শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ৰক্তহীনতাত ভুগিছে নেকি আপুনি! জিভাই দিব উমান, এনে সমস্যাৰো পাব পূৰ্বানুমান

যিকোনো শাৰীৰিক সমস্যাৰ বাবে চিকিৎসকৰ ওচৰলৈ গ’লে প্ৰথমে তেওঁলোকে জিভাখন চাব বিচাৰে। পিছে কিয় চিকিৎসকসকলে প্ৰথমে এইদৰে জিভাৰ পৰীক্ষা কৰে, কেতিয়াবা ভাবি চাইনে? ইয়াৰ পৰাই উমান পাব পাৰি যে জিভালৈ চালেই দেহৰ সমস্যাৰ বিষয়ে বুজিব পাৰি। জিভাৰ বিভিন্ন ৰঙে কোনবোৰ ৰোগৰ ইংগিত দিয়ে জানো আহক

ৰক্তহীনতাত ভুগিছে নেকি আপুনি! জিভাই দিব উমান, এনে সমস্যাৰো পাব পূৰ্বানুমান
প্ৰতিনিধিত্বমূলক ছবিImage Credit source: Getty Images
monjit-dutta
Monjit Dutta | Published: 30 Jun 2025 16:54 PM

আমাৰ দেহত কোনো ৰোগ হ’লে দেহৰ বাহ্যিক অংগৰ পৰাই বহুসময়ত এনে ৰোগৰ সম্ভেদ লাভ কৰোঁ। উদাহৰণস্বৰূপে জণ্ডিচৰ কথাই ক’ব পাৰি। দেহৰ ছাল হালধীয়া পৰিলে তথা চকু হালধীয়া হ’লে জণ্ডিচৰ লক্ষণ পোৱা যায়। তেনেদৰে আমাৰ জিভাৰ ৰঙেও দেহত হোৱা কিছুমান সমস্যাৰ লক্ষণ দাঙি ধৰে। জিভাৰ বিভিন্ন ৰঙে আপোনাৰ শৰীৰৰ বিভিন্ন ৰোগৰ ইংগিত দিয়ে। অৰ্থাৎ জিভাৰ ৰঙে আপুনি সুস্থ হয় নে নহয় তাৰ উমান দিব।

দেখা যায়, যিকোনো শাৰীৰিক সমস্যাৰ বাবে চিকিৎসকৰ ওচৰলৈ গ’লে প্ৰথমে তেওঁলোকে জিভাখন চাব বিচাৰে। পিছে কিয় চিকিৎসকসকলে প্ৰথমে এইদৰে জিভাৰ পৰীক্ষা কৰে, কেতিয়াবা ভাবি চাইনে? ইয়াৰ পৰাই উমান পাব পাৰি যে জিভালৈ চালেই দেহৰ সমস্যাৰ বিষয়ে বুজিব পাৰি। জিভাৰ বিভিন্ন ৰঙে কোনবোৰ ৰোগৰ ইংগিত দিয়ে জানো আহক-

বগা দাগঃ জিভাত বগা দাগ থাকিলে ই ভেঁকুৰৰ সংক্ৰমণৰ লক্ষণ হ’ব পাৰে। শিশু বা প্ৰাপ্তবয়স্কৰ ক্ষেত্ৰত বগা দাগ প্ৰায়ে দেখা যায়। বগা জিভাই পানীলগা সমস্যাৰ ইংগিতো দিব পাৰে। লিউকোপ্লাকিয়াতো জিভাখনো বগা দেখা যায়।

ক’লা জিভাঃ ক’লা জিভা ডিঙিত সংক্ৰমণ বা বেক্টেৰিয়াৰ লক্ষণ হ’ব পাৰে। অত্যধিক ঔষধৰ বাবেও জিভা ক’লা পৰিব পাৰে। ডায়েবেটিছ ৰোগীৰ জিভাও ক’লা হৈ পৰে। ইয়াৰ বাহিৰেও পেটৰ আলচাৰ, কেঞ্চাৰ আদি সমস্যাৰ বাবেও ৰোগীৰ জিভা ক’লা হৈ পৰিব পাৰে। গতিকে এনে লক্ষণ দেখা দিলে প্ৰথমে চিকিৎসকৰ পৰামৰ্শ লব লাগে।

হালধীয়া জিভাঃ হালধীয়া জিভা হ’লে জণ্ডিচৰ লক্ষণ। অৱশ্যে এয়া এক আগতীয়া লক্ষণহে। যদি এনে  হয়, তেতিয়া লগে লগে চিকিৎসকৰ সৈতে যোগাযোগ কৰক।

নীলা বা বাদামী জিভাঃ জিভাৰ ৰং নীলা বা বাদামী হৈ পৰিলে সেয়া হৃদযন্ত্ৰৰ সমস্যাৰ লক্ষণ হ’ব পাৰে। যেতিয়া হৃদযন্ত্ৰই সঠিকভাৱে তেজ পাম্প কৰিব নোৱাৰে বা তেজত অক্সিজেনৰ অভাৱ হয়, তেতিয়া জিভাত বাদামী ৰঙৰ আৱৰণ গঠন হয়।

শেঁতা জিভাঃ জিভাৰ ৰং শেঁতা পৰা যেন দেখিলে সেয়া শৰীৰত তেজৰ অভাৱৰ লক্ষণ হ’ব পাৰে। ৰক্তহীনতা আৰু ভিটামিন বি-১২ৰ অভাৱৰ ক্ষেত্ৰতো এনে হ’ব পাৰে। এনে অৱস্থাত লগে লগে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত।

এই সমস্যাসমূহৰ বিষয়ে জানিব পৰাৰ পিছতে স্বাভাৱিকতেই এজন সুস্থ ব্যক্তিৰ জিভাৰ ৰং কেনেকুৱা হব লাগে, সেই লৈ প্ৰশ্ন উত্থাপন হ’ব পাৰে। স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে গাঢ় গোলাপী ৰঙৰ আৰু পাতল বগা আৱৰণ থকা জিভাত স্বাস্থ্যকৰ দেহৰ লক্ষণ। মনত ৰাখিব যে জিভাত আৰ্দ্ৰতাৰ অভাৱো ৰোগৰ লক্ষণ হ’ব পাৰে।