শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

উৎকট গৰমত কেৱল পানীয়ে পৰিত্ৰাণ নিদিয়ে দেহকঃ এনে খাদ্যসমূহো কৰক খাদ্য তালিকাৰ অংশ…

গ্ৰীষ্মকালত সাধাৰণতে দেহৰ উপযোগী বহু ফল বজাৰত উপলব্ধ হয়। এই ফলসমূহৰ মাজৰে কিছুমান ফলে আমাৰ দেহত পানীৰ অভাৱ দূৰ কৰিব পাৰে। তদুপৰি কিছুমান পানীয়ও আমাৰ শৰীৰৰ বাবে এই সময়ত পৰম উপকাৰী বিবেচিত হয়। জানো আহক, গ্ৰীষ্মকালত দেহত পানীৰ যোগান ধৰিব পৰা এনে কিছু উপকাৰী খাদ্য সামগ্ৰীৰ বিষয়ে।

উৎকট গৰমত কেৱল পানীয়ে পৰিত্ৰাণ নিদিয়ে দেহকঃ এনে খাদ্যসমূহো কৰক খাদ্য তালিকাৰ অংশ…
গৰমত কেৱল পানীৰেই নাপাব পৰিত্ৰাণImage Credit source: Getty Images
monjit-dutta
Monjit Dutta | Published: 13 Jun 2025 13:30 PM

ৰাজ্যত এতিয়া গৰমৰ তাণ্ডৱ। সূৰ্যৰ প্ৰখৰ তাপত ত্রাহি মধুসূদন দেখিছে সকলোৱে। পিছে এনে প্ৰখৰ গৰমত যিকোনো ব্যক্তিৰে দেহত স্বাস্থ্যজনিত সমস্যাৰ সম্ভাৱনা বৃদ্ধি পায়। গৰমৰ ফলত সাধাৰণতে দেহত পানীৰ অভাৱ হোৱাৰ যথেষ্ট সম্ভাৱনা থাকে। সেয়ে এই সময়ছোৱাত দেহক পৰ্যাপ্ত পৰিমাণে পানীৰ যোগান ধৰি দেহ হাইড্ৰেট কৰি ৰখা অত্যন্ত প্ৰয়োজন। পিছে কেৱল পানীৰেই আপুনি দেহ হাইড্ৰেট কৰিব লাগে এনে নহয়, ইয়াৰ লগতে আপুনি কিছুমান পানীয় বা ঠাণ্ডা খাদ্যবস্তু খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব লাগে।

গ্ৰীষ্মকালত সাধাৰণতে দেহৰ উপযোগী বহু ফল বজাৰত উপলব্ধ হয়। এই ফলসমূহৰ মাজৰে কিছুমান ফলে আমাৰ দেহত পানীৰ অভাৱ দূৰ কৰিব পাৰে। তদুপৰি কিছুমান পানীয়ও আমাৰ শৰীৰৰ বাবে এই সময়ত পৰম উপকাৰী বিবেচিত হয়। জানো আহক, গ্ৰীষ্মকালত দেহত পানীৰ যোগান ধৰিব পৰা এনে কিছু উপকাৰী খাদ্য সামগ্ৰীৰ বিষয়ে-

নেমুৰ পানী

নেমুত ভিটামিন চি আৰু ইলেক্ট্ৰলাইট থাকে, যি শৰীৰ শীতল কৰাত সহায় কৰে। গতিকে প্ৰতিদিনে ১ৰ পৰা ২ গিলাচ নেমুৰ পানী খাব লাগে। এই স্বাস্থ্যকৰ পানীয়ই আপোনাৰ শৰীৰক শক্তি প্ৰদান কৰাত সহায় কৰে।

মাখন

গ্ৰীষ্মকালত আপুনি খাদ্য তালিকাত মাখনো অন্তৰ্ভুক্ত কৰিব পাৰে। মাখনত ইলেক্ট্ৰলাইট থাকে আৰু ইয়াৰ প্ৰভাৱো ঠাণ্ডা হয়, সেয়ে ই শৰীৰত পানীৰ যোগান ধৰাৰ লগতে গৰমৰ প্ৰভাৱৰ পৰা ৰক্ষা কৰাত সহায় কৰে।

নাৰিকলৰ পানী

নাৰিকলৰ পানীৰ সোৱাদ আমি প্ৰায়ে লওঁ। গৰমত বিশেষকৈ ই অত্যন্ত উপকাৰী বিবেচিত হয়। ই দেহত পানীৰ অভাৱ দূৰ কৰাৰ লগতে গ্ৰীষ্মকালত পেট ঠাণ্ডা কৰাত সহায় কৰে।

তৰমুজ

গ্ৰীষ্মকালত খাদ্যত তৰমুজ অন্তৰ্ভুক্ত কৰক। তৰমুজত ৯০ শতাংশ পানী থাকে, যাৰ বাবে ই শৰীৰত পানীৰ অভাৱ দূৰ কৰিব পাৰে। ইয়াৰ উপৰিও ইয়াত প্ৰচুৰ পৰিমাণে ফাইবাৰ থাকে, যি পাচনতন্ত্ৰৰ সমস্যা যেনে কোষ্ঠকাঠিন্য, এচিডিটি আদিও দূৰ কৰে।

তিয়ঁহ

গ্ৰীষ্মকালত দেহৰ বাবে অত্যন্ত উপকাৰী এক খাদ্যবস্তু হৈছে তিয়ভ। ইয়াত ৯৫ শতাংশ পানী থাকে, যাৰ ফলত শৰীৰৰ পানীৰ অভাৱ দূৰ হয় আৰু লগতে শৰীৰ শীতল হৈ থাকে। কেৱল এয়াই নহয়, ইয়াত এণ্টিঅক্সিডেণ্ট আৰু ভিটামিন চিও থাকে, যি ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে।