শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
কিয় ওঁঠত প্ৰথমটো চুম্বন কৰাৰ লগে লগে বাথৰুমলৈ দৌৰি যায় অভিনেত্ৰী নীনা?

কিয় ওঁঠত প্ৰথমটো চুম্বন কৰাৰ লগে লগে বাথৰুমলৈ দৌৰি যায় অভিনেত্ৰী নীনা?

barasha-misra
Barasha Misra | Published: 25 Oct 2025 17:47 PM

ইয়াৰ লগতে নীনাই কয়, "কোনোৱে ধেমালি কৰিব নোৱাৰে। কেমেৰাৰ সন্মুখত কোনেও কান্দিব নোৱাৰে। মই তেনেকুৱা কৰিব পাৰো। কিন্তু সেই দৃশ্যটো শেষ হোৱাৰ লগে লগে মই ডেটলেৰে মুখখন ধুই দিও। গোটেই ঘটনাটো মোৰ বাবে অস্বস্তিকৰ আছিল।"

প্ৰথম চুম্বন সদায় বিশেষ। কিন্তু নীনা গুপ্তাৰ চুম্বনৰ অভিজ্ঞতা বৰ এটা ভাল নাছিল। ভুল নাভাৱিব, এয়া বাস্তৱ জীৱনৰ চুম্বন নহয়, বহু বছৰৰ আগতে প্ৰথমটো অনস্ক্ৰীণ চুম্বন কৰিছিল এখন ধাৰাবাহিক অভিনেত্ৰী হিচাপে। য’ত সহ অভিনেতা আছিল দিলীপ ধাৱন। সেইটোৱেই আছিল ওঁঠত নীনাৰ প্ৰথমটো চুম্বন।

সেই অভিজ্ঞতাক মনত ৰাখি তেওঁ কয়, “এগৰাকী অভিনেত্ৰী হিচাপে সকলো ধৰণৰ দৃশ্যৰ সৈতে পৰিচিত হ’ব লাগে। কেতিয়াবা বোকাত ভৰি দিব লাগে আৰু কেতিয়াবা ৰ’দত ঘণ্টাৰ পিছত ঘণ্টা থিয় হৈ থাকিব লাগে। দিলীপ ধাৱনৰ সৈতে চুম্বন কৰাৰ দৃশ্যটোৰ পূৰ্বে নিশা মোৰ টোপনি অহা নাছিল। এনে নহয় যে আমি বন্ধু নাছিলোঁ। আমি দুয়ো ভাল বন্ধু আছিলোঁ। কিন্তু সেইটো কথা নহয়। মই শাৰীৰিক আৰু মানসিকভাৱে প্ৰস্তুত হ’ব পৰা নাছিলো।”

ইয়াৰ লগতে নীনাই কয়, “কোনোৱে ধেমালি কৰিব নোৱাৰে। কেমেৰাৰ সন্মুখত কোনেও কান্দিব নোৱাৰে। মই তেনেকুৱা কৰিব পাৰো। কিন্তু সেই দৃশ্যটো শেষ হোৱাৰ লগে লগে মই ডেটলেৰে মুখখন ধুই দিও। গোটেই ঘটনাটো মোৰ বাবে অস্বস্তিকৰ আছিল।”