Assam News: CBSE ৰ পৰীক্ষা ফলাফলৰ পৰা পঞ্চায়ত নিৰ্বাচনৰ ফলাফললৈকে, চাওক দিনটোৰ খবৰ…
আজি ঘোষণা CBSE ৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ ফলাফল । ভাৰত-পাকিস্তানৰ উত্তেজনা হ্ৰাস পোৱাৰ সময়তে জম্মু-কাশ্মীৰত পুনৰ এনকাউণ্টাৰৰ ঘটনা । দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ চাওঁ আহক ।
আজি ঘোষণা CBSE ৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ ফলাফল । সামগ্ৰিকভাৱে এই উত্তীৰ্ণ হাৰ ৯৩.৬৬ শতাংশ । ইফালে, গুৱাহাটীত CBSEৰ দশম শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হৈছে ৮৪.১৪ শতাংশ ছাত্ৰ-ছাত্ৰী।
ভাৰত-পাকিস্তানৰ উত্তেজনা হ্ৰাস পোৱাৰ সময়তে জম্মু-কাশ্মীৰত পুনৰ এনকাউণ্টাৰৰ ঘটনা । জম্মু-কাশ্মীৰৰ শ্বোপিয়ান জিলাত সংঘটিত হৈছে এই এনকাউণ্টাৰৰ ঘটনা । নিৰাপত্তাবাহিনী-সন্ত্ৰাসবাদীৰ মাজৰ সংঘৰ্ষত নিহত তিনি সন্ত্ৰাসবাদী ।
দেশদ্ৰোহৰ অভিযোগত অসমত আৰু তিনিজন লোকক গ্ৰেপ্তাৰ । ইয়াৰ লগে লগে পাকিস্তানক সমৰ্থন তথা দেশ বিৰোধী গোচৰত ৰাজ্যখনত গ্ৰেপ্তাৰ সংখ্যা ৫৬ জনলৈ বৃদ্ধি । মুখ্যমন্ত্ৰীয়ে জনোৱা অনুসৰি, শেহতীয়াকৈ ধুবুৰী, লখিমপুৰ আৰু কাৰ্বি আংলঙৰ জিলাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে এই তিনিজন ।
সোমবাৰে দেশবাসীক সম্বোধন কৰাৰ পাছতেই আজি আদমপুৰ এয়াৰবেছত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । উপস্থিত হোৱাৰ পাছতে সেনা জোৱানসকলক সাক্ষাৎ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে । লগতে তেওঁ কয়, ভাৰতৰ সশস্ত্ৰ বাহিনীৰ প্ৰতি প্ৰতিজন ভাৰতীয় কৃতজ্ঞ ।
আজি পঞ্জাৱৰ আদমপুৰ এয়াৰবেছত উপস্থিত হৈ জোৱানসকলক সম্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। তেওঁ কয়, সমগ্ৰ বিশ্বই ভাৰত মাতা কি জয়ৰ শক্তি দেখিছে। ভাৰত মাতা কি জয় বুলি ক’লে শত্ৰুৱে কঁপিবলৈ আৰম্ভ কৰে। বৰ্তমান ভাৰতীয় সেনা দেশৰ ভৱিষ্যত প্ৰজন্মৰ বাবে এক নতুন প্ৰেৰণা হৈ পৰিছে বুলি মন্তব্য প্ৰধানমন্ত্ৰীৰ।
গুৱাহাটী মহানগৰীৰ উলুবাৰীত মুকলি কৰা হ’ল GMC ৰ স্থায়ী বজাৰগৃহ। বজাৰগৃহটো মুকলি কৰে ৰাজ্য চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই। ১০৩খন দোকান ঘৰ থকা বজাৰগৃহটো মুকলিৰ অনুষ্ঠানত উপস্থিত থাকে মেয়ৰ মৃগেন শৰণীয়া।
পঞ্চায়ত নিৰ্বাচনক লৈ গুৰুত্বপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ । তেওঁ কয়, ZPC ৰ ভিতৰত মিত্ৰজোঁটে দখল কৰিছে ৩০০ আসন । ২৭২ আসনত বিজেপি জয়ী হোৱাৰ বিপৰীতে ২৮ খনত আসন জয়ী হৈছে অগপ । লগতে মুঠ ৭৬.২৭ শতাংশ আসনত জয়ী হোৱা বুলি কয় মুখ্যমন্ত্ৰীয়ে ।
এইবাৰ পঞ্চায়ত নিৰ্বাচনত সংখ্যালঘু এলেকাত পূৰ্বতকৈ বেছি ভোট পাইছে বিজেপিয়ে। এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ । AIUDF, ৰাইজৰ দল আদি থকাৰ পাছতো সংখ্যালঘু এলেকাত BJP দ্বিতীয় স্থানত আছে বুলি কয় মুখ্যমন্ত্ৰী শৰ্মাই ।
ফিজিত উপস্থিত ভাৰতৰ বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা। ১৪৬ সংখ্যক গিৰমিট দিৱসত সন্মানীয় অতিথি হিচাপে উপস্থিত বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰীগৰাকী । ভাৰত আৰু ফিজিৰ মাজত বন্ধুত্ব আৰু সহযোগিতা শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ মন্ত্ৰীগৰাকীৰ ।