দৰ্শনাৰ্থীৰ বাবে বান্ধি দিয়া হ’ল সময়সীমা, এই সময়ৰ ভিতৰতহে দৰ্শন কৰিব পাৰিব ‘জুবিনক্ষেত্ৰ’
জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়াৰ পিছৰ পৰা প্ৰতিদিনেই সোণাপুৰৰ কমাৰকুছিৰ হাতীমুৰাত থকা সমাধিস্থলীত অলেখ লোকৰ সমাগম হোৱা দেখিবলৈ পোৱা গৈছে। শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদনৰ উদ্দেশ্যে দিনে-নিশাই সমাধিস্থলীত থাকে সাধাৰণ লোকৰ ভিৰ। পিছে এতিয়াৰ পৰা নিৰ্দিষ্ট সময়তহে জুবিনক্ষেত্ৰ দৰ্শন কৰিব পাৰিব গুণমুগ্ধই।

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অকাল মৃত্যুৰ ইতিমধ্যে এমাহ পাৰ হৈ গৈছে। পিছে এই অভাৱনীয় ক্ষতিৰ শোকৰ পৰা এইপৰ্যন্ত মুক্ত হ’ব পৰা নাই ৰাজ্যবাসী। প্ৰতিক্ষণতে প্ৰাণৰ শিল্পীগৰাকী নোহোৱা হোৱাৰ দুখে দহিছে সকলোকে। এই ৰহস্যজনক মৃত্যুৰ সঠিক তদন্ত আৰু ন্যায়ৰ দাবীৰে সকলো লোকেই প্ৰতিবাদ সাব্যস্ত কৰিছে। হিয়াৰ আমঠু শিল্পীগৰাকীক বিদায় দিয়াৰ কথা যেন ভাবিবই পৰা নাই গুণমুগ্ধই। ইয়াৰ প্ৰমাণ সততে পৰিলক্ষিত হৈছে সোণাপুৰত থকা জুবিন গাৰ্গৰ সমাধিস্থলীত সদায়ে সমবেত হোৱা জনসমাগমৰ দ্বাৰা।
জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়াৰ পিছৰ পৰা প্ৰতিদিনেই সোণাপুৰৰ কমাৰকুছিৰ হাতীমুৰাত থকা সমাধিস্থলীত অলেখ লোকৰ সমাগম হোৱা দেখিবলৈ পোৱা গৈছে। শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদনৰ উদ্দেশ্যে দিনে-নিশাই সমাধিস্থলীত থাকে সাধাৰণ লোকৰ ভিৰ। পিছে এতিয়া দৰ্শনাৰ্থীসকলে মানি চলিব লাগিব কিছু কঠোৰ নিয়ম।
এতিয়াৰ পৰা নিৰ্দিষ্ট সময়তহে জুবিনক্ষেত্ৰ দৰ্শন কৰিব পাৰিব গুণমুগ্ধই। এইক্ষেত্ৰত প্ৰশাসনে বান্ধি দিছে নীতি-নিয়ম তথা সময়সীমা। সোণাপুৰৰ স্থানীয় জনসাধাৰণৰ সৈতে কামৰূপ জিলা প্ৰশাসনৰ আলোচনা মৰ্মে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ইতিমধ্যে প্ৰশাসনে এই সন্দৰ্ভত অধিসূচনা জাৰি কৰিছে।
এই অধিসূচনাত উল্লেখিত নিৰ্দেশনা অনুসৰি প্ৰতিদিনে পুৱা ৬ বজাৰ পৰা নিশা ১০ বজালৈ জুবিন গাৰ্গৰ সমাধিস্থলী দৰ্শনাৰ্থীৰ বাবে খোলা থাকিব। অৰ্থাৎ এতিয়া পৰা এই সময়সীমাৰ ভিতৰতহে প্ৰিয় শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনাব পাৰিব গুণমুগ্ধসকলে। নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত কোনো দৰ্শনাৰ্থীক প্ৰৱেশৰ অনুমতি দিয়া নহ’ব।

প্ৰশাসনৰ নিৰ্দেশনা
মদ্যপান বা আন কোনো ধৰণৰ নিচাজাতীয় দ্ৰৱ্য সেৱন কৰা ব্যক্তিক শ্মশানস্থলীৰ চৌহদত প্ৰৱেশ কৰিবলৈ দিয়া নহ’ব বুলি প্ৰশাসনে নিৰ্দেশনা জাৰি কৰিছে। লগতে চৌহদৰ ভিতৰতে লগতে শ্মশানস্থলীৰ সমীপত যিকোনো ধৰণৰ মাদক দ্ৰৱ্যৰ সেৱন তথা বিতৰণ কঠোৰভাৱে নিষিদ্ধ কৰা হৈছে। এই নিৰ্দেশাৱলী তাৎক্ষণিকভাৱে কাৰ্যকৰী হ’ব বুলিও উল্লেখ কৰি দিয়া হৈছে জাননীখনত।