অচিনাকী মানুহক সকীয়নি মুখ্যমন্ত্ৰীৰ, সীমা অতিক্ৰম কৰিলেই হ’ব গ্ৰেপ্তাৰ
অচিনাকী মানুহৰ সন্দৰ্ভত পুনৰ এবাৰ সৰৱ হৈ পৰিছে মুখ্যমন্ত্ৰীয়ে। এক সাৱধানবাণী শুনাই মুখ্যমন্ত্ৰীয়ে কয় যে যদি কোনোবাই আইন-শৃংখলা বিঘ্নিত কৰাৰ চেষ্টা কৰে বা 'মৌলবাদী কাৰ্যকলাপ'ত লিপ্ত হয় তেন্তে তেনেলোকক গ্ৰেপ্তাৰ কৰা হ'ব।

স্বাধীনতা দিৱসৰ ভাষণৰ পৰাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখত শুনা গৈছে দুটা বিশেষ শব্দ। মুখ্যমন্ত্ৰীৰ স্বাধীনতা দিৱসৰ ভাষণ বা তাৰ পিছৰ তেওঁৰ মন্তব্য যিসকলে শুনিছে, তেওঁলোকে নিশ্চয় এই বিশেষ শব্দ দুটা লক্ষ্য কৰিছে। আচলতে এই শব্দ দুটা হৈছে এক উপমা। এটা বিশেষ গোটক বুজাবলৈ মুখ্যমন্ত্ৰীয়ে এই উপমা ব্যৱহাৰ কৰা বুলি বহুতেই মত প্ৰকাশ কৰিছে। এই শব্দ দুটা হ’ল ‘অচিনাকী মানুহ’। অবৈধ অনুপ্ৰৱেশকাৰীক বুজাবলৈ এই শব্দৰ ব্যৱহাৰ কৰিছে মুখ্যমন্ত্ৰীয়ে।
এইবাৰ তেওঁ কোৱা এই অচিনাকী মানুহৰ সন্দৰ্ভত পুনৰ এবাৰ সৰৱ হৈ পৰিছে মুখ্যমন্ত্ৰীয়ে। এক সাৱধানবাণী শুনাই মুখ্যমন্ত্ৰীয়ে কয় যে যদি কোনোবাই আইন-শৃংখলা বিঘ্নিত কৰাৰ চেষ্টা কৰে বা ‘মৌলবাদী কাৰ্যকলাপ’ত লিপ্ত হয় তেন্তে তেনেলোকক গ্ৰেপ্তাৰ কৰা হ’ব।
যোৱা নিশা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত যোৱা নিশা সাংবাদিকৰ আগত মুখ্যমন্ত্ৰী শৰ্মাই কয়, “আমি তেওঁলোকক নিৰীক্ষণ কৰি আছোঁ। ৰাজ্যত এন আৰ চি উন্নীতকৰণ হোৱাৰ সময়তো তেওঁলোক আহিছিল, আৰু সমগ্ৰ কচৰৎটো নষ্ট কৰি পেলাইছিল… যদি তেওঁলোকে নিয়মৰ সীমাৰ বাহিৰত খোজ দিয়ে তেন্তে তেওঁলোকক গ্ৰেপ্তাৰ কৰা হ’ব।”
মুখ্যমন্ত্ৰীয়ে দাবী কৰে যে মুম্বাই আৰু কেৰালাৰ অধিবক্তাকে ধৰি এই ব্যক্তিসকলৰ একাংশ অসমৰ স্পৰ্শকাতৰ বিষয়ত প্ৰভাৱ পেলোৱাৰ কামত জড়িত। তেওঁ কয়, ‘‘কেৰালা, মুম্বাই বা দিল্লীৰ পৰাই হওক স্পৰ্শকাতৰ বিষয়ত কোনো মৌলবাদী কাৰ্যকলাপ বা ৰাজনীতি আমি সহ্য নকৰো।’’ মুখ্যমন্ত্ৰীয়ে লগতে কয় যে এনে লোকে “কিছুমান অংশৰ কাৰ্যকলাপক প্ৰচাৰ আৰু সুৰক্ষা প্ৰদান কৰে।”
ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (NRC)ৰ বিষয়ত মুখ্যমন্ত্ৰী শৰ্মাই অভিযোগ উত্থাপন কৰে যে এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াৰ সময়ত ইচ্ছাকৃতভাৱে হেতালি খেলা হৈছিল। ‘‘এই লোকসকলে একেগৰাকী ব্যক্তিৰ নামৰ সুবিধা লৈ আৰু যিসকল লোকৰ নাম তালিকাত থকাৰ যোগ্য নাছিল তেওঁলোকৰ নাম লিখি অবৈধভাৱে নথিভুক্ত কৰিছিল।’’
ডঃ শৰ্মাই এনে কিছুমান প্ৰথাক সমাজ কৰ্মী হৰ্ষ মন্দৰৰ ধাৰণাৰ সৈতে সংযোগ কৰিছিল। তেওঁৰ মতে ৰাজ্য চৰকাৰে বিগত পাঁচ বছৰত হোৱা বিসংগতিৰ প্ৰমাণ সংকলন কৰি উচ্চতম ন্যায়ালয়ত তথ্য দাখিল কৰাৰ প্ৰস্তুতি চলাইছে।
শৰ্মাই লগতে উল্লেখ কৰে যে বিবিচিৰ দল শেহতীয়াকৈ উৰিয়ামঘাটৰ উচ্ছেদস্থলীত উপস্থিত হৈছিল। তেওঁ কয় যে দলটোক ঊৰ্ধতন কৰ্তৃপক্ষৰ অনুমতি অবিহনে বনাঞ্চলত প্ৰৱেশৰ অনুমতি দিয়া হোৱা নাছিল। “আমি এতিয়া সাহসেৰে পদক্ষেপ গ্ৰহণ কৰিছোঁ আৰু আমি কোনো ব্যক্তিবিশেষ বা দলক এই বিষয়টোৰ সুবিধা ল’বলৈ নিদিওঁ।” মুখ্যমন্ত্ৰীয়ে কয়।
পোনপটীয়াভাৱে নাম উল্লেখ নকৰাকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে নিজৰ এন জি অ’ৰ দ্বাৰা বিদেশী পুঁজিৰ সৈতে যোগসূত্ৰ ৰখাৰ অভিযোগ কৰে। লগতে USTM ৰ প্ৰাৰম্ভিক পুঁজিৰ ওপৰতো প্ৰশ্ন তোলে। তেওঁ কয়, “মই চিধাকৈ কৈছোঁ, তেওঁলোকে মোৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিব পাৰে।”
শৰ্মাই ইয়াৰ লগতে অভিযোগ কৰে যে AIUDF ৰ মুৰব্বী বদৰুদ্দিন আজমল আৰু জমিয়ত উলেমা-ই-হিন্দৰ মুৰব্বী মেহমুদ মাদানীয়ে ২০১৩-১৪ বৰ্ষত কোকৰাঝাৰ সংঘৰ্ষৰ ভুক্তভোগীক বাহ্যিক পুঁজি ব্যৱহাৰ কৰি গৃহ নিৰ্মাণ কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল।