শীতকালত শিশুৰ শৰীৰত দেখা দিয়ে এই লক্ষণ নকৰিব আওকাণ! হ’ব পাৰে সংক্ৰমণৰ ইংগিত…
জন্মৰ পাছতে শিশু এটিৰ যত্ন লোৱা অতি প্ৰয়োজন। কিয়নো শিশুৰ সংক্ৰমণ দ্ৰুতগতিত বৃদ্ধি পায়। গতিকে যেতিয়া কিবা লক্ষণে দেখা দিয়ে লগে লগে বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰিব পাৰে। কিন্তু বহু সময়ত কিছুমানে লক্ষণবোৰ আওকাণ কৰে।
শীতকালত শৰীৰত বিভিন্ন ধৰণৰ সমস্যা বৃদ্ধি পায়। নৱজাতক সকলো বিশেষ সমস্যাৰ সন্মুখীন হয়। শিশু জন্মৰ প্ৰায় এমাহৰ ভিতৰত বিশেষ যত্ন লোৱা প্ৰয়োজন। এই সময়চোৱাত যিকোনো সংক্ৰমণ দ্ৰুতগতিত বৃদ্ধি পাব পাৰে। যেতিয়া সংক্ৰমণ হয় তেতিয়া বহু অভিভাৱকে লক্ষণবোৰ সাধাৰণ বুলি আওকাণ কৰে। কিন্তু ই স্বাস্থ্যৰ বাবে বিপদজনক হৈ পৰিব পাৰে। গতিকে যেতিয়াই কিবা লক্ষণ দেখা দিয়ে তেতিয়া বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে।
লক্ষণ
এই সন্দৰ্ভত সবিশেষ জনাইছে গাজিয়াবাদ জিলা চিকিৎসালয়ৰ শিশু চিকিৎসা বিভাগৰ ডাঃ বিপিঞ্চন্দ্ৰ উপাধ্যায়ে। তেওঁ কয় যে, নৱজাতকৰ জন্মৰ পিছত অতি সাৱধানে যত্ন লোৱাৰ প্ৰয়োজন। শিশুৰ শৰীৰত দেখা দিয়ে সৰু সৰু সমস্যাবোৰো গুৰুতৰ ৰোগৰ কাৰণ হ’ব পাৰে। নৱজাতকৰ উষ্ণতা ১০০ ডিগ্ৰী চেলছিয়াছৰ ওপৰত হ’লে ইয়াক সাধাৰণ বুলি ভাবিব নালাগে। শিশুৰ হাত, ভৰি, মূৰ, পেট গৰম হ’লে ইয়াৰ ইংগিত পোৱা যায়। এনে অৱস্থাত শিশুৰ জ্বৰ আছে নে নাই পৰীক্ষা কৰিব লাগে। যদি তাপমাত্ৰা ১০০ ডিগ্ৰী চেলছিয়াছৰ ওপৰত হয় তেন্তে চিকিৎসকৰ পৰামৰ্শ লওক।
গাখীৰ নাখায়
যদি নৱজাতক এটিয়ে গাখীৰ নাপাই তেন্তে ই গুৰুতৰ ৰোগৰ লক্ষণ হ’ব পাৰে। শুই থকাৰ বাহিৰে সাধাৰণতে কেঁচুৱাই কেইটামান ঘন্টাৰ মূৰে মূৰে গাখীৰ খায়। কিন্তু যদি সাৰে থকা অৱস্থাতো গাখীৰ নাপাই ই সংক্ৰমণ ইংগিত হ’ব পাৰে।ইয়াৰোপৰি কেঁচুৱা যদি অনবৰত কান্দি থাকে তেন্তে সেয়াও গুৰুতপ সমস্যাৰ লক্ষণ হ’ব পাৰে। বাৰে বাৰে ডায়েৰিয়া বা বমি হোৱাটোও সংক্ৰমণৰ লক্ষণ হ’ব পাৰে।
শিশুৰ সংক্ৰমণ কিয় হয়?
- বেক্টেৰিয়া বা ভাইৰাছৰ সংস্পৰ্শলৈ আহিলে
- লেতেৰা হাতেৰে শিশুক স্পৰ্শ কৰিলে
- ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল
- অকাল জন্ম আদি।
প্ৰতিৰোধৰ উপায়
- শিশুটিক সকলোকে স্পৰ্শ কৰিব নিদিব।
- শিশুটিক স্পৰ্শ কৰিলে প্ৰথমে হাত পৰিষ্কাৰ কৰিব।
- চাফা কাপোৰ ব্যৱহাৰ কৰিব।
- সময়মতে টিকাকৰণ কৰক।
- কিবা লক্ষণ দেখা দিলে বিশেষজ্ঞৰ পৰামৰ্শ লওক।
অন্য খবৰ পঢ়কঃ একেৰাহে ৩০ দিন গ্ৰীণ টি খালে শৰীৰৰ কি কি লাভ হয়? জানক সকলো…