শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

বাৰিষাৰ বতৰত শৰীৰৰ পৰা দুৰ্গন্ধ ওলাই নেকি? এইদৰে সকাহ পাব পাৰে….

Body Odor: বাৰিষাৰ সময়ত বতৰ আৰ্দ্ৰ হৈ পৰে। ফলত শৰীৰত অধিক ঘাম ওলায় আৰু ঘামৰ লগত মিহলি হোৱা বেক্টেৰিয়াই বেয়া দুৰ্গন্ধৰ সৃষ্টি কৰে। বিশেষকৈ কৰ্মস্থলী, স্কুল, কলেজ বা ভিৰ কৰা ঠাইলৈ গ’লে ঘামৰ বেয়া গোন্ধই আনৰ অস্বস্তিৰ সৃষ্টি কৰিব পাৰে। এই ক্ষেত্ৰত দুই এটা ঘৰুৱা সাধাৰণ নিয়ম মানি চলিলে বাৰিষাৰ সময়তো সতেজ হৈ থকাটো সম্ভৱ।

বাৰিষাৰ বতৰত শৰীৰৰ পৰা দুৰ্গন্ধ ওলাই নেকি? এইদৰে সকাহ পাব পাৰে….
শৰীৰৰ দুৰ্গন্ধ
trishna-kalita
Trishna Kalita | Updated On: 18 Aug 2025 11:32 AM

বাৰিষাৰ সময়ত বতৰ আৰ্দ্ৰ হৈ পৰে। ফলত শৰীৰত অধিক ঘাম ওলায় আৰু ঘামৰ লগত মিহলি হোৱা বেক্টেৰিয়াই বেয়া দুৰ্গন্ধৰ সৃষ্টি কৰে। বিশেষকৈ কৰ্মস্থলী, স্কুল, কলেজ বা ভিৰ কৰা ঠাইলৈ গ’লে ঘামৰ বেয়া গোন্ধই আনৰ অস্বস্তিৰ সৃষ্টি কৰিব পাৰে। এই ক্ষেত্ৰত ঘৰুৱা দুই এটা সাধাৰণ নিয়ম মানি চলিলে বাৰিষাৰ সময়তো সতেজ হৈ থকাটো সম্ভৱ।

১) নিয়মিতভাৱে গা ধুব লাগে – বাৰিষাৰ সময়ত দিনটোত কমেও দুবাৰকৈ গা ধুব লাগে। শৰীৰ পৰিষ্কাৰ কৰি ৰাখিলে ঘামত জমা হোৱা ধূলি আৰু বীজাণু আঁতৰ হয়। গা ধোৱাৰ সময়ত এন্টিবেক্টেৰিয়েল চাবোন ব্যৱহাৰ কৰিলে বেক্টেৰিয়াৰ বৃদ্ধি হ্ৰাস পায়, যাৰ ফলত দুৰ্গন্ধ নিয়ন্ত্ৰণ হয়।

২) পাতল আৰু কপাহী কাপোৰ বাছি লওক – বাৰিষাৰ সময়ত নাইলন বা কৃত্ৰিম কাপোৰ পিন্ধিলে শৰীৰত ঘামৰ আৱদ্ধ হৈ পৰে, আৰু তাত বেক্টেৰিয়া দ্ৰুতগতিত বৃদ্ধি পায়। তাৰ পৰিৱৰ্তে পাতল, ঢিলা আৰু কপাহী কাপোৰ পিন্ধক। কপাহী কাপোৰেৰে বায়ু চলাচল কৰিব পাৰে আৰু ঘাম শুকুৱাত সহায় কৰে, যাৰ ফলত দুৰ্গন্ধ কম হয়।

৩) বাহুৰ তলৰ অংশ আৰু ভৰি পৰিষ্কাৰ কৰি ৰাখক – সাধাৰণতে বাহুৰ তলৰ অংশ, ডিঙি, পিঠি আৰু ভৰিৰ দৰে ঠাইত বেয়া দুৰ্গন্ধ বেছিকৈ দেখা যায়। প্ৰতিদিনে এই ঠাইবোৰ ভালদৰে পৰিষ্কাৰ কৰি শুকান কৰি ৰাখিব লাগে। প্ৰয়োজন হ’লে বেবী পাউদাৰ ব্যৱহাৰ কৰিব পাৰে, যাৰ ফলত ঘামৰ আৰ্দ্ৰতা কমি যায় আৰু দুৰ্গন্ধ ৰোধ হয়।

৪) ডিঅ’ডৰেণ্ট আৰু প্ৰাকৃতিক উপায় ব্যৱহাৰ কৰক – ডিঅ’ডৰেণ্ট বা এন্টিপাৰ্স্পিৰেণ্ট ব্যৱহাৰ কৰিলে ঘামৰ গোন্ধ বহু পৰিমাণে কমি যায়। কিন্তু ইচ্ছা কৰিলে দোকানৰ পৰা কিনা স্প্ৰেৰ সলনি কিছুমান ঘৰুৱা ঔষধো ব্যৱহাৰ কৰিব পাৰে। যেনে – বাহুৰ তলত নেমুৰ ৰস ঘঁহিলে বেক্টেৰিয়া কমি যায়। অলপ পানীৰ লগত মিহলাই ছালত ব্যৱহাৰ কৰিলে গোন্ধ নিয়ন্ত্ৰণ হয়। ঘামৰ ভাল গোন্ধ ওলাব পাৰে।

৫) পৰ্যাপ্ত পৰিমাণে পানী খাব লাগে – বৰষুণৰ বতৰত ঠাণ্ডা অনুভৱ হোৱাৰ বাবে বহুতে কম পানী খায়। কিন্তু শৰীৰত পানী কম হ’লে ঘামৰ ঘনত্ব বাঢ়ি যায় আৰু গোন্ধটো অধিক প্ৰবল হৈ পৰে। গতিকে দিনটোত কমেও ৮-১০ গিলাচ পানী খাব লাগে।

৬) খাদ্যাভ্যাসৰ প্ৰতি গুৰুত্ব দিয়ক – নহৰু, পিয়াঁজ, অত্যধিক মছলাযুক্ত বা জাংক ফুডে ঘামৰ গোন্ধ বৃদ্ধি কৰে। বাৰিষাৰ সময়ত যিমান পাৰি লঘু আৰু সহজে হজম হোৱা খাদ্য খাব লাগে। শাক-পাচলি, ফল-মূল, দৈয়ে শৰীৰক শীতল কৰি ৰাখে আৰু দুৰ্গন্ধ কমায়।

লগতে পঢ়ক: বাৰে বাৰে প্ৰস্ৰাৱ আহি থাকে নেকি? মূত্ৰনলীৰ সংক্ৰমণ নে আন কিবা, জানক…