শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Healthy Life Tips: হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ মতে, এই ৫টা অভ্যাসে দীৰ্ঘ আৰু সুস্থ জীৱন দিব পাৰে

যিসকলে এই ৫ টা অভ্যাস মানি চলিব তেওঁলোকে সুস্থ আৰু দীৰ্ঘায়ু লাভ কৰিব পাৰে। দীৰ্ঘ আৰু সুস্থ জীৱন পাবলৈ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ বিশেষজ্ঞই দিয়া এই ৫টা অভ্যাস কি জানোঁ আহক।

Healthy Life Tips: হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ মতে, এই ৫টা অভ্যাসে দীৰ্ঘ আৰু সুস্থ জীৱন দিব পাৰে
Image Credit source: GettyImage
manas-borah
Manas Borah | Published: 26 Oct 2025 11:01 AM

দীৰ্ঘ আৰু সুস্থ জীৱন উদযাপন কৰিবলৈ সকলোৱে বিচাৰে। ইয়াৰ বাবে আপুনি কি কৰিব? দেখা গৈছে যে, ভুল খাদ্যাভ্যাস আৰু জীৱনশৈলীৰ বাবে বৰ্তমান সময়ত একাধিক ৰোগৰ আশংকাও বৃদ্ধি পাইছে। আমেৰিকাৰ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ মতে, এই ৫ টা অভ্যাসে আপোনাক সুস্থ জীৱন উদযাপন কৰাত সহায় কৰিব পাৰে। যিসকলে এই ৫ টা অভ্যাস মানি চলিব তেওঁলোকে সুস্থ আৰু দীৰ্ঘায়ু লাভ কৰিব পাৰে। দীৰ্ঘ আৰু সুস্থ জীৱন পাবলৈ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ বিশেষজ্ঞই দিয়া এই ৫টা অভ্যাস কি জানোঁ আহক।

১) ভাল টোপনি

বহুতে ব্যস্ত জীৱনত পৰ্যাপ্ত টোপনি নাপায়। হাৰ্ভাৰ্ডৰ গৱেষকসকলে কয় যে, প্ৰাপ্তবয়স্কসকলে সাধাৰণতে ৰাতি ৭-৮ ঘণ্টা শুব লাগে। তেওঁলোকৰ গৱেষণাৰ মতে, ভাল টোপনিয়ে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে। ইয়াৰ লগতে এই অভ্যাসৰ বাবে মানসিক স্বাস্থ্য উন্নত হোৱাৰ লগতে ওজন নিয়ন্ত্ৰণ আৰু দীৰ্ঘায়ুৰ জীৱন পাব পাৰে।

২) ধ্যান

হাৰ্ভাৰ্ডৰ গৱেষণাৰ মতে, ধ্যানে মনোযোগ বৃদ্ধি কৰে, মানসিক চাপ হ্ৰাস কৰে আৰু যিকোনো ব্যক্তিক বৰ্তমানৰ সৈতে সংযুক্ত কৰি ৰাখিব পাৰে। ধ্যানে শৰীৰত হৰম’নৰ ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰে।

৩) খোজ কঢ়া

প্ৰতিদিনে ৩০ মিনিট শাৰীৰিক ব্যায়ামে এটা সুস্থ শৰীৰ দিব পাৰে। হাৰ্ভাৰ্ডৰ গৱেষকসকলে কয় যে, খোজ কঢ়াটোও এটা ব্যায়াম হ’ব পাৰে। ইয়াৰ বাবে অতিৰিক্ত ব্যায়াম কৰিব নালাগে। যেনে, আপুনি খোজ কাঢ়ি থাকোঁতে কথা পাতিব পাৰে। লিফট ব্যৱহাৰ কৰাৰ সলনি চিৰি ব্যৱহাৰ কৰিব পাৰে। দীঘলীয়া কামৰ মাজত মাত্ৰ অলপ খোজ কাঢ়িলেই উপকাৰ লাভ কৰিব।

৪) প্ৰদূষণ

হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ তথ্য অনুসৰি, প্ৰদূষণৰ ফলত মানুহৰ আয়ুস হ্ৰাস পাইছে। প্ৰদূষণৰ পৰা সম্পূৰ্ণৰূপে পৰিত্ৰাণ পোৱাটো সহজ নহয় যদিও কিছুমান অভ্যাস গ্ৰহণ কৰিব পাৰিলে বিপদ অলপ কমাব পাৰি। উদাহৰণস্বৰূপে হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ে এয়াৰ পিউৰিফায়াৰ ব্যৱহাৰ কৰা, ফিল্টাৰ কৰা পানী খোৱা, প্লাষ্টিকৰ সলনি কাঁচ বা ষ্টেইনলেছ ষ্টীলৰ বাচন ব্যৱহাৰ কৰাৰ পৰামৰ্শ দিয়ে।

৫) খাদ্যাভ্যাস

হাৰ্ভাৰ্ডৰ গৱেষণাত কোৱা হৈছে যে,প্ৰাকৃতিক শস্য আৰু গোটা শস্যৰ গুৰুত্ব দিয়া উচিত। অৰ্থাৎ ফলমূল, শাক-পাচলি, দালি আৰু গুটি শস্য আদি খাদ্য খাব লাগে। একে সময়তে প্ৰচেছড খাদ্য খোৱাৰ পৰা বিৰত থাকিব লাগে। খাদ্যত নিমখ আৰু চেনিৰ পৰিমাণ কম কৰিব লাগে। বেছিকৈ মিঠাই খাব নালাগে।