শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

জ্বৰ, কাহ, চৰ্দিৰ হ’লে আদা আৰু মৌ খাই নেকি ? ইয়াৰ দ্বাৰা সঁচাকৈ উপশম পাব পাৰিনে? বিশেষজ্ঞৰ পৰা জনাক

ফ্লুৱে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল কৰি আন সংক্ৰমণৰ সম্ভাৱনা বৃদ্ধি কৰে। ই হাওঁফাওঁত প্ৰভাৱ পেলাব পাৰে আৰু নিউমোনিয়াৰ দৰে জটিলতাৰ সৃষ্টি কৰিব পাৰে।

জ্বৰ, কাহ, চৰ্দিৰ হ’লে আদা আৰু মৌ খাই নেকি ? ইয়াৰ দ্বাৰা সঁচাকৈ উপশম পাব পাৰিনে? বিশেষজ্ঞৰ পৰা জনাক
প্ৰতীকী ফটো
manas-borah
Manas Borah | Published: 22 Sep 2025 19:55 PM

ফ্লু বা ইনফ্লুৱেঞ্জা হৈছে এক ভাইৰাছৰ সংক্ৰমণ যিয়ে প্ৰধানকৈ শ্বাস-প্ৰশ্বাসতন্ত্ৰক প্ৰভাৱিত কৰে। বিশেষকৈ ঋতু পৰিৱৰ্তনৰ সময়ত এই ভাইৰাছ অধিক সক্ৰিয় হৈ পৰে। হাঁচি, কাহ বা সংক্ৰমিত ব্যক্তিৰ ঘনিষ্ঠ সংস্পৰ্শৰ জৰিয়তে ই এজনৰ পৰা আন এজনলৈ সহজে বিয়পে। মানুহে প্ৰায়ে ইয়াক সাধাৰণ চৰ্দি বুলি ভুল কৰে, কিন্তু ফ্লু বহুত বেছি গুৰুতৰ হ’ব পাৰে। শিশু, বৃদ্ধ লোকৰ বাবে ই আৰু অধিক বিপজ্জনক হ’ব পাৰে।

ফ্লুৱে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল কৰি আন সংক্ৰমণৰ সম্ভাৱনা বৃদ্ধি কৰে। ই হাওঁফাওঁত প্ৰভাৱ পেলাব পাৰে আৰু নিউমোনিয়াৰ দৰে জটিলতাৰ সৃষ্টি কৰিব পাৰে। ফ্লুৰ সময়ত এজন ব্যক্তিৰ তীব্ৰ জ্বৰ, ডিঙিৰ বিষ, মূৰৰ বিষ, পেশী আৰু গাঁঠিৰ বিষ, কাহ, নাকৰ পৰা পানী ওলোৱা, ভাগৰুৱা হৈ পৰে। ফ্লুৱে পেটতো প্ৰভাৱ পেলাব পাৰে, যাৰ ফলত বমি, ডায়েৰিয়া বা পেটৰ বিষ হ’ব পাৰে। দুৰ্বলতা ইমানেই ভয়াৱহ হৈ পৰে যে ৰোগীয়ে সাধাৰণ কামবোৰো কৰিবলৈ অসুবিধা পায়। লগতে উশাহ-নিশাহ লোৱাত অসুবিধা আৰু অক্সিজেনৰ অভাৱ হ’ব পাৰে।

আদা আৰু মৌ ফ্লুৰ বাবে ফলপ্ৰসূ নেকি?

আদা আৰু মৌ দুয়োটাকে পৰম্পৰাগতভাৱে কাহ, চৰ্দি, ফ্লুৰ লগত জড়িত সমস্যাৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা হয়। আদাত থকা জিঞ্জাৰল নামৰ যৌগটোৰ এন্টি-ইনফ্লেমেটৰী আৰু এন্টিভাইৰেল গুণ আছে। ইফালে মৌৰ প্ৰাকৃতিক এন্টিবেক্টেৰিয়েল গুণ আছে। মৌৱে শক্তিও প্ৰদান কৰে, যিয়ে ক্লান্তি আৰু দুৰ্বলতা দূৰ কৰাত সহায় কৰিব পাৰে। ইণ্টাৰনেশ্যনেল জাৰ্নেল অৱ বেচিক এণ্ড ক্লিনিকেল ফাৰ্মাক’লজীত প্ৰকাশিত এক অধ্যয়নতো দেখা গৈছে যে আদা-মৌৰ মিশ্ৰণে শিশুৰ কাহৰ তীব্ৰতা হ্ৰাস কৰাত সহায় কৰিব পাৰে।

দিল্লী চৰকাৰৰ আয়ুৰ্বেদ বিভাগৰ ডাঃ আৰ পি পৰাশৰে কয় যে, এয়া ফ্লুৰ নিৰাময় নহয়, কিন্তু লক্ষণসমূহ লাঘৱ কৰাত সহায় কৰিব পাৰে আৰু সকাহ দিব পাৰে। গতিকে প্ৰেছক্ৰিপচন ঔষধৰ সমান্তৰালকৈ ইয়াক ঘৰুৱা ঔষধ হিচাপে ব্যৱহাৰ কৰিলে উপকাৰী হ’ব পাৰে।

ভাইৰাছজনিত ৰোগৰ পৰা বাছি থাকিবলৈ এই কথাবোৰত গুৰুত্ব দিয়ক

  • পৰ্যাপ্ত টোপনি আৰু জিৰণি লওক।
  • লঘু আৰু পুষ্টিকৰ খাদ্য খাব লাগে।
  • প্ৰচুৰ পৰিমাণে পানী আৰু গৰম তৰল পদাৰ্থ খাব লাগে।
  • ভিৰ কৰা ঠাই পৰিহাৰ কৰি মাস্ক ব্যৱহাৰ কৰিব লাগে।
  • নিয়মিতভাৱে হাত ধুব লাগে।
  • চিকিৎসকৰ পৰামৰ্শ নোহোৱাকৈ কোনো ঔষধ গ্ৰহণ নকৰিব।