ৰাজ্যৰ ৩২ লাখ মহিলাক ‘লাখপতি বাইদেউ’লৈ উন্নীত কৰাৰ প্ৰয়াস চৰকাৰৰ, ক’লে মুখ্যমন্ত্ৰীয়ে
'লাখপতি বাইদেউ 'সকলৰ মাজৰে কিছু উদ্যমী মহিলাই বছৰি ১০ লাখ টকাৰ ব্যৱসায় কৰি 'লাখপতি বাইদেউ'ৰ পৰা 'মহা লাখপতি বাইদেউ লৈ উন্নীত হৈছে। তেওঁ কয় যে উদ্যমিতাৰ জৰিয়তে যদি ৮ লাখ মহিলা 'লাখপতি বাইদেউ' হ'ব পাৰিছে আত্মসহায়ক গোটসমূহৰ বাকী ৩২ লাখ মহিলা 'লাখপতি বাইদেউ' হ'ব নোৱাৰাৰ কাৰণ নাই।

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰ অন্তৰ্গত ঢেকিয়াজুলি বিধানসভা সমষ্টিৰ আত্মসহায়ক গোটৰ সদস্যাসকললৈ চেক প্রদানৰ শুভাৰম্ভণী কৰে। ঢেকিয়াজুলি চাহবাগিছা খেলপথাৰত এই উপলক্ষে আয়োজিত অনুষ্ঠানত ৩১,২২৪ গৰাকী আত্মসহায়ক গোটৰ সদস্যাক চেক প্রদান কৰা হয়। ইয়াৰে ২৯,৫২৩ গৰাকী গ্রামাঞ্চলৰ আৰু ১,৭০১ গৰাকী নগৰাঞ্চলৰ আত্মসহায়ক গোটৰ সদস্যা। অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে অসমত ৪ লাখ আত্মসহায়ক গোট আছে আৰু এই আত্মসহায়ক গোটসমূহৰ সৈতে ৪০ লাখ মহিলা জড়িত হৈ আছে। এই ৪০ লাখ মহিলাৰ ভিতৰত প্ৰায় ৮.৫ লাখ মহিলাই বছৰত ১ লাখ টকা উপার্জন কৰে বুলিও তেওঁ কয়।
এই ‘লাখপতি বাইদেউ ‘সকলৰ মাজৰে কিছু উদ্যমী মহিলাই বছৰি ১০ লাখ টকাৰ ব্যৱসায় কৰি ‘লাখপতি বাইদেউ’ৰ পৰা ‘মহা লাখপতি বাইদেউ লৈ উন্নীত হৈছে। তেওঁ কয় যে উদ্যমিতাৰ জৰিয়তে যদি ৮ লাখ মহিলা ‘লাখপতি বাইদেউ’ হ’ব পাৰিছে আত্মসহায়ক গোটসমূহৰ বাকী ৩২ লাখ মহিলা ‘লাখপতি বাইদেউ’ হ’ব নোৱাৰাৰ কাৰণ নাই। ক্ষুদ্র বিত্তীয় প্রতিষ্ঠানৰ পৰা ২৩-২৪ শতাংশ পর্যন্ত সুদত ঋণ লৈ মহিলাসকল অসুবিধাত পৰাৰ প্ৰসংগ উল্লেখ কৰি ড° শর্মাই কয় যে ৰাজ্য চৰকাৰে আত্মসহায়ক গোটসমূহক ২৫ হেজাৰ টকাৰ ঘূর্ণীয়মান পুঁজি দিয়াৰ পিছত মহিলাসকলে বিভিন্ন উৎপাদনশীল কাম-কাজ সূচাৰুৰূপে কৰিবলৈ সক্ষম হৈছিল। পিছৰ পৰ্যায়ত ৫০ হাজাৰ টকাকৈ দিয়া হ’ব বুলি মুখ্যমন্ত্রীয়ে কয়।
তেওঁ লগতে উল্লেখ কৰে যে প্ৰতিগৰাকী মহিলাক ১০ হাজাৰ টকাকৈ ‘বীজ ধন’ হিচাপে প্রদানৰ বাবদ এই আঁচনিখন ৰূপায়ণ কৰোঁতে ৰাজ্য চৰকাৰৰ ৪ হাজাৰ কোটি টকা খৰচ হ’ব। আনহাতে, উদ্যমী মহিলাসকলক অহা বছৰ ২৫ হাজাৰ টকাকৈ দিলে চৰকাৰক লাগিব ১০ হাজাৰ কোটি টকা আৰু ৫০ হাজাৰ টকাকৈ দিলে খৰচ হ’ব ২৫ হাজাৰ কোটি টকা। ছোৱালী আৰু মহিলাৰ উন্নয়ন আৰু নিৰাপত্তাৰ বাবে যোৱা চাৰে চাৰি বছৰত অসম চৰকাৰে নিৰন্তৰ কাম কৰা বুলি উল্লেখ কৰি ড° শৰ্মাই। তেওঁ লগতে কয় যে মুখ্যমন্ত্রী হিচাপে তেওঁৰ কাৰ্যকালত বাল্য বিবাহ বন্ধ কৰাৰ চেষ্টা কৰা হৈছে, নিযুত মইনা আঁচনি ৰূপায়ণৰ দৰে বহু আঁচনি আৰু পদক্ষেপ গ্রহণ কৰা হৈছে।
তেওঁ লগতে কয় যে অহা ১৭ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ দিনা অৰুণোদয় ৩.০ ৰ অধীনত মহিলাসকলক মাহিলী ১,২৫০ টকাকৈ দিয়াৰ পদক্ষেপ লোৱা হৈছে। অৰুণোদয় পৰিয়ালে বন্ধন গেছৰ চিলিণ্ডাৰ ক্ৰয়ৰ বাবে চৰকাৰৰ পৰা ২৫০ টকাকৈ ৰাজসাহায্য পাব বুলিও তেওঁ কয়। ৰেচন কার্ড থকা সকলক ১ নৱেম্বৰৰ পৰা চাউলৰ লগতে সুলভ মূল্যত দাইল, চেনী আৰু নিমখ দিয়া হ’ব বুলিও মুখ্যমন্ত্ৰীয়ে সদৰী কৰে।
ইফালে তেওঁ আজি অসম চৰকাৰৰ পৰ্যটন উন্নয়ন নিগমে শোণিতপুৰ জিলাৰ ডুৰুং চাহ বাগিচাত ৰূপায়ণ কৰা চাহ পর্যটন পৰিকাঠামোৰ প্ৰচাৰ আৰু বিকাশ প্ৰকল্পৰ শুভাৰম্ভ কৰে। অসম চৰকাৰে চাহ বাগিচাক পর্যটনৰ হটস্পট হিচাপে চিহ্নিত কৰি বাগিচাৰ ঐতিহ্যমণ্ডিত বাংলোসমূহক অতিথিশালালৈ ৰূপান্তৰিত কৰিবলৈ উৎসাহিত কৰিছে আৰু ইয়াৰ বাবে বিনিয়োগকাৰী তথা বিলাসী হোটেলৰ গ্ৰুপবোৰক উদগণি যোগোৱাৰ বাবে নীতি প্রস্তুত কৰিছে।
ডুৰুং চাহ বাগিচাত মুকলি কৰা ‘দ্যা পোষ্টকার্ড হোটেল’ ৰাজ্য চৰকাৰৰ এই পদক্ষেপৰে অধীনত নিৰ্মাণ কৰা হৈছে। স্মৰ্তব্য যে ডুৰুং চাহ বাগিচাৰ পুৰণা বাংলো আৰু অতিৰিক্ত ভূমিত হোটেল ব্যৱসায়ৰ আগশাৰীৰ প্রতিষ্ঠান ‘পোষ্টকার্ড’ হোটেল গ্ৰুপৰ জৰিয়তে ‘দ্য পোষ্টকার্ড ইন দ্য ডুৰুং টি ইষ্টেট’ নামৰ বিলাসী হোটেলখন গঢ়ি তোলা হৈছে। মুখ্যমন্ত্রী ড° শৰ্মাই আজি এই হোটেলখন আৰু ইয়াৰ চৌহদটো পৰিদৰ্শন কৰে।
ইয়াৰ পিছতে সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত তেওঁ কয় যে ‘পোষ্টকার্ড হোটেল’-এ অসমত চাহ পর্যটনৰ ক্ষেত্ৰত বাটকটীয়াৰ ভূমিকা ল’ব। হোটেলখনলৈ ইতিমধ্যে দেশৰ বহু আগশাৰীৰ ব্যক্তি আহি অসমৰ চাহ বাগিচাৰ অপৰূপ সৌন্দৰ্য্যৰ সোৱাদ লৈছে। অসমৰ বাহিৰৰ বহু লোকে হোটেলখনৰ কোঠা আগতীয়াকৈ বুকিং কৰিছে। ফলত এক ভাল অর্থনীতি গঢ়ি উঠিছে। হোটেলখনত নিশা কটাই বহুকেইটা নতুন অভিজ্ঞতা লাভ কৰিব পাৰিব বুলি মুখ্যমন্ত্রীয়ে কয়। তেওঁ ডুৰুং চাহ বাগিচাৰ কর্তৃপক্ষ আৰু পোষ্টকার্ড হোটেল গ্রুপক প্রকল্পটোৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।