শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

কম্পিউটাৰৰ সমুখত বহি থকাৰ বাবে হৈছে নেকি মূৰৰ বিষ? এইদৰে লাভ কৰিব পাৰে উপশম…

বহু সময় কম্পিউটাৰ বা লেপটপৰ স্ক্ৰীণলৈ চাই থকাৰ বাবে তথা সেই সময়ত ভুল ভংগীমাত বহি থকাৰ বাবে মূৰ-চকুৰ বিষৰ সমস্যাত ভুগিব পাৰে। তদুপৰি এনে অভ্যাসৰ বাবে আপুনি মানসিক চাপতো ভুগিব পাৰে। এনে সমস্যাৰ পৰা উপশম পাবলৈ কি কৰিব পাৰে? চাওঁ আহক এই বিষয়ে।

কম্পিউটাৰৰ সমুখত বহি থকাৰ বাবে হৈছে নেকি মূৰৰ বিষ? এইদৰে লাভ কৰিব পাৰে উপশম…
প্ৰতিনিধিত্বমূলক ছবিImage Credit source: Getty Images
monjit-dutta
Monjit Dutta | Updated On: 12 May 2025 17:13 PM

বৰ্তমান সময়ত যুৱ প্ৰজন্মৰ অধিকাংশ লোকেই বৃত্তিগতভাৱে কম্পিউটাৰ বা লেপটপ আদিৰ সমুখত বহি কাম কৰিবলগা হয়। পিছে বহু সময় এই ইলেক্ট্ৰিক গেজেটসমূহৰ স্ক্ৰীণলৈ চাই থকাৰ বাবে তথা সেই সময়ত ভুল ভংগীমাত বহি থকাৰ বাবে মূৰ-চকুৰ বিষৰ সমস্যাত ভুগিব পাৰে। তদুপৰি এনে অভ্যাসৰ বাবে আপুনি মানসিক চাপতো ভুগিব পাৰে। এনে সমস্যাৰ পৰা উপশম পাবলৈ কি কৰিব পাৰে? চাওঁ আহক এই বিষয়ে।

সঠিক ভংগীমাৰে বহকঃ কম্পিউটাৰৰ সন্মুখত বহিলে পিঠিখন পোন কৰি ৰাখক। মনিটৰৰ ওপৰৰ অংশ চকুৰ সমতলত হ’ব লাগে। বহু সময় কুঁজা হৈ বহি থাকিলে ডিঙি আৰু মূৰত হেঁচা পৰে, যাৰ ফলত মূৰৰ বিষ হ’ব পাৰে।

নিয়মীয়াকৈ বিৰতি লওকঃ প্ৰতি ৩০-৪০ মিনিট কাম কৰাৰ পিছত ৫-১০ মিনিটৰ বিৰতি লওক। চকু দুটা মুদি অলপ সময় জিৰণি লওক বা খিৰিকীৰে বাহিৰলৈ দূৰলৈ চাবলৈ চেষ্টা কৰক। ইয়াৰ ফলত চকু টানি ধৰা কম হ’ব আৰু মূৰত আৰাম পাব।

চকুৰ যত্ন লওকঃ কম্পিউটাৰৰ স্ক্ৰীণলৈ বহু সময় চাই থাকিলে চকুৱে কষ্ট পায়। চকুৰ ক্লান্তিও মূৰৰ বিষৰ অন্যতম কাৰণ। গতিকে চকুৰ আৰামৰ বাবে ২০ মিনিটৰ মূৰে মূৰে বাহিৰলৈ চোৱাৰ চেষ্টা কৰক।

প্ৰচুৰ পৰিমাণে পানী খাবঃ শৰীৰত পানীৰ অভাৱৰ বাবেও মূৰৰ বিষ হব পাৰে। দিনটোৰ ভিতৰত পৰ্যাপ্ত পৰিমাণৰ পানী খোৱাৰ অভ্যাস গঢ়ি তোলক। দিনটোত কমেও ৮-১০ গিলাচ পানী খাব লাগে।

প্ৰাকৃতিক পোহৰ ব্যৱহাৰ কৰকঃ কোঠাত কম পোহৰ বা পৰ্দাত অত্যধিক উজ্জ্বলতাই চকুত কষ্ট দিব পাৰে। গতিকে আপোনাৰ কৰ্মক্ষেত্ৰত প্ৰাকৃতিক পোহৰ ৰাখিবলৈ চেষ্টা কৰক আৰু প্ৰয়োজন অনুসৰি স্ক্ৰীণৰ ব্ৰাইটনেচ হ্ৰাস কৰক।

লঘু ব্যায়ামঃ এটা অৱস্থাতে দীৰ্ঘ সময় বহি থাকিলে ডিঙি আৰু কান্ধৰ পেশীত টানি ধৰে। সেয়ে মাজে মাজে ডিঙিটো সামান্য ঘূৰোৱাৰ লগতে হাত-ভৰি টানি তেজৰ সঞ্চালন অটুট ৰাখিব লাগে। ইয়াৰ দ্বাৰা মূৰৰ বিষ কমোৱাত সহায়ক হ’ব।

মানসিক চাপঃ অত্যধিক মানসিক চাপ আৰু উদ্বেগৰ বাবেও মূৰৰ বিষ হব পাৰে। কিছু সময়ৰ বাবে চকু মুদি কামৰ পৰা বিৰতিৰ সময়ত ধ্যান কৰাৰ অভ্যাস গঢ়ি তোলক।