শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

আপোনাৰো গেছৰ সমস্যা হৈছে নেকি? তেন্তে দৈনন্দিন জীৱনত নকৰিব এই ভুল!

পেটত গেছ আৰু কোষ্ঠকাঠিন্যৰ দৰে অভিযোগ সাধাৰণতে সকলোৰে দেখা যায়। শিশুৰ পৰা প্ৰাপ্তবয়স্কলৈকে সকলোৱে এই সমস্যাৰ সন্মুখীন হৈছে। ইয়াৰ কাৰণ হৈছে খাদ্যাভ্যাস আৰু ভুল জীৱনশৈলী।

আপোনাৰো গেছৰ সমস্যা হৈছে নেকি? তেন্তে দৈনন্দিন জীৱনত নকৰিব এই ভুল!
আপোনাৰো গেছৰ সমস্যা হৈছে নেকি?
barasha-misra
Barasha Misra | Published: 11 Sep 2025 12:56 PM

How To Reduce Gas Naturally: ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে পেটতো গধুৰতা অনুভৱ হয় নেকি? গেছ, কোষ্ঠকাঠিন্য আদি অভিযোগ আজিকালি সাধাৰণ হৈ পৰিছে। ভুল খাদ্যাভ্যাস আৰু জীৱনশৈলীৰ কিছু ভুল ইয়াৰ কাৰণ হ’ব পাৰে। কিছুমান মানুহে ৰাতি বেছিকৈ খাদ্য খায়, যাৰ বাবে গেছ হ’বলৈ আৰম্ভ কৰে আৰু পেট ফুলাৰ দৰে সমস্যাৰ সৃষ্টি হয়। একে সময়তে কেতিয়াবা কিবা ভুল খোৱাৰ বাবেও এই অভিযোগ হ’ব পাৰে। ইয়াৰ বাবে একাংশ লোকে ঔষধৰ ওপৰত নিৰ্ভৰ কৰে, যিয়ে ভৱিষ্যতে স্বাস্থ্যৰ ক্ষতি কৰিব পাৰে।

এনে পৰিস্থিতিত আপুনি কিছুমান প্ৰাকৃতিক পদ্ধতি গ্ৰহণ কৰিব পাৰে। লগতে জীৱনশৈলীত কিছু পৰিৱৰ্তন কৰি এই সমস্যাৰ পৰা সকাহ পাব পাৰে। এনে কিছুমান প্ৰাকৃতিক বস্তু আৰু অভ্যাসৰ বিষয়ে এই লেখাটোত জানো আহক, যিবোৰ আপুনি গ্ৰহণ কৰিব লাগে। ইয়াৰ দ্বাৰা আপোনালোকে শীঘ্ৰে ফলাফল পাব।

গেছৰ সমস্যা কিয় হয়?

পেটত গেছৰ বাবে বহুতো সমস্যা হব পাৰে। Healthline ৰ মতে , কেতিয়াবা খাদ্যৰ ফলত গেছ হয় আৰু কেতিয়াবা ইয়াৰ গুৰুতৰ কাৰণ থাকিব পাৰে। আমি খোৱা খাদ্যৰ কিছু অংশ সহজে হজম হয় যদিও কিছুমান বস্তু যেনে কাৰ্বহাইড্ৰেট, চেনি, আঁহ আৰু কিছুমান ষ্টাৰচ সোনকালে হজম নহয়। এইবোৰ বস্তু যেতিয়া বৃহদান্ত্ৰত উপনীত হয়, তেতিয়া তাত উপস্থিত থকা ভাল বেয়া বেক্টেৰিয়াবোৰে ইয়াক ভাঙি পেলায়। ইয়াৰ বাবেই গেছ গঠন হয়। গেছ কেৱল ভুল খাদ্যাভ্যাসৰ ওপৰত নিৰ্ভৰ নকৰে বৰঞ্চ হজম প্ৰক্ৰিয়াৰ ওপৰতো নিৰ্ভৰ কৰে। কিছুমানে এই সমস্যাটোক সহজভাৱে লয়। কিন্তু অবিৰতভাৱে গেছ গঠন হ’লে আন বহুতো ৰোগৰ সৃষ্টি হ’ব পাৰে।

পুৱাৰ আৰম্ভণি গৰম পানীৰে কৰক

যদি আপোনাৰো গেছৰ বহু সমস্যা আছে, তেন্তে ৰাতিপুৱা সাৰ পোৱাৰ পিছত খালী পেটতে গৰম পানী খাবলৈ আৰম্ভ কৰিব লাগে। ইয়াৰ ফলত আপোনাৰ পেটটো পাতল হোৱাত সহায় কৰে। ইচ্ছা কৰিলে তাত নেমু দি গৰম পানীও খাব পাৰে। ইয়াৰ ফলত শৰীৰৰ পৰা অতিৰিক্ত ছডিয়াম আঁতৰাই পেট ফুলা কমোৱাত সহায় কৰে।

ৰাতি গধুৰ আহাৰ খোৱাৰ পৰা বিৰত থাকক

কিছুমান মানুহে ৰাতি অত্যধিক বা গধুৰ খাদ্য খায়, যিটো গেছ আৰু পেট ফুলাৰ আটাইতকৈ ডাঙৰ কাৰণ। এনে পৰিস্থিতিত ৰাতি গধুৰ খাদ্য খোৱাৰ পৰা বিৰত থাকিবলৈ চেষ্টা কৰক। বৰঞ্চ ৰাতিৰ আহাৰত সহজে হজম হোৱা বস্তু খাব লাগে। এনে কৰিলে ৰাতিপুৱা পেটটো পাতল অনুভৱ হ’ব আৰু গেছৰ কোনো সমস্যা নহ’ব।

পেটৰ কোমল মালিচ কৰক

পেটৰ কোমল মালিচ কৰিলেও পেট ফুলা আৰু গেছৰ দৰে সমস্যাৰ পৰা উপশম পোৱা যায়। ইয়াৰ বাবে বৃত্তাকাৰ গতিৰে লঘু হাতেৰে পেটত মালিচ কৰিব লাগে। ইয়াৰ পিছত একেদৰেই নাভিৰ চাৰিওফালে মালিচ কৰক। ইয়াৰ ফলত গেছটো সহজে মুক্ত হয় আৰু পেটটো লঘু অনুভৱ হয়।