শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

গৰমৰ দিনত মুখত কিয় আলচাৰ হয়? এই সমস্যাৰ পৰা উপশম পোৱাৰ ঘৰুৱা উপায় জানক

মুখৰ আলচাৰ এটা সাধাৰণ সমস্যা। যদি আপোনাৰ সঘনাই মুখৰ আলচাৰ হৈ আছে, তেন্তে ইয়াৰ কাৰণ হ’ব পাৰে পেটৰ উত্তাপ। পেটৰ তাপত কিয় আলচাৰ হয় আৰু উপশম পোৱাৰ ঘৰুৱা উপায় কি জানোঁ আহক।

গৰমৰ দিনত মুখত কিয় আলচাৰ হয়? এই সমস্যাৰ পৰা উপশম পোৱাৰ ঘৰুৱা উপায় জানক
প্ৰতীকী ফটোImage Credit source: GettyImage
manas-borah
Manas Borah | Updated On: 15 Jun 2025 10:31 AM

গ্ৰীষ্মকালত খাদ্যৰ বাবে মানুহে প্ৰায়ে পেটৰ উত্তাপত ভুগিবলগীয়া হয়। পেটৰ উত্তাপৰ প্ৰভাৱ কেৱল পাচনতন্ত্ৰতে সীমাবদ্ধ নহয়, ইয়াৰ প্ৰভাৱ আমাৰ সমগ্ৰ শৰীৰত দেখাবলৈ আৰম্ভ কৰে। বিশেষকৈ মুখৰ আলচাৰ এটা সাধাৰণ সমস্যা। যদি আপোনাৰ সঘনাই মুখৰ আলচাৰ হৈ আছে, তেন্তে ইয়াৰ কাৰণ হ’ব পাৰে পেটৰ উত্তাপ। পেটৰ তাপত কিয় আলচাৰ হয় আৰু উপশম পোৱাৰ ঘৰুৱা উপায় কি জানোঁ আহক।

পেটৰ তাপ কি?

পেটৰ তাপ মানে পেটত বৃদ্ধি পোৱা তাপ বা পাচনতন্ত্ৰত উৎপন্ন হোৱা অত্যধিক তাপ। এই পৰিস্থিতিৰ সৃষ্টি হয় যেতিয়া আমাৰ খাদ্যাভ্যাস ভুল হয়, আমি বেছিকৈ টেঙা, ভজা খাদ্য খাওঁ বা কম পানী খোৱাৰ ফলত এই সমস্যা হয়। ইয়াৰ উপৰিও অত্যধিক মানসিক চাপ, টোপনিৰ অভাৱ আৰু শৰীৰত পানীৰ অভাৱ আদিয়েও পেটৰ উত্তাপ বৃদ্ধি কৰিব পাৰে।

পেটৰ তাপ আৰু মুখৰ আলচাৰৰ মাজৰ সম্পৰ্ক

পেটৰ উত্তাপ বৃদ্ধিৰ বাবে শৰীৰৰ উষ্ণতা ভাৰসাম্যহীন হৈ পৰে। যাৰ ফলত শৰীৰৰ অভ্যন্তৰীণ অংগত জ্বলা-পোৰা অনুভৱ হয়। এই জ্বলন মুখৰ ভিতৰতো হয় আৰু তাত সৰু সৰু আলচাৰৰ সৃষ্টি হয়। এই আলচাৰবোৰ প্ৰায়ে গালৰ ভিতৰত, জিভাত, ওঁঠৰ প্ৰান্তত বা দাঁতৰ আলুত হ’ব পাৰে। যেতিয়া পেটত এচিডিটি বাঢ়ে তেতিয়া পেটৰ এচিডে তেজতো প্ৰভাৱ পেলায় আৰু ইয়াৰ প্ৰভাৱ মুখৰ ছালত দেখা দিবলৈ আৰম্ভ কৰে। এই কাৰণেই পেটৰ তাপৰ ফলত আলচাৰ হোৱা দেখা যায় ।

পেটত তাপ বৃদ্ধি হোৱাৰ কাৰণ

অধিক টেঙা খাদ্য, ভজা আৰু ফাষ্ট ফুড খোৱা, পৰ্যাপ্ত পৰিমাণৰ পানী নোখোৱা, টোপনিৰ অভাৱ, অত্যধিক মানসিক চাপ, মদ্যপান আৰু ধূমপান, গ্ৰীষ্মকালত ডিহাইড্ৰেচন আদি ইয়াৰ মূল কাৰণ হ’ব পাৰে।

আলচাৰৰ পৰা উপশম পোৱা ঘৰুৱা উপায়

ঠাণ্ডা বস্তু সেৱন কৰক

পেটৰ তাপ কম কৰিবলৈ ঠাণ্ডা বস্তু যেনে নাৰিকল পানী, তিয়ঁহ, তৰমুজ আদি খাব পাৰে । ইয়াৰ ফলত শৰীৰৰ উষ্ণতা নিয়ন্ত্ৰণত থাকে আৰু আলচাৰৰ পৰা সকাহ পোৱা যায়।

প্ৰচুৰ পৰিমাণে পানী খাব লাগে

দিনটোৰ ভিতৰত কমেও ৮-১০ গিলাচ পানী খাব লাগে। শৰীৰত পানীৰ অভাৱত পেটৰ তাপ বৃদ্ধি পায়, যাৰ ফলত আলচাৰো হ’ব পাৰে।

গৰম পানীত নিমখ মিহলাই গাৰ্গল কৰি লওক

নিমখৰ সৈতে কুহুমীয়া পানী মুখৰ আলচাৰত প্ৰত্যক্ষভাৱে প্ৰভাৱিত কৰাৰ বাবে অতি উত্তম। ইয়াৰ ফলত আলচাৰত জ্বলা-পোৰাৰ অনুভূতি কমি যায় আৰু সোনকালে সকাহ পোৱা যায়।

তুলসীৰ পাত চোবাই খাব

তুলসীৰ পাতৰ প্ৰাকৃতিক ঔষধি গুণ আছে। প্ৰতিদিনে ৰাতিপুৱা ৪-৫ টা তুলসীৰ পাত চোবাই খালে পেটৰ তাপ কমি যায় আৰু লগতে আলচাৰৰ পৰাও সকাহ পোৱা যায়।

মৌ আৰু হালধি

মৌ আৰু হালধি দুয়োবিধেই বেক্টেৰিয়া প্ৰতিৰোধী গুণৰ প্ৰচুৰ পৰিমাণে থাকে। হালধি গুড়িত অলপ মৌ মিহলাই আলচাৰত লগালে সকাহ পোৱা যায়।

এলোভেৰাৰ ৰস

পেটৰ গৰম আৰু আলচাৰৰ বাবেও এলোভেৰাৰ ৰস অতি উপকাৰী বুলি গণ্য কৰা হয়। দিনে ১-২ চামুচ এলোভেৰাৰ ৰস খোৱাটো উপকাৰী।

নিম সেৱন কৰক

নিম পাতৰ শীতল গুণ আছে। নিমৰ ৰস বা পাত খালে পেটৰ তাপ কমি যায় আৰু আলচাৰ সোনকালে ভাল হয়।

কেতিয়া চিকিৎসকৰ ওচৰলৈ যাব লাগে?

যদি আলচাৰ পুনৰাবৃত্তি হয়, অতি ডাঙৰ হৈ আহিছে, ৰক্তক্ষৰণ আৰম্ভ হৈছে বা খোৱা-বোৱাত অসুবিধা হৈছে, তেন্তে তৎক্ষণাত চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত। কেতিয়াবা ই কোনো গুৰুতৰ ৰোগৰ লক্ষণো হ’ব পাৰে।