প্ৰচণ্ড পেটৰ বিষ আৰু ভ্ৰম হোৱা…ই কি ৰোগৰ লক্ষণ? জানক মহিলাসকলে এই সমস্যাৰ পৰা কেনেকৈ মুক্তি পাব
Spasmodic dysmenorrhea and UTI: প্ৰস্ৰাৱৰ জ্বলা-পোৰা সমস্যা, মূত্ৰনলীৰ সংক্ৰমণ,আজিকালি খাদ্যভ্যাস আৰু ব্যস্ত জীৱনশৈলীৰ বাবে মহিলাসকলৰ বিভন্ন সমস্যাই দেখা দিয়ে। এইবোৰ সমস্যাই তেওঁলোকৰ স্বাভাৱিক জীৱনত বাধাৰ সৃষ্টি কৰে। আজি জানো আহক মহিলাসকলৰ হোৱা স্পাচমোডিক ডিছমেন’ৰিয়া আৰু UTI হ'লে কি হয়?
মাহেকীয়াৰ সময়ত প্ৰতিগৰাকী মহিলাৰ বিষ কম বেছি পৰিমাণে হোৱা দেখা যায়। এই বিষ কেতিয়া স্বাভাৱিকৰ পৰা বিপজ্জনকলৈ অৱস্থালৈ যাব পাৰে সেয়া নিৰ্ণয় কৰাটো কঠিন। কিন্তু যদি কোনো মহিলাই তীব্ৰ বিষ অনুভৱ কৰে তেন্তে প্ৰথমে তেওঁৰ জীৱনশৈলী আৰু খাদ্যাভ্যাসত কিছুমান পৰিৱৰ্তন কৰিব লাগে। ইয়াৰ ফলত তেওঁ মাহেকীয়াৰ বিষ কিছু পৰিমাণে নিয়ন্ত্ৰণ কৰাত সহায়ক হ’ব পাৰে।
স্পাচমোডিক ডিছমেন’ৰিয়া কি?
মাহেকীয়াৰ বিষ যথেষ্ঠ বৃদ্ধি পোৱাটো ডিছমেন’ৰিয়াৰ অৱস্থাৰ কাৰণ। কিন্তু এই তীব্ৰ বিষ সাধাৰণ পিৰিয়ডৰ বিষতকৈ যথেষ্ট পৃথক। ডিচমেন’ৰিয়াৰ প্ৰকাৰ বেলেগ বেলেগ থাকে। ডিছমেন’ৰিয়া সাধাৰণতে ঋতুস্ৰাৱ আৰম্ভ হোৱাৰ কেইবছৰমানৰ পিছত আৰম্ভ হয় আৰু প্ৰায়ে ডিম্বাশয়ৰ সংকোচনৰ লগত জড়িত হৰম’ন প্ৰষ্টাগ্লেণ্ডিনৰ মাত্ৰা বৃদ্ধিৰ ফলত হয়।অনুমান কৰা হৈছে যে প্ৰায় ৫০% মহিলাই কোনো ধৰণৰ ঋতুস্ৰাৱৰ বিষ অনুভৱ কৰে। এই সমস্যা হ’লে চিকিৎসকৰ পৰামৰ্শ লোৱাটো বা চিকিৎসাললৈ যোৱাটো প্ৰয়োজনীয় হৈ পৰে। প্ৰষ্টাগ্লেণ্ডিন নামৰ হৰম’নৰ উচ্চ মাত্ৰাৰ ফলত জৰায়ুৰ সংকোচন হয়, যাৰ ফলত বিষ হয়। ঋতুস্ৰাৱৰ সময়ত এই বিষ স্বাভাৱিক যদিও কিছুমান মহিলাৰ ক্ষেত্ৰত ই অতি তীব্ৰ হ’ব পাৰে। কিন্তু এই সময়ত যদি আপোনাৰ অন্য কোনো সংক্ৰমণ হয় তেন্তে ই ভয়ংকৰ ৰূপ ল’ব পাৰে।
স্পাচমোডিক ডিছমেন’ৰিয়া আৰু UTI ৰ সমস্যা
স্পাচমোডিক ডিছমেন’ৰিয়া আৰু ইউটিআই একেলগে হোৱাটো সম্ভৱ। কাৰণ দুয়োটাৰে তলৰ পেটৰ বিষ হয়, যাৰ ফলত বিভ্ৰান্তিৰ সৃষ্টি হ’ব পাৰে। যদি মাহেকীয়াৰ সময়ত এই দুয়োটা ৰোগ একেলগে হয় তেন্তে ভয়ংকৰ ৰূপ ধাৰণ কৰিব পাৰে। UTI বেক্টেৰিয়াৰ দ্বাৰা হোৱা সংক্ৰমণ, প্ৰায়ে (E. coli), প্ৰস্ৰাৱ নলীত প্ৰৱেশ কৰে। দুয়োটা অৱস্থাতে পেটৰ তলৰ অংশত বিষ হ’ব পাৰে, যাৰ ফলত এটাক আনটোৰ পৰা পৃথক কৰাটো কঠিন হৈ পৰে। ইউটিআইৰ আন লক্ষণসমূহ হ’ল সঘনাই প্ৰস্ৰাৱ কৰা, প্ৰস্ৰাৱ কৰাৰ সময়ত বিষ হোৱা, কঁকালৰ তলৰ অংশৰ বিষ।
স্পাচমোডিক ডিছমেন’ৰিয়া আৰু UTI একেলগে হ’লে কি কি হয়?
- অত্যাধিক তল পেটৰ বিষ
- পিঠিৰ বিষ
- শৰীৰটো কপি উঠা
- প্ৰস্ৰাৱ কৰাত সমস্যা
- ঘামি যোৱা
- চিন্তা বঢ়া
- অলপ সময়ৰ বাবে ব্ৰেইনে কাম নকৰা
- বমি হোৱা
- শৌচ অনুভৱ হোৱ
- বাৰে বাৰে প্ৰস্ৰাৱ লগা
কেনেকৈ ঠিক কৰিব
- চিকিৎসাললৈ যাব
- এন্টিবায়টিকৰ দ্বাৰা কৰা হয়।
- প্ৰচুৰ পৰিমাণে পানী সেৱন কৰিব লাগে, আৰু চিকিৎসকে পৰামৰ্শ দিলে ইবুপ্ৰ’ফেন বা নেপ্ৰ’ক্সেনৰ দৰে বিষনাশক ঔষধ খাব লাগে।
- পেট বা পিঠিৰ তলৰ অংশত হিটিং পেড বা গৰম পানীৰ বটল ব্যৱহাৰ কৰক।
- পেট আৰু কঁকালৰ তলৰ অংশত কোমল মালিচ কৰিলেও সকাহ পোৱা যায়।
(অস্বীকাৰ: এই বাতৰিৰ কিছু তথ্য সমাজিক মাধ্যমৰ বাতৰিৰ ওপৰত ভিত্তি কৰি দিয়া হৈছে। যিকোনো পৰামৰ্শ কাৰ্যকৰী কৰাৰ আগতে প্ৰাসংগিক বিশেষজ্ঞৰ পৰামৰ্শ লওক।)