নেলী কাণ্ডক লৈ ডাঙৰ পদক্ষেপ অসম চৰকাৰৰ, কেবিনেট বৈঠকত গ্ৰহণ কৰা হ’ল এনে সিদ্ধান্ত
সংবাদমেলত মুখ্যমন্ত্ৰীগৰাকীয়ে আজিৰ কেবিনেট বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তসমূহৰ বিষয়ে সদৰী কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰী কৰা অনুসৰি আজিৰ কেবিনেটে অসমৰ ইতিহাসৰ এক ক’লা অধ্যায় হিচাপে পৰিগণিত হোৱা নেলী কাণ্ড সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে।

আজি অনুষ্ঠিত হয় অসম চৰকাৰৰ কেবিনেট বৈঠক। এই বৈঠকত আজি অসম কেবিনেটে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। বৈঠকৰ পিছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক সংবাদমেল সম্বোধন কৰে। এই সংবাদমেলত মুখ্যমন্ত্ৰীগৰাকীয়ে আজিৰ কেবিনেট বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তসমূহৰ বিষয়ে সদৰী কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰী কৰা অনুসৰি আজিৰ কেবিনেটে অসমৰ ইতিহাসৰ এক ক’লা অধ্যায় হিচাপে পৰিগণিত হোৱা নেলী কাণ্ড সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰা মতে ১৯৮৩ চনত নেলীত সংঘটিত হোৱা নৰসংহাৰ সন্দৰ্ভত তদানীন্তন ৰাজ্য চৰকাৰে গঠন কৰা তিৱাৰী আয়োগৰ প্ৰতিবেদন বিধানসভাত দাখিল কৰা হ’ব। এই তিৱাৰী আয়োগৰ প্ৰতিবেদন আজিপৰ্যন্ত বিধানভাৰ মজিয়াত প্ৰকাশ কৰা হোৱা নাছিল।
এতিয়া নেলী কাণ্ড সন্দৰ্ভত তিৱাৰী আয়োগৰ এই প্ৰতিবেদন অহা ২৫ নৱেম্বৰৰ পৰা হ’বলগা বিধানসভাৰ অধিৱেশনত দাখিল কৰিবলৈ কেবিনেটে অনুমোদন জনাইছে। অৰ্থাৎ নেলী কাণ্ডৰ সুদীৰ্ঘ ৪২ বছৰৰ পিছত এতিয়া প্ৰথমবাৰলৈ পোহৰলৈ আহিব তিৱাৰী আয়োগৰ প্ৰতিবেদন। ইয়াৰ লগতে আজিৰ কেবিনেটে আন কেইটামান সিদ্ধান্তও গ্ৰহণ কৰিছে।
শিক্ষকৰ বদলিৰ ক্ষেত্রতো কেবিনেটে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্রহণ কৰিছে। সেই অনুসাৰে এতিয়া শিক্ষয়িত্রীসকলে বৰ্তমানলৈকে প্ৰৱৰ্তিত নিয়ম অনুসৰি ১০ বছৰত বদলিৰ আবেদন কৰিব পাৰে যদিও এতিয়া ৫ বছৰতে আবেদন কৰিব পাৰিব। আনহাতে শিক্ষকসকলৰ ক্ষেত্ৰত এই সীমা ৭ বছৰ নিৰ্ধাৰণ কৰা হৈছে।
সমান্তৰালকৈ আজিৰ কেবিনেটে বিশেষ নিযুক্তি অভিযানৰ জৰিয়তে সমগ্র শিক্ষা অভিযান, অসমৰ অধীনত কৰ্মৰত শিক্ষকসকলৰ চৰকাৰী চাকৰিত নিয়মীয়াকৰণৰ সীমা পূৰ্বৰ ৫ বছৰৰ পৰা ৩ বছৰলৈ হ্রাস কৰে। ইয়াৰ ফলত সমগ্র শিক্ষা অভিযান, অসমৰ অধীনত কৰ্মৰত প্রায় ৩ হাজাৰ শিক্ষক উপকৃত হ’ব বুলি কোৱা হৈছে।
আজি কেবিনেটে লগতে অসম প্রাথমিক আৰু মাধ্যমিক বিদ্যালয় শিক্ষক (নিযুক্তি আৰু বদলি নিয়ন্ত্রণ) (সংশোধন) বিধেয়ক, ২০২৫ৰ সংশোধনীত অনুমোদন জনাইছে। এই বিধেয়ক অসম বিধান সভাত উত্থাপন কৰা হ’ব। এই সংশোধনীৰ দ্বাৰা এছ এছ এব অধীনত ১২,০০০ ঠিকাভিত্তিক শিক্ষকক নিয়মীয়াকৰণৰ বাবে আবেদনৰ অনুমতি প্রদান কৰা হ’ব।
কেবিনেটে লগতে জনজাতি, চাহ জনগোষ্ঠী, মৰাণ আৰু মটকসকলক জনসংখ্যা নীতিৰ আওতাৰ পৰা বাহিৰত ৰখাৰো সিদ্ধান্ত গ্ৰহণ কৰিছে। চাহ জনগোষ্ঠীয় লোকসকলক ভূমি পট্টা প্ৰদান সন্দৰ্ভতো কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিছে। কেবিনেটৰ সিদ্ধান্ত মৰ্মে চাহ জনগোষ্ঠীৰ ৪ লাখ পৰিয়ালৰ মাজত ২.৯০ লাখ বিঘা ভূমি বিতৰণ কৰা হ’ব।
অহা ২৫ অক্টোবৰত এই সন্দৰ্ভত জিলা উপায়ুক্ত আৰু বিধায়কৰ মাজত এক বৈঠক অনুষ্ঠিত হ’ব। এই বৈঠকত পৰিয়াল অনুসাৰে আবণ্টিত ভূমিৰ পৰিমাণ সন্দৰ্ভত সিদ্ধান্ত লোৱা হ’ব বুলি প্ৰকাশ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সমান্তৰালকৈ কেবিনেটে খিলঞ্জীয়া ভূমিহীন পৰিয়ালক ভূমি আবণ্টনৰ হেতু মিছন বসুন্ধৰা ২.০ৰ অধীনত ২২৪ আবেদনৰ পৰ্যালোচনা কৰাৰ বাবে অনুমোদন জনাইছে।
ইফালে আছাম পেট্র’কেমিকেলছ লিমিটেডৰ দৈনিক ৫০০ টন সামৰ্থৰ মিথানল প্রকল্প আৰু ২০০ টন সামৰ্থৰ ফর্মেলিন প্রকল্পৰ ব্যয় ১৭০৯.১৮ কোটি টকাৰ পৰা ২২৬৭.২২ কোটি টকালৈ হোৱা বৃদ্ধিত কেবিনেটে অনুমোদন জনোৱাৰ লগতে চৰকাৰে আদায় দিবলগা অতিৰিক্ত ‘ইকুইটি’ প্রদানতো অনুমোদন জনায়।
ৰাজ্যজুৰি পুনৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীক লৈ আন্দোলন গঢ়ি উঠাৰ সময়তে আজি কেবিনেটে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে। মটক স্বায়ত্তশাসিত পৰিষদ (সংশোধন) অধ্যাদেশ, ২০২৫ আৰু মৰাণ স্বায়ত্তশাসিত পরিষদ (সংশোধন) অধ্যাদেশ, ২০২৫ গৃহীত কৰাৰ বাবে বিধান সভাত উপস্থাপনৰ অনুমোদন জনাইছে কেবিনেটে।