শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Patanjali: বাবা ৰামদেৱে ক’লে ৫ মিনিটৰ ‘পাৱাৰ যোগ’ৰ বিষয়ে, বাখ্যা কৰিলে আঁৰৰ উপকাৰিতা

ব্যস্ততাপূৰ্ণ জীৱনশৈলীত সহায়ক হ’ব পৰাকৈ বাবা ৰামদেৱে প্ৰায় ৫ মিনিটৰ শক্তিশালী যোগৰ বিষয়ে উল্লেখ কৰিছে। জানো আহক এই শক্তিশালী যোগ কি আৰু ইয়াৰ উপকাৰৰ বিষয়ে।

Patanjali: বাবা ৰামদেৱে ক’লে ৫ মিনিটৰ ‘পাৱাৰ যোগ’ৰ বিষয়ে, বাখ্যা কৰিলে আঁৰৰ উপকাৰিতা
বাবা ৰামদেৱImage Credit source: PTI
monjit-dutta
Monjit Dutta | Updated On: 04 Sep 2025 21:54 PM

যোগাসনৰ জৰিয়তে স্বাস্থ্য ৰক্ষাৰ মন্ত্ৰ আওৰাই আহিছে যোগগুৰু বাবা ৰামদেৱে। দেশজুৰি এইক্ষেত্ৰত তেওঁ একপ্ৰকাৰে জনসজাগতা সৃষ্টি কৰি আহিছে। যোগ গুৰু বাবা ৰামদেৱে দীৰ্ঘদিন ধৰি যোগৰ শিক্ষা দি আহিছে। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যোগক এক নতুন পৰিচয় দিছে ৰামদেৱে। ইয়াৰ সমান্তৰালকৈ পতঞ্জলিৰ জৰিয়তে আয়ুৰ্বেদৰ পুৰণি পদ্ধতি প্ৰতিটো ঘৰলৈ লৈ যোৱাৰ ক্ষেত্ৰতো তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে। ৰামদেৱে নিজৰ কিতাপ, অনুষ্ঠান আৰু ছ’চিয়েল মিডিয়াৰ জৰিয়তে যোগৰ গুৰুত্ব তথা উপকাৰিতাৰ কথা কৈ আহিছে।

যোগাসনৰ শাৰীৰিক উপকাৰিতাৰ বিষয়ে কম-বেছি পৰিমাণে আমি সকলোৱে জানো। নিয়মীয়াকৈ যোগাসন কৰাৰ জৰিয়তে বহু গুৰুতৰ ৰোগৰ পৰাও আঁতৰি থাকিব পাৰি। যোগত এনে বহু আসন আছে, যি বিভিন্ন শাৰীৰিক সমস্যাৰ পৰা সকাহ পোৱাত সহায় কৰে। কিন্তু অতি ব্যস্ততাপূৰ্ণ জীৱনশৈলীৰ বাবে বহুলোকে যোগাসনৰ বাবে সময় উলিয়াব পৰা নাই। এনে পৰিস্থিতিত বাবা ৰামদেৱে আগবঢ়াইছে এক সমাধান।

বাবা ৰামদেৱে প্ৰায় ৫ মিনিটৰ শক্তিশালী যোগৰ বিষয়ে উল্লেখ কৰিছে। জানো আহক এই শক্তিশালী যোগ কি আৰু ইয়াৰ উপকাৰৰ বিষয়ে-

এক ভিডিঅ’ত বাবা ৰামদেৱে ৫ মিনিটৰ এই শক্তিশালী যোগৰ বিষয়ে উল্লেখ কৰিছে। তেওঁ কয় যে ৫ মিনিটৰ বাবে এই আসনসমূহ কৰিলে গোটেই শৰীৰটো শক্তিশালী হৈ উঠিব আৰু আপোনাৰ সামগ্ৰিক স্বাস্থ্যৰ ওপৰত যথেষ্ট ভাল প্ৰভাৱ পৰিব। এই ৫ মিনিটৰ শক্তি যোগৰ ভিতৰত আছে, গদা ঘুমানা, হনুমান দণ্ড, সূৰ্য নমস্কাৰ, চক্ৰাসন আৰু বৃজাসন। এই আসনসমূহৰ উপকাৰিতাৰ বিষয়ে জানো আহক।

চক্ৰাসন

চক্ৰাসনে শৰীৰৰ বহু উপকাৰ প্ৰদান কৰে। ই মেৰুদণ্ড শক্তিশালী কৰাৰ লগতে ভংগীমাও উন্নত কৰে। ই হজম শক্তি উন্নত কৰাৰ বাবেও উপকাৰী। ইয়াৰ উপৰিও হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবেও এই আসন ভাল বুলি কোৱা হয়, যাৰ ফলত হৃদযন্ত্ৰৰ লগত জড়িত ৰোগৰ সম্ভাৱনা হ্ৰাস পায়। যদি আপোনাৰ যথেষ্ট মানসিক চাপ থাকে, তেতিয়া চক্ৰাসনে ইয়াৰ পৰা সকাহ দিব পাৰে।

বজ্ৰাসন

বজ্ৰাসনে শাৰীৰিক লগতে মানসিক উপকাৰিতাও প্ৰদান কৰে। ই হজম শক্তি উন্নত কৰে। লগতে কঁকালৰ বিষৰ পৰা বহু পৰিমাণে সকাহ দিয়ে আৰু মানসিক চাপ কমায়। পেটৰ লগত জড়িত সমস্যাৰ পৰা উপশম পাবলৈ বজ্ৰাসন অতি উপকাৰী। ই এচিডিটি, কোষ্ঠকাঠিন্য আৰু বহুতো সমস্যাৰ পৰা সকাহ দিয়ে। একে সময়তে ৫ মিনিট বজ্ৰাসন কৰিলে মেৰুদণ্ড পোন হয় আৰু লগতে মনোযোগো বৃদ্ধি পায়।

 

 

View this post on Instagram

 

A post shared by Swami Ramdev (@swaamiramdev)

সূৰ্য নমস্কাৰ

সূৰ্য নমস্কাৰে শৰীৰক বহু দিশত উপকৃত কৰে। পুৱা ৫ মিনিট সূৰ্য নমস্কাৰ কৰিলে গোটেই দিনটোৰ বাবে যথেষ্ট শক্তি পোৱা যায়। এই আসনৰ সহায়ত পেশীসমূহ শক্তিশালী হৈ পৰে আৰু শৰীৰৰ নমনীয়তা বৃদ্ধি পায়। হৃদযন্ত্ৰৰ স্বাস্থ্য আৰু ৰক্তচাপ নিয়ন্ত্ৰণতো সূৰ্য নমস্কাৰ উপকাৰী।

গদা ঘুমানা আৰু হনুমান দণ্ড

গদা ঘুমানা আৰু হনুমান দণ্ড ব্যক্তিৰ সামগ্ৰিক স্বাস্থ্যৰ বাবে উপকাৰী হিচাপে গণ্য কৰা হয়। মাত্ৰ ৫ মিনিটৰ বাবে গদা ঘুমানা কৰাৰ ফলত পেশীসমূহ শক্তিশালী হয় আৰু শক্তি বৃদ্ধি পায়। একে সময়তে হনুমান দণ্ডই ব্যক্তিৰ বুকুখন ভাল আকৃতিৰ কৰি তোলে। ভৰি আৰু উৰু শক্তিশালী কৰে, লগতে কঁকালৰ বিষ দূৰ কৰাত সহায় কৰে।