কৰ্কট ৰোগৰ কাৰণ হৈ পৰিব পাৰে দৈনন্দিন জীৱনৰ এই ৭টা অভ্যাস, এতিয়াই হওক সাৱধান…
কৰ্কট ৰোগৰ বহু কাৰণ থাকিব পাৰে বুলি বিশেষজ্ঞসকলে কয়। আমাৰ দৈনন্দিন জীৱনৰ কিছুমান অভ্যাস প্ৰথম দৃষ্টিত ক্ষতিকাৰক যেন নালাগিব পাৰে, কিন্তু এনে অভ্যাসে কৰ্কট ৰোগৰ সম্ভাৱনা যথেষ্ট বৃদ্ধি কৰে। জানো আহক এই বিষয়ে।

কৰ্কট ৰোগ (প্ৰতিনিধিত্বমূলক ছবি)Image Credit source: Unsplash
বৰ্তমান সময়ত উদ্বেগজনক হাৰত বৃদ্ধি পাইছে কৰ্কট ৰোগ। কৰ্কট ৰোগ কেৱল জিনীয় ৰোগ নহয়। এই ৰোগত আক্ৰান্ত হোৱাৰ আঁৰত আন বহু কাৰণ আছে। আমাৰ জীৱনশৈলীৰ কিছুমান অভ্যাস এনে চিন্তনীয় ৰোগত আক্ৰান্ত হোৱাৰ আঁৰৰ মূল কাৰণ হিচাপে বিশেষজ্ঞসকলে সদৰী কৰিছে। আমাৰ দৈনন্দিন জীৱনৰ কিছুমান অভ্যাস প্ৰথম দৃষ্টিত ক্ষতিকাৰক যেন নালাগিব পাৰে, কিন্তু এনে অভ্যাসে কৰ্কট ৰোগৰ সম্ভাৱনা যথেষ্ট বৃদ্ধি কৰে। জানো আহক এই বিষয়ে–
- নিশা অত্যধিক সময় মোবাইল, লেপটপ আদি ব্যৱহাৰ কৰা উচিত নহয়। এই ইলেক্ট্ৰিক গেজেটসমূহৰ পৰা নিৰ্গত হোৱা নীলা পোহৰে টোপনিৰ মান ধ্বংস কৰি মেলাটনিন উৎপাদনত ব্যাঘাত জন্মায়। এই মেলাটনিন হৈছে ডি এন এৰ মেৰামতি কৰি কেঞ্চাৰ হোৱাৰ সম্ভাৱনা কমোৱা হৰম’ন। বেয়া টোপনিৰ ফলত স্তন বা প্ৰষ্টেট কেঞ্চাৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়।
- দিনটোত ৬ ঘণ্টাৰো অধিক সময় বহি থাকিলে কৰ্কট ৰোগৰ সম্ভাৱনা প্ৰায় ২০ শতাংশ বৃদ্ধি পাব পাৰে বুলি গৱেষণাৰ পৰা প্ৰকাশ পাইছে। নিয়মিত ব্যায়াম কৰাসকলো সাৱধান হোৱা উচিত। আমেৰিকান কেঞ্চাৰ ছ’চাইটিৰ এক অধ্যয়নত দেখা গৈছে যে বয়সস্থ মহিলাৰ ক্ষেত্ৰত বহা সময় সামান্য বৃদ্ধিৰ বিপৰীতে কেঞ্চাৰ হোৱাৰ সম্ভাৱনা ৬-১০ শতাংশ বৃদ্ধি পায়।
- প্ৰচেছড মাংসত নাইট্ৰাইট আৰু PAH থাকে, এইসমূহ ক’ল’ৰেক্টাল আৰু পেটৰ কেঞ্চাৰৰ সৈতে জড়িত। ইতিমধ্যে WHO- এ প্ৰচেছড মাংসক কাৰ্চিনোজেনিক বুলি চিনাক্ত কৰিছে। গতিকে মাংস খালেও বজাৰৰ পৰা সতেজ মাংস ক্ৰয় কৰা ভাল। প্ৰচেছড মাংস পৰিহাৰ কৰাই দেহৰ বাবে উচিত।
- চাহ বা কফি বা ৬৫° চেলছিয়াছৰ ওপৰৰ আন যিকোনো পানীয় সেৱন কৰাটো দেহৰ বাবে ক্ষতিকাৰক বিবেচিত হয়। Memorial Sloan Kettering Cancer Center- ৰ এক গৱেষণা মতে নিয়মিতভাৱে অতি গৰম পানীয় খালে খাদ্যনলীৰ কৰ্কট ৰোগৰ সম্ভাৱনা ছয়গুণ পৰ্যন্ত বৃদ্ধি পাব পাৰে।
- প্লাষ্টিকত মেৰিয়াই লোৱা মাইক্ৰৱেভ খাদ্যই BPA আৰু ফ্থালেটৰ দৰে ৰাসায়নিক পদাৰ্থ নিৰ্গত কৰিব পাৰে। এইবোৰে হৰম’নৰ ভাৰসাম্য বিঘ্নিত কৰি কেঞ্চাৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি কৰে। দীৰ্ঘদিন ধৰি এনে খাদ্য খালে অন্তঃস্ৰাৱী কাৰ্যত ব্যাঘাত জন্মাব পাৰে।
- দীৰ্ঘম্যাদী চাপে ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল কৰি পেলায় আৰু প্ৰদাহ বৃদ্ধি কৰে। ফলত কেঞ্চাৰ কোষবোৰে বৃদ্ধিৰ সুযোগ পায়। সময়ৰ লগে লগে এই মানসিক চাপৰ ফলত শৰীৰক বিভিন্ন প্ৰকাৰৰ কৰ্কট ৰোগে আক্ৰমণ কৰিব পৰাৰ সম্ভাৱনা বৃদ্ধি পায়।
- সূৰ্যৰ অতিবেঙুনীয়া ৰশ্মিয়ে ডি এন এৰ ক্ষতি কৰে, যাৰ ফলত বেচেল চেল কাৰ্চিনোমা, স্ক্ৱামাছ চেল কাৰ্চিনোমা আৰু মেলানোমাৰ সম্ভাৱনা বহু পৰিমাণে বৃদ্ধি পায়। অষ্ট্ৰেলিয়াৰ এক অধ্যয়নত কোৱা হৈছে যে নিয়মিতভাৱে ছানস্ক্ৰীণ ব্যৱহাৰ কৰিলে মেলানোমাৰ সম্ভাৱনা প্ৰায় ৫০% হ্ৰাস পায়।