শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

গোটেই পাকিস্তান ধ্বংস কৰাৰ শক্তি আছে ভাৰতৰ, এগৰাকী সেনা বিষয়াৰ দাবী

‘অপাৰেচন সেন্দূৰ’ৰ কথা উল্লেখ কৰি তেওঁ কয় যে সমগ্ৰ পাকিস্তানৰ ভূখণ্ডত অৱস্থিত লক্ষ্যত আক্ৰমণ কৰাৰ ক্ষমতা ভাৰতৰ আছে । সংবাদ সংস্থা এ এন আইৰ সৈতে হোৱা এক সাক্ষাৎকাৰত লেফটেনেণ্ট জেনেৰেল ডিকুনহাই কয় যে সমগ্ৰ পাকিস্তান এই পৰিসৰৰ অধীনত আছে । তেওঁ কয় যে পাকিস্তানে ৰাৱালপিণ্ডিৰ পৰা নিজৰ সেনা মুখ্য কাৰ্যালয় (জি এইচ কিউ) খাইবাৰ পখতুনখোৱা (কে পি কে)ৰ দৰে অঞ্চললৈ স্থানান্তৰিত কৰিলেও সুগভীৰ গাঁত বিচাৰি উলিয়াব লাগিব বাচিবলৈ ।

গোটেই পাকিস্তান ধ্বংস কৰাৰ শক্তি আছে ভাৰতৰ, এগৰাকী সেনা বিষয়াৰ দাবী
লেফটেনেণ্ট জেনেৰেল সুমেৰ ইভান ডি কুনহা
raj-saikia
Raj Saikia | Published: 20 May 2025 12:38 PM

পহলগাম আক্ৰমণৰ প্ৰতিশোধ ল’বলৈ ভাৰতে পাকিস্তানত থকা সন্ত্ৰাসবাদী ঘাটি ধ্বংস কৰে । হতাশগ্ৰস্ত পাকিস্তানে ভাৰতক আক্ৰমণ কৰিছিল, যিটো আছিল দেশখনৰ আটাইতকৈ ডাঙৰ ভুল । ভাৰতে পাকিস্তানৰ আক্ৰমণ বিফল কৰি জিন্নাৰ দেশৰ বিমান ঘাটি ধ্বংস কৰে । পাকিস্তানে গম পোৱা নাছিলনে যে ভাৰতীয় সেনা ইমান শক্তিশালী যে চকুৰ পলকতে টোপনি কাঢ়ি নিব পাৰে? সেনাৰ বায়ু প্ৰতিৰক্ষাৰ সঞ্চালক প্ৰধান লেফটেনেণ্ট জেনেৰেল সুমেৰ ইভান ডি কুনহাই ভাৰতৰ সামৰিক শক্তিৰ বিষয়ে ব্যাখা কৰিছে ।

‘অপাৰেচন সেন্দূৰ’ৰ কথা উল্লেখ কৰি তেওঁ কয় যে সমগ্ৰ পাকিস্তানৰ ভূখণ্ডত অৱস্থিত লক্ষ্যত আক্ৰমণ কৰাৰ ক্ষমতা ভাৰতৰ আছে । সংবাদ সংস্থা এ এন আইৰ সৈতে হোৱা এক সাক্ষাৎকাৰত লেফটেনেণ্ট জেনেৰেল ডিকুনহাই কয় যে সমগ্ৰ পাকিস্তান এই পৰিসৰৰ অধীনত আছে । তেওঁ কয় যে পাকিস্তানে ৰাৱালপিণ্ডিৰ পৰা নিজৰ সেনা মুখ্য কাৰ্যালয় (জি এইচ কিউ) খাইবাৰ পখতুনখোৱা (কে পি কে)ৰ দৰে অঞ্চললৈ স্থানান্তৰিত কৰিলেও গভীৰ গাঁত বিচাৰি উলিয়াব লাগিব বাচিবলৈ ।

আধুনিক থলুৱা প্ৰযুক্তিৰ ডাঙৰ ভূমিকা
লেফটেনেণ্ট জেনেৰেল ডিকুনহাই কয়, ‘‘মই মাত্ৰ ক’ব বিচাৰো যে ভাৰতৰ হাতত পাকিস্তানৰ সৈতে মোকাবিলা কৰিব পৰাকৈ ডাঙৰৰ পৰা সৰুলৈকে যথেষ্ট অস্ত্ৰ-শস্ত্ৰ আছে । গতিকে, য’তেই নাথাকক কিয়, সমগ্ৰ পাকিস্তান আমাৰ ৰেঞ্জলৰ ভিতৰত আছে । আমি সম্পূৰ্ণ সক্ষম, সেয়া আমাৰ সীমান্ততেই হওক বা গভীৰতাতেই হওক, আমি সমগ্ৰ পাকিস্তানৰ বিৰুদ্ধে যুঁজিব পাৰো ।”

তেওঁ কয়, ‘‘জিএইচকিউৱে ৰাৱালপিণ্ডিৰ পৰা কেপিকেলৈ বা য’তেই যাব বিচাৰে তাতেই যাব পাৰে, কিন্তু সকলো স্থান ৰেঞ্জৰ ভিতৰত আছে, গতিকে বাচিবলৈ তেওঁলোকে দ গাঁত এটা বিচাৰিব লাগিব ।’’ দৰাচলতে দীৰ্ঘ দূৰত্বৰ ড্ৰ’ন আৰু গাইডেড মিউনিয়নকে ধৰি আধুনিক থলুৱা প্ৰযুক্তিয়ে অপাৰেচন সেন্দূৰৰ সফলতাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে ।

পাকিস্তানে ৮০০ৰ পৰা ১০০০ ড্ৰোন প্ৰেৰণ কৰিছিল
লেফটেনেণ্ট জেনেৰেলে কয় যে অস্ত্ৰ-শস্ত্ৰ কঢ়িয়াই অনা সকলো ড্ৰ’ন সফলতাৰে ধ্বংস কৰা হৈছে, যাৰ ফলত কোনো ধৰণৰ সাধাৰণ নাগৰিকৰ মৃত্যু হোৱা নাই । তেওঁ কয়, ‘‘মই ক’ম যে চাৰিদিনতে সমগ্ৰ পশ্চিম সীমান্তৰে ৮০০ৰ পৰা ১০০০ৰ ভিতৰত ড্ৰ’ন আহিছিল । ইয়াৰে বহু সংখ্যক ধ্বংস হয় । এটা কথা নিশ্চিত যে পেলোড কঢ়িয়াই নিয়া সকলো মানৱবিহীন যুদ্ধ বিমানৰেই আমাৰ জনসাধাৰণৰ ক্ষতি কৰাৰ উদ্দেশ্য আছিল । আমি নিশ্চিত কৰিছিলো যে ইয়াৰ কোনো ক্ষতি নহয় আৰু মই ভাবো আমি প্ৰকৃততে তাৰ প্ৰমাণ দেখিলোঁ । কোনো সাধাৰণ নাগৰিক আহত হোৱা নাই ।”