শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

কাঞ্চনজংঘাৰে গুণ আছে জুবিন গাৰ্গৰ গাত, জুবিনলৈ শ্ৰদ্ধা জনাই ক’লে ৰাহুল গান্ধীয়ে

কাহিলীপাৰাস্থিত বাসগৃহত কংগ্ৰেছ নেতাগৰাকীয়ে জুবিন গাৰ্গৰ পিতৃ কপিল ঠাকুৰ আৰু পত্নী গৰিমা শইকীয়া গাৰ্গক সাক্ষাৎ কৰি সমবেদনা জনায়। জুবিন গাৰ্গে কৰি যোৱা কাম অসমৰ লগতে সমগ্ৰ দেশৰ বাবে সম্পদ আখ্যা দি ৰাহুল গান্ধীয়ে লগতে জুবিন গাৰ্গে নিজকে কাঞ্চনজংঘা বুলি কৰি যোৱা মন্তব্য সন্দৰ্ভতো নিজা মত প্ৰকাশ কৰে।

কাঞ্চনজংঘাৰে গুণ আছে জুবিন গাৰ্গৰ গাত, জুবিনলৈ শ্ৰদ্ধা জনাই ক’লে ৰাহুল গান্ধীয়ে
জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি ৰাহুল গান্ধীৰ
monjit-dutta
Monjit Dutta | Published: 17 Oct 2025 17:33 PM

অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ দেহাৱসানৰ আজি ২৮টা দিন এই অমূল্য ক্ষতিৰ দুখৰ পৰা হয়তো কোনোদিনেই মুক্ত নহ ৰাজ্যবাসী শোকৰ সমান্তৰালকৈ প্ৰাণৰ শিল্পীগৰাকীৰ বাবে ন্যায়ৰ দাবীৰেও সোচ্চাৰ হৈ পৰিছে প্ৰতিজন লোক ৰাজ্যজুৰি অব্যাহত থকা শোকাকুল পৰিৱেশৰ মাজতে আজি অসমত উপস্থিত হয় লোকসভাৰ বিৰোধী দলপতি তথা কংগ্ৰেছ সাংসদ ৰাহুল গান্ধী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা নিবেদনৰ বাবে এদিনীয়া ভ্ৰমণসূচীৰে আজি গুৱাহাটীত উপস্থিত হয় কংগ্ৰেছ সাংসদগৰাকী

বিমানবন্দৰৰ পৰা ৰাহুল গান্ধী পোনে পোনে সোণাপুৰত থকা জুবিন গাৰ্গৰ সমাধিস্থলীত উপস্থিত হয় জুবিনক্ষেত্ৰত জুবিন গাৰ্গলৈ শ্ৰদ্ধা জনাই গামোচা আৰু ফুল অৰ্পণ কৰাৰ লগতে বন্তি প্ৰজ্বলন কৰে ৰাহুল গান্ধীয়ে তেওঁ লগতে প্ৰয়াত শিল্পীগৰাকীৰ প্ৰিয় নাহৰৰ পুলিও ৰোপণ কৰে ৰাজ্যবাসীৰ বাবে পুণ্যতীৰ্থ স্বৰূপ হৈ পৰা জুবিন গাৰ্গৰ সমাধিস্থলীত আয়তীৰ সৈতে নাম-প্ৰসংগতো অংশ লয় ৰাহুল গান্ধীয়ে

এই সময়ছোৱাত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ আৰু বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াসহ আন কংগ্ৰেছ নেতাকৰ্মীসকলো উপস্থিত থাকে সোণাপুৰৰ সমাধিস্থলীৰ পৰা ৰাহুল গান্ধীয়ে কাহিলীপাৰাস্থিত জুবিন গাৰ্গৰ বাসভৱনত উপস্থিত হয় আৰু শিল্পীগৰাকীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰি পৰিয়ালক সাক্ষাৎ কৰে

কাহিলীপাৰাস্থিত বাসগৃহত কংগ্ৰেছ নেতাগৰাকীয়ে জুবিন গাৰ্গৰ পিতৃ কপিল ঠাকুৰ আৰু পত্নী গৰিমা শইকীয়া গাৰ্গক সাক্ষাৎ কৰি সমবেদনা জনায় জুবিন গাৰ্গৰ পিতৃৰ সৈতে বাৰ্তালাপৰ বিষয়ে সদৰী কৰি ৰাহুল গান্ধীয়ে তেওঁৰ দৰে এগৰাকী পিতৃৰ জ্ঞান আৰু সমৰ্থনৰ বাবেই জুবিন গাৰ্গ অসমৰ দৰে এখন ধুনীয়া ৰাজ্যৰ কণ্ঠ হোৱা বুলি মন্তব্য কৰে৷

জুবিন গাৰ্গে কৰি যোৱা কাম অসমৰ লগতে সমগ্ৰ দেশৰ বাবে সম্পদ আখ্যা দি ৰাহুল গান্ধীয়ে লগতে জুবিন গাৰ্গে নিজকে কাঞ্চনজংঘা বুলি কৰি যোৱা মন্তব্য সন্দৰ্ভতো নিজা মত প্ৰকাশ কৰে সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপত ৰাহুল গান্ধীয়ে উল্লেখ কৰা মতে পৰ্বতাৰোহণৰ প্ৰশিক্ষণৰ বাবে যোৱাৰ সময়ত তেওঁ কাঞ্চনজংঘা দেখা পাইছিল

জুবিনৰ গাতো কাঞ্চনজংঘাৰ গুণ আছে বুলি উল্লেখ কৰি ৰাহুল গান্ধীয়ে কয়, “জুবিন গাৰ্গে নিজক কাঞ্চনজংঘা বুলি কৈছিল তেওঁ কাঞ্চনজংঘাই৷ কাৰণ তেওঁৰ গাত কাঞ্চনজংঘাৰ গুণ আছে জুবিন গাৰ্গ প্ৰকৃতাৰ্থতেই এগৰাকী সফল আৰু মানৱদৰদী ব্যক্তি বুলি উল্লেখ কৰি অসমবাসী তেওঁৰ বাবে নিশ্চিতভাৱে গৌৰৱৰ অধিকাৰী বুলিও কয় ৰাহুল গান্ধীয়ে