ছালৰ সমস্যাত সকাহ দিয়ে পতঞ্জলিৰ এই ঔষধে, গৱেষণাত কৰা হৈছে দাবী
নিয়মিতভাৱে পতঞ্জলিৰ এই ঔষধ ব্যৱহাৰ কৰিলে ছালৰ সমস্যাত ভুগি থকাসকলে সকাহ লাভ কৰিব পাৰে বুলিও প্ৰতিবেদনত দাবী কৰা হৈছে। খজুৱতি, খৰ, ফোহা, এলাৰ্জী ইত্যাদি বিভিন্ন ৰোগৰ বাবে এই ঔষধ উপযোগী বুলি বিবেচিত হয়।

ছালৰ সমস্যা সাম্প্ৰতিক সময়ত বহু লোকৰ বাবে উদ্বেগৰ কাৰণ হৈ পৰিছে। এনে সমস্যাৰ পৰা সকাহ লাভৰ বাবে ভিন্ন সামগ্ৰী ব্যৱহাৰ কৰে এই লোকসকলে। পিছে প্ৰায় সময়তে সকাহৰ বিপৰীতে ব্যৰ্থতাৰহে সন্মুখীন হ’ব লগা হয়। ছালৰ সৈতে জড়িত সমস্যাৰ ক্ষেত্ৰত পতঞ্জলিৰ আয়ুৰ্বেদ আধাৰিত ঔষধ দিব্য ডাৰ্মগ্ৰিট (Divya Dermagrit) উপকাৰী হিচাপে বিবেচিত হৈছে। এই দাবী কৰিছে পতঞ্জলিৰ গৱেষণাই। পতঞ্জলিৰ এই গৱেষণাৰ মতে ছালৰ লগত জড়িত ৰোগৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ঔষধত আয়ুৰ্বেদিক বনৌষধিৰ মিশ্ৰণ থাকে।
নিয়মিতভাৱে দিব্য ডাৰ্মগ্ৰিট ব্যৱহাৰ কৰিলে ছালৰ সমস্যাত ভুগি থকাসকলে সকাহ লাভ কৰিব পাৰে বুলিও প্ৰতিবেদনত দাবী কৰা হৈছে। খজুৱতি, খৰ, ফোহা, এলাৰ্জী ইত্যাদি বিভিন্ন ৰোগৰ বাবে এই ঔষধ উপযোগী বুলি বিবেচিত হয়। অৱশ্যে ব্যৱহাৰ কৰাৰ পূৰ্বে বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰাটো অতি প্ৰয়োজনীয় বুলি কোৱা হৈছে।
পতঞ্জলিৰ গৱেষণা মতে দিব্য ডাৰ্মগ্ৰিট কেৱল ছালৰ বাবেই নহয়, শৰীৰৰ অন্যান্য সমস্যাৰ বাবেও উপকাৰী বুলি বিবেচিত হৈছে। এই ঔষধত থকা বনৌষধিসমূহে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে, ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষমতা শক্তিশালী কৰে। ইয়াৰ সেৱনে পাচনতন্ত্ৰতো ভাৰসাম্য ৰক্ষা কৰে আৰু কোষ্ঠকাঠিন্য তথা গেছৰ দৰে সমস্যাৰ পৰা সকাহ দিয়ে।
ইয়াৰ লগতে শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ নিৰ্মূল কৰাতো এই ঔষধে সহায় কৰে বুলি কোৱা হৈছে। নিয়মীয়াকৈ এই ঔষধ সেৱন কৰিলে ছালৰ ৰং উন্নত হয় আৰু সামগ্ৰিক স্বাস্থ্যৰ উন্নতি হয়। আয়ুৰ্বেদৰ দৃষ্টিকোণৰ পৰা এই ঔষধ সকলো বয়সৰ লোকৰ বাবে নিৰাপদ বুলি গণ্য কৰা হয় যদিও গুৰুতৰ স্বাস্থ্যজনিত সমস্যাৰ ক্ষেত্ৰত বিশেষজ্ঞৰ পৰামৰ্শ লোৱাটো প্ৰয়োজনীয়।
ছালৰ সমস্যাৰ বাবে Divya Dermagrit কিদৰে উপকাৰী?
দিব্য ডাৰ্মগ্ৰিটত কেইবাটাও আয়ুৰ্বেদিক উপাদান থাকে, যি ছালৰ সমস্যাত সহায় কৰে। মূল উপাদানসমূহৰ ভিতৰত আমলখি, গিলয়, বহেড়া, হালধি, মঞ্জিষ্ঠা, চিৰায়তা, কুটকী, আৰু ক’লা জীৰা আদি অন্যতম। এই উপাদানসমূহে ছালৰ প্ৰদাহ আৰু ফোহা আদি কমোৱাত সহায় কৰে আৰু ভিতৰৰ পৰা ছালৰ স্বাস্থ্যৰ উন্নতি সাধন কৰে।
আমলখি আৰু গিলয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে, হালধি আৰু মঞ্জিষ্ঠাই ছালখন বিশুদ্ধ আৰু পৰিষ্কাৰ কৰে, আনহাতে চিৰায়তা আৰু কুটকীয়ে পাচনতন্ত্ৰৰ উন্নতি কৰে। খাদ্য খোৱাৰ পূৰ্বে এই ঔষধৰ ১ বা ২ টা টেবলেট দিনে দুবাৰকৈ কুহুমীয়া পানীৰে খাব লাগে। দিব্য ডাৰ্মাগ্ৰিটৰ নিয়মিত ব্যৱহাৰে ক্ৰমান্বয়ে ছালৰ সমস্যাৰ উন্নতি সাধন কৰে আৰু ছালৰ প্ৰাকৃতিক স্বাস্থ্য বজাই ৰখাত সহায় কৰে।
মনত ৰাখিব এইসমূহ দিশৰ প্ৰতি–
ছালৰ গুৰুতৰ সমস্যাৰ বাবে বিশেষজ্ঞৰ পৰামৰ্শ লওক।
শিশু আৰু গৰ্ভৱতী মহিলাৰ বাবে চিকিৎসকৰ অনুমতিৰ প্ৰয়োজন।
নিৰ্ধাৰিত মাত্ৰাত এই ঔষধ গ্ৰহণ কৰিব লাগে।
ঔষধখিনি শুকান, ঠাণ্ডা ঠাইত ৰাখিব লাগে।
অন্য ঔষধৰ সৈতে ব্যৱহাৰ কৰাৰ পূৰ্বে চিকিৎসকৰ পৰামৰ্শ লওক।
বিশেষ দ্ৰষ্টব্যঃ TV9-এ এই ঔষধৰ সুফল নিশ্চিত কৰা নাই। এই ঔষধ ব্যৱহাৰ কৰাৰ পূৰ্বে চিকিৎসকৰ পৰামৰ্শ লওক।