TV9 ASSAM
প্ৰায় সকলো হিন্দু মহিলাই সেন্দূৰ পৰিধান কৰে। ইয়াৰোপৰি সেন্দূৰ বিভিন্ন ধৰ্মৰ পূজাত ব্যৱহাৰ হয়। এই সেন্দূৰ কাঢ়িব খোজাৰ বাবে ভাৰতে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে চলাইছিল অপাৰেশ্যন সেন্দূৰ।
পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পাছতে ভাৰত-পাকিস্তানৰ উত্তেজনা বৃদ্ধি পায় । পহলগাম কাণ্ডত সন্ত্ৰাসবাদীয়ে কেৱল হিন্দু আৰু পুৰুষসকলক হত্যা কৰিছিল। এক প্ৰকাৰ ভাৰতীয় মহিলাৰ সেন্দূৰ কঢ়াৰ চেষ্টা কৰিছিল।
পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পাছতে ভাৰতে পাকিস্তান আৰু পাকিস্তান অধীকৃত কাশ্মীৰক অপাৰেশ্যন সেন্দূৰ চলাইছিল। য'ত অধীনত ১০০ ৰো অধিক সন্ত্ৰাসবাদী নিহত হৈছিল।
পাকিস্তানত কম পৰিমাণে হিন্দু লোকেও বাস কৰে। গতিকে প্ৰশ্ন হয়, তাত থকা হিন্দু মহিলাই সেন্দূৰ পৰিধান কৰেনে? পাকিস্তানত সেন্দূৰৰ দাম কিমান?
উল্লেখ্য যে, বিভিন্ন সংঘাতৰ পাছতো পাকিস্তানত এতিয়াও হিন্দু লোক আছে। পাকিস্তানত থকা বিবাহিতা মহিলা সকলেও সেন্দূৰ পৰিধান কৰে। স্বামীৰ নামত এই সেন্দূৰ লয়।
ভাৰতৰ সৈতে তুলনা কৰি চাবলৈ হ'লে পাকিস্তানত সেন্দূৰৰ মূল্য অধিক। পাকিস্তানৰ DARZA ই-কমাৰ্চ চাইটত সেন্দূৰৰ লিষ্ট আছে। এই লিষ্ট অনুসৰি ১০০ গ্ৰাম সেন্দূৰৰ দাম ৩২০ পাকিস্তানী টকা।
এই ৱেবচাইটত উপলব্ধ তথ্য অনুসৰি যদি পাকিস্তানৰ কোনো হিন্দু মহিলাই সেন্দূৰ অৰ্ডাৰ কৰে তেন্তে ১০-১৪ দিনৰ ভিতৰত ইয়াক লাভ কৰে। ইয়াৰোপৰি অতি কম সংখ্যক দোকানত সেন্দূৰ উপলব্ধ।
পঢ়িবলৈ ক্লিক কৰক