এনেকৈ মুখত ব্যৱহাৰ কৰক বিলাহী, মাত্ৰ ১০ দিনত ছাল হৈ পৰিব উজ্বল আৰু ধুনীয়া…
প্ৰায় সকলোৱে বিচাৰে ধুনীয়া আৰু উজ্বল ছাল। ইয়াৰ বাবে বহুতে বজাৰত উপলব্ধ দাবী সামগ্ৰী ব্যৱহাৰ কৰে। কিন্তু আপুনি বিলাহী ব্যৱহাৰ কৰিও ছাল উজ্বল আৰু ধুনীয়া কৰি তুলিব পাৰে।

প্ৰায় সকলোৱে বিচাৰে ধুনীয়া আৰু উজ্বল ছাল। ইয়াৰ বাবে বহুতে বজাৰত উপলব্ধ দাবী সামগ্ৰীসমূহ ব্যৱহাৰ কৰে। কিন্তু ইয়াৰ পাছতো বহু সময়ত মুখ উজ্বল দেখা নাযায়। অৱশ্যে আপুনি কিছুমান ঘৰুৱা উপায় অৱলম্বন কৰিও ছাল সুন্দৰ কৰি তুলিব পাৰে। ইয়াৰ বাবে আপুনি ঘৰত প্ৰায়ে ব্যৱহাৰ হোৱা বিলাহী ব্যৱহাৰ কৰিব পাৰে । ইয়াৰ ফলত আপোনাৰ ছালখন পৰিষ্কাৰ হোৱাৰ লগতে ছালত ওলোৱা শালমইনা, ক’লা দাগ আদি সমস্যাৰ পৰাও সকাহ পোৱা যায়। গতিকে বিলাসী কেনেদৰে মুখত ব্যৱহাৰ কৰিব পাৰি এই লেখাটোত উল্লেখ কৰা হ’ল।
দৰাচলতে, বিলাহীত পুষ্টিকৰ উপাদান থাকে। ইয়াত ভিটামিন এ, কে, চি, লাইকোপিন আৰু এন্টিঅক্সিডেন্ট আদি পোৱা যায়। যিয়ে ছালক উজ্বল কৰি ৰখাত সহায় কৰে। বিলাহী গ্ৰীষ্মকালত মুখত লগালেও টেনিংৰ সমস্যা কম হয়।
বিলাহীৰ ৫টা ফেচ পেক
বিলাহী আৰু দৈঃ বিলাহী আৰু দৈৰ ফেচপেক বনাবলৈ প্ৰথমে এটা বাটিত বিলাহীৰ পেষ্ট বনাই লওক। তাৰ পাছত তাত দৈ, বেচন মিশ্ৰণ কৰি এটা ফেচপেক তৈয়াৰ কৰক। ইয়াক মুখ লগোৱাৰ ১৫-২০ মিনিট পাছত ঠাণ্ডা পানীৰে ধুই দিব। ফলত আপোনাৰ ছালখন কোমল হ’ব আৰু লগতে আপোনাক তৎক্ষণাত উজ্বলতাও প্ৰদান কৰিব।
বিলাহী আৰু হালধীঃ বিলাহী আৰু হালধী দুয়োটাই ছাল পৰিষ্কাৰ কৰাত সহায় কৰে। ইয়াৰ বাবে বিলাহীৰ পেষ্ট বনাই তাত হালধী আৰু গোলাপ জল মিহলি কৰি দিয়ক। তাৰ পাছত ১০-১৫ মিনিট ইয়াক ছালত লগাই মুখখন ধুই দিব। ইয়াৰ ফলত আপোনাৰ ছালখন উজ্বল হৈ পৰিব। হালধীত এন্টিবেক্টেৰিয়েল আৰু এন্টিচেপ্টিক গুণ থাকে যিয়ে আপোনাৰ মুখৰ পৰা শালমইনাৰ সমস্যা হ্ৰাস কৰে।
বিলাহী আৰু কফিঃ প্ৰথমে বিলাহীৰ পেষ্ট বনাই লওক। তাৰ পাছত তাত দৈ, কফি পাউডাৰ মিহলাই লওক। প্ৰায় ১৫ মিনিট মুখত লগোৱাৰ পাছত ঠাণ্ডা পানীৰে ধুই দিব। যিসকল লোকৰ তেলেতীয়া ছাল আছে তেওঁলোকৰ বাবে এই পেক অতি উত্তম।
বিলাহী আৰু নেমুঃ বিলাহী আৰু নেমুত অধিক পৰিমাণে ভিটামিন চি থাকে।যাৰ বাবে ই ছালখন পৰিষ্কাৰ কৰি ৰখাত সহায় কৰে। ইয়াৰ বাবে আপুনি প্ৰথমে বিলাহীৰ পেষ্ট বনাই লওক। পাছত ইয়াত নেমু ৰস মিহলাই মুখত লগাওক। ১০-১৫ মিনিট লগোৱাৰ পাছত ইয়াত আপুনি ধুই দিব। ইয়াৰ ফলত আপোনাৰ ছাল উজ্বল হৈ পৰিব।
বিলাহী আৰু তিঁয়হঃ ছালখন হাইড্ৰেটেড কৰি ৰাখিবলৈ গৰমৰ বতৰত বিলাহী আৰু তিঁয়হৰ ব্যৱহাৰ কৰিব পাৰি। ইয়াৰ বাবে বিলাহী আৰু তিঁয়হৰ পেষ্ট বনাই মুখত লগাব পাৰে। এনে কৰিলে আপোনাৰ মুখৰ উজ্বলতা বৃদ্ধি পাব।
অন্য খবৰ পঢ়কঃ ফোহাৰ লগতে শুকান হৈ পৰিছে নেকি আপোনাৰ ছাল? তেন্তে হ’ব পাৰে এই ডাঙৰ ৰোগৰ লক্ষণ, জানক চিকিৎসকৰ পৰা…