শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

চাইনাছৰ সমস্যাত কেনে হ’ব লাগে খাদ্যাভ্যাস? চাওক বিশেষজ্ঞই কি কয়

চিকিৎসকৰ পৰামৰ্শ মানি কিছুমান ঔষধৰ দ্বাৰা চাইনাছৰ সমস্যা নিয়ন্ত্ৰণ কৰিব পাৰি। কিন্তু ইয়াৰ সমান্তৰালকৈ চাইনাছৰ সমস্যাৰ পৰা উপশম লাভ কৰিবলৈ কিছুমান দিশত বিশেষ যত্ন লোৱাৰ লগতে খাদ্যাভ্যাস সলনি কৰাৰো প্ৰয়োজন আছে।

চাইনাছৰ সমস্যাত কেনে হ’ব লাগে খাদ্যাভ্যাস? চাওক বিশেষজ্ঞই কি কয়
প্ৰতিনিধিত্বমূলক ছবিImage Credit source: BSIP/UIG Via Getty Images
monjit-dutta
Monjit Dutta | Published: 18 Aug 2025 14:00 PM

চাইনাছৰ সমস্যা বৰ্তমান সময়ত বহুলোকৰ ক্ষেত্ৰত দেখা যায় এই সমস্যাৰ ফলত মূৰৰ বিষ, নাক বন্ধ হোৱা আৰু শ্লেষ্মা বা কফ আদি লক্ষণ দেখা যায়। বহু কাৰণত চাইনাছৰ সমস্যা হ’ব পাৰে, ইয়াৰে আটাইতকৈ সাধাৰণ কাৰণ হ’ল শীতকালত চাইনাছ ফুলা। ইয়াৰ বাহিৰেও ধূলিৰ এলাৰ্জী আৰু কিছুমান বস্তুৰ বাবেও চাইনাছ হ’ব পাৰে। ইয়াৰ উপৰিও নাকৰ ভিতৰত মাংস বৃদ্ধি আৰু নাকৰ হাড় বেঁকা হোৱাও চাইনাছৰ অন্যতম কাৰণ। চিকিৎসকৰ পৰামৰ্শ মানি কিছুমান ঔষধৰ দ্বাৰা চাইনাছৰ সমস্যা নিয়ন্ত্ৰণ কৰিব পাৰি।

কিন্তু ইয়াৰ সমান্তৰালকৈ চাইনাছৰ সমস্যাৰ পৰা উপশম লাভ কৰিবলৈ কিছুমান দিশত বিশেষ যত্ন লোৱাৰ লগতে খাদ্যাভ্যাস সলনি কৰাৰো প্ৰয়োজন আছে। বিশেষজ্ঞসকলে চাইনাছৰ সমস্যাত কোনবোৰ খাদ্য খাব লাগে আৰু কোনবোৰ খাব নালাগে, এই বিষয়ে মতামত আগবঢ়াইছে জানো আহক এই বিষয়ে

নয়ডাৰ মেক্স ছুপাৰ স্পেচিয়েলিটি হস্পিতালৰ ENT বিভাগৰ চিকিৎসক ডাঃ সিদ্ধাৰ্থ এছ শ্ৰীবাস্তৱে কয় যে চাইনাছ হৈছে এক সাধাৰণ সমস্যা য’ত মানুহে নাক, চকু আৰু কপালৰ চাৰিওফালে বিষ আৰু চাপ অনুভৱ কৰে। চাইনাছৰ লক্ষণ আৰু সমস্যা কম কৰিবলৈ খাদ্যাভ্যাসৰ প্ৰতিও গুৰুত্ব দিয়াটো অতি প্ৰয়োজনীয়।

যদি কোনো লোকে চাইনাছৰ সমস্যাত ভুগি আছে, তেওঁলোকে খাদ্য তালিকাত ভিটামিন চি সমৃদ্ধ খাদ্য অন্তৰ্ভুক্ত কৰিব লাগে বুলি তেওঁ মত প্ৰকাশ কৰিছে। ইয়াৰ ফলত চাইনাছৰ লক্ষণ নিয়ন্ত্ৰণত সহায়ক হয়। লগতে খাদ্যত মাছ, আখৰোটৰ দৰে ওমেগা ৩ ফেটি এচিডযুক্ত খাদ্য অন্তৰ্ভুক্ত কৰিব। এই খাদ্যবস্তুসমূহে প্ৰদাহ কমোৱাত সহায় কৰে।

একেদৰে ব্ৰকলি, পালেং আৰু কবি আদি সেউজীয়া শাক-পাচলি খাব লাগে। ইয়াত এণ্টিঅক্সিডেণ্ট আৰু ভিটামিন চি থাকে, যি চাইনাছ নিয়ন্ত্ৰণত সহায় কৰে। ইয়াৰ লগতে এণ্টিঅক্সিডেণ্ট সমৃদ্ধ গ্ৰীণ টিও এইক্ষেত্ৰত যথেষ্ট উপকাৰী। গতিকে এইসমূহ খাদ্যবস্তুৱে চাইনাছ নিয়ন্ত্ৰণত আপোনাক সহায় কৰিব

বিশেষজ্ঞগৰাকীয়ে লগতে কয় যে গাখীৰ আৰু ইয়াৰ পৰা উৎপাদিত সামগ্ৰী যেনে দৈ, পনিৰ, ঘিউ, মাখন, লাচী আদি সেৱন কৰিলে চাইনাছৰ লক্ষণ বৃদ্ধি পাব পাৰে। জাংক ফুড আৰু ফ্ৰাইড ফুড পৰিহাৰ কৰিবলৈ তেওঁ পৰামৰ্শ আগবঢ়ায়। ঠাণ্ডা বস্তু সেৱন কৰিলে চাইনাছৰ লক্ষণ বৃদ্ধি পাব পাৰে। পাস্তা, ছডাৰ দৰে ৰিফাইন কাৰ্বহাইড্ৰেটে চাইনাছৰ সমস্যা বৃদ্ধি কৰিব পাৰে। গতিকে এইবোৰ খোৱাৰ পৰা বিৰত থাকক।

যদি আপুনি ধূলি, ধোঁৱা বা আন যিকোনো বস্তুৰ প্ৰতি এলাৰ্জী আছে, তেতিয়া এনে পৰিৱেশৰ পৰা আঁতৰি থাকিব লাগে এনে পৰিৱেশে আপোনাৰ চাইনাছৰ সমস্যা বৃদ্ধি কৰিব পাৰে ঋতু পৰিবৰ্তন আৰু শীতকালত চাইনাছৰ সমস্যা থকা লোকসকলে অধিক সাৱধানতা অৱলম্বন কৰাটো গুৰুত্বপূৰ্ণ। যদি আপুনি অধিক বিষ বা সমস্যাত ভুগিছে, তেতিয়া স্বাভাৱিকতে বিশেষজ্ঞৰ পৰামৰ্শ লোৱা উচিত