

পালেং

শীতকালত দৈনিক বীট খালে ৰক্তহীনতা দূৰ কৰাত সহায়ক হয়। ইয়াত প্ৰচুৰ পৰিমাণে আইৰণ, পটাছিয়াম, নাইট্ৰেট, এন্টিঅক্সিডেন্ট, আৰু এন্টি-ইনফ্লেমেটৰী গুণ থাকে।

বীট

মেথি শাক অলপ তিতা যদিও ইয়াত পুষ্টিকৰ উপাদানৰে ভৰপূৰ। ইয়াত আঁহ, প্ৰটিন, আইৰণ, মেগনেছিয়াম, ভিটামিন বি ৬, আৰু এন্টিঅক্সিডেন্ট আদি বহুতো পুষ্টিকৰ উপাদান থাকে, যিয়ে আপোনাক শীতকালত সুস্থ কৰি ৰাখে।

মেথি 

চালগোমত ভিটামিন চি, ভিটামিন কে, ফ’লেট, ফাইবাৰ, পটাছিয়াম, কেলচিয়াম, মেগনেছিয়াম, মেংগানিজ, তাম, আৰু এন্টিঅক্সিডেন্ট থাকে। এই পুষ্টিকৰ উপাদানসমূহে আপোনাক সুস্থ কৰি ৰখাত সহায় কৰে।

চালগোম

কলৰ সৈতে জালুক মিহলাই খালে কি হ’ব?

চাবলৈ ক্লিক কৰক