শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

CBSE 10th, 12th Practical Exam 2026: কেতিয়া অনুষ্ঠিত হ’ব চিবিএছইৰ ব্যৱহাৰিক পৰীক্ষা?

CBSE 10th, 12th Practical Exam 2025: ব’ৰ্ডে জাৰি কৰা আনুষ্ঠানিক অধিসূচনা অনুসৰি শীতকালীন জ’নৰ বিদ্যালয়সমূহে জানুৱাৰীৰ পূৰ্বে ৬ নৱেম্বৰৰ পৰা ৬ ডিচেম্বৰৰ ভিতৰত ব্যৱহাৰিক পৰীক্ষা সম্পূৰ্ণ কৰিব পাৰিব।

CBSE 10th, 12th Practical Exam 2026: কেতিয়া অনুষ্ঠিত হ’ব চিবিএছইৰ ব্যৱহাৰিক পৰীক্ষা?
Cbse 10th, 12th Practical Exam 2026
raj-saikia
Raj Saikia | Updated On: 17 Oct 2025 17:45 PM

কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ডে ২০২৫-২৬ বৰ্ষৰ শৈক্ষিক চেচনৰ ব্যৱহাৰিক পৰীক্ষাৰ সময়সূচী প্ৰকাশ কৰিছে। চিবিএছইৰ দশম-দ্বাদশ ব’ৰ্ড পৰীক্ষা ২০২৫ৰ ব্যৱহাৰিক পৰীক্ষাৰ সময়সূচী অফিচিয়েল ৱেবছাইট cbse.gov.in ত প্ৰকাশ কৰা হৈছে। যাতে ছাত্ৰ-ছাত্ৰীসকলে সহজেই পৰীক্ষাৰ সময়সূচী পাব পাৰে। চিবিএছইয়ে প্ৰকাশ কৰা সাম্ভাৱ্য সময়সূচী মতে, ২০২৬ চনৰ ১৭ ফেব্ৰুৱাৰীৰ পৰা ৪ এপ্ৰিললৈ থিয়’ৰী পৰীক্ষা অনুষ্ঠিত হ’ব।

ব’ৰ্ডে জাৰি কৰা আনুষ্ঠানিক অধিসূচনা অনুসৰি শীতকালীন জ’নৰ বিদ্যালয়সমূহে জানুৱাৰীৰ পূৰ্বে ৬ নৱেম্বৰৰ পৰা ৬ ডিচেম্বৰৰ ভিতৰত ব্যৱহাৰিক পৰীক্ষা সম্পূৰ্ণ কৰিব পাৰিব। অশীতকালীন জ’নৰ বাবে এই পৰীক্ষাসমূহ ২০২৬ চনৰ ১ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব। চৰকাৰী জাননীখনত উল্লেখ কৰা হৈছে যে ২০২৫-২৬ চনৰ শীতকালীন চেচনৰ বাবে দশম আৰু দ্বাদশ দুয়োটা শ্ৰেণীৰ ব্যৱহাৰিক পৰীক্ষা/প্ৰকল্প/আভ্যন্তৰীণ মূল্যায়ন ৬ নৱেম্বৰৰ পৰা ৬ ডিচেম্বৰ, ২০২৫লৈ অনুষ্ঠিত হ’ব।

CBSE 10th, 12th Practical Exam 2025: বাহ্যিক পৰীক্ষকে ব্যৱহাৰিক পৰীক্ষা অনুষ্ঠিত কৰিব

বাহ্যিক পৰীক্ষক আৰু তত্বাৱধায়কৰ বাবে ছাত্ৰ-ছাত্ৰীৰ তালিকা প্ৰস্তুত কৰাৰ লগতে আঞ্চলিক কৰ্তৃপক্ষৰ সৈতে সমন্বয় স্থাপন কৰিবলৈ বিদ্যালয়সমূহক নিৰ্দেশ দিছে ব’ৰ্ডে। চিবিএছইয়ে উল্লেখ কৰিছে যে দশম শ্ৰেণীৰ বাবে আভ্যন্তৰীণ মূল্যায়ন এবাৰহে কৰা হ’ব। পৰীক্ষাগাৰৰ উপলব্ধতাৰ ওপৰত নিৰ্ভৰ কৰি একাধিক চেচনত ব্যৱহাৰিক পৰীক্ষা অনুষ্ঠিত হ’ব পাৰে। এবাৰ মাৰ্ক আপলোড হ’লে কোনো পৰিৱৰ্তনৰ অনুমতি দিয়া নহ’ব।

CBSE 10th, 12th Practical Exam Dates 2026 কেনেকৈ চাব: এনেদৰে সূচী চাই লওক-

  • চিবিএছইৰ অফিচিয়েল ৱেবছাইট cbse.gov.in লৈ যাওক
  • এতিয়া মূল ৱেবচাইট লিংকলৈ যাওক- https://www.cbse.gov.in/cbsenew/cbse.html
  • হোম পেজত থকা শীতকালীন চেচনৰ ব্যৱহাৰিক তাৰিখৰ লিংকত ক্লিক কৰক
  • ব্যৱহাৰিক সময়সূচী আপোনাৰ পৰ্দাত ওলাব
  • এতিয়া ইয়াক পৰীক্ষা কৰি প্ৰিন্ট কৰক

CBSE 10th, 12th Board Exam 2025 তাৰিখ: দশম আৰু দ্বাদশ লিখিত (থিয়ৰী) পৰীক্ষা কেতিয়া অনুষ্ঠিত হব?

ব’ৰ্ডে প্ৰকাশ কৰা আংশিক সূচী অনুসৰি ১৭ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব দশম আৰু দ্বাদশ লিখিত(থিয়ৰী) পৰীক্ষা। ৯ মাৰ্চত সমাপ্ত হ’ব দশম শ্ৰেণীৰ ব’ৰ্ড পৰীক্ষা। আনহাতে ৯ এপ্ৰিলত সমাপ্ত হ’ব দ্বাদশ শ্ৰেণীৰ পৰীক্ষা। ১৭ ফেব্ৰুৱাৰীৰ পৰা পুৱা ১০:৩০ বজাৰ পৰা ১:৩০ বজালৈ গণিত ষ্টেণ্ডাৰ্ড আৰু বেচিক সামৰি আৰম্ভ হ’ব দশম শ্ৰেণীৰ পৰীক্ষা । ভাষা আৰু সংগীত পৰীক্ষাৰে ৯ মাৰ্চত সামৰণি পৰিব এই পৰীক্ষাৰ।

১৭ ফেব্ৰুৱাৰীৰ পুৱা ১০:৩০ বজাৰ পৰা ১:৩০ বজালৈ জৈৱ প্ৰযুক্তি, উদ্য়মিতা আৰু চৰ্টহেণ্ড (ইংৰাজী আৰু হিন্দী)ৰে আৰম্ভ হ’ব দ্বাদশ পৰীক্ষা। সংস্কৃত, তথ্য বিজ্ঞান, আৰু মাল্টিমিডিয়া পৰীক্ষাৰে সামৰণি পৰিব। ছাত্ৰ-ছাত্ৰীসকলে অধিক তথ্যৰ বাবে চিবিএছইৰ অফিচিয়েল ৱেবছাইট চাব পাৰিব।