শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

আঠবাৰ ভাৰত আক্ৰমণ কৰা ব্যক্তিৰ নামেৰে প্ৰতিযোগিতা, অৰ্ধশতকেৰে উজলিল দিল্লী কেপিটেলছৰ খেলুৱৈ

আই পি এল স্থগিত হৈ থাকিলেও আন এখন ক্ৰিকেট প্ৰতিযোগিতাত নিজৰ বেটিং প্ৰদৰ্শনেৰে উজলি উঠিছে দিল্লী কেপিটেলছৰ এগৰাকী খেলুৱৈ। নিজ দলৰ হৈ তেওঁ অৰ্জন কৰিছে এক দৰ্শনীয় অৰ্ধশতক। লক্ষণীয়ভাৱে এই প্ৰতিযোগিতাখনৰ নাম ৰখা হৈছে এগৰাকী ব্যক্তিৰ নামেৰে, যিগৰাকী ব্যক্তিয়ে মৃত্যুৰ আগলৈকে কেইবাবাৰো ভাৰতক আক্ৰমণ কৰিছিল।

আঠবাৰ ভাৰত আক্ৰমণ কৰা ব্যক্তিৰ নামেৰে প্ৰতিযোগিতা, অৰ্ধশতকেৰে উজলিল দিল্লী কেপিটেলছৰ খেলুৱৈ
উজলিছে দিল্লী কেপিটেলছৰ নতুন খেলুৱৈImage Credit source: PTI
monjit-dutta
Monjit Dutta | Published: 13 May 2025 23:12 PM

ভাৰত আৰু পাকিস্তানৰ মাজত সৃষ্টি হোৱা সংঘাতৰ ফলশ্ৰুতিত স্থগিত ৰখা হৈছিল ক্ৰিকেট বিশ্বৰ আটাইতকৈ জনপ্ৰিয় লীগ আই পি এল। ইয়াৰ সমান্তৰালকৈ পাকিস্তানত অনুষ্ঠিত হোৱা পি এছ এলো এই সংঘৰ্ষৰ বাবে স্থগিত ৰাখিবলগা হয়। এই প্ৰতিযোগিতা দুখন বন্ধ হৈ থকাৰ সময়তে ইফালে আন এখন চুবুৰীয়া দেশ আফগানিস্তানত অনুষ্ঠিত হৈ আছে এখন ক্ৰিকেট প্ৰতিযোগিতা। এই প্ৰতিযোগিতাত নিজৰ বেটিং প্ৰদৰ্শনেৰে উজলি উঠিছে আই পি এল ফ্ৰেন্সাইজি দিল্লী কেপিটেলছৰ এগৰাকী খেলুৱৈ। নিজ দলৰ হৈ তেওঁ অৰ্জন কৰিছে এক দৰ্শনীয় অৰ্ধশতক।

লক্ষণীয়ভাৱে এই প্ৰতিযোগিতাখনৰ নাম ৰখা হৈছে এগৰাকী ব্যক্তিৰ নামেৰে, যিগৰাকী ব্যক্তিয়ে মৃত্যুৰ আগলৈকে কেইবাবাৰো ভাৰতক আক্ৰমণ কৰিছিল। এই ব্যক্তিজন হৈছে আফগানিস্তানত দুৰানী সাম্ৰাজ্য প্ৰতিষ্ঠা কৰা আহমেদ শ্বাহ আব্দালী। ১৭৪৮ চনৰ পৰা ১৭৬৭ চনৰ ভিতৰত আব্দালীয়ে ভাৰতত ৮ বাৰ আক্ৰমণ কৰিছিল। এতিয়া আফগানিস্তানত আব্দালীৰ নামত এক ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত হৈছে।

এই প্ৰতিযোগিতাখনত আই পি এলৰ ফ্ৰেন্সাইজি দিল্লী কেপিটেলছৰ নতুন খেলুৱৈ ছেদিকুল্লা অটলে এক চমকপ্ৰদ অৰ্ধশতক অৰ্জন কৰিছে। প্ৰতিযোগিতাখনত হিন্দুকুছ ষ্ট্ৰাইকাৰ্ছৰ অধিনায়কৰ দায়িত্বত আছে ছেদিকুল্লাহ অটল। পামিৰ লিজেণ্ডছৰ বিৰুদ্ধে হিন্দুকুছ ষ্ট্ৰাইকাৰ্ছৰ মেচখনত ছেদিকুল্লাই এক অধিনায়কোচিত ইনিংছ খেলে। মেচখনত অৱশ্যে হিন্দুকুছ দলৰ অৱস্থা চিন্তনীয়, ফ’ল’ অনৰ সন্মুখীন হৈছে ছেদিকুল্লাহ অটলৰ দল।

দলৰ প্ৰদৰ্শন উন্নত নহ’লেও অটলৰ বেটৰ পৰা আহে ৬২ ৰানৰ ইনিংছ। হিন্দুকুছৰ প্ৰদৰ্শনৰ বিপৰীতে পামিৰ লিজেণ্ডছে দাঙি ধৰে দমনীয় প্ৰদৰ্শন। দলটোৰ তিনিগৰাকী বেটছমেনে প্ৰথম ইনিংছত শতক অৰ্জন কৰে। অধিনায়ক আব্দুল মালিকে ১০২ ৰান, ৰহমানুল্লাই ১৭০ ৰান আৰু কায়ছ আহমেদে খেল ১১০ ৰানৰ ইনিংছ। উল্লেখ্য যে ছেদিকুল্লাহ অটল এই ছিজনত দিল্লী কেপিটেলছৰ সদস্য।

অৱশ্যে আই পি এলৰ নিলামত কোনো দলে ক্ৰয় কৰা নাছিল ছেদিকুল্লাহক। হেৰী ব্ৰুক স্থানত দিল্লীয়ে পিছত তেওঁক দলত অন্তৰ্ভুক্ত কৰে। আই পি এলৰ নিলামৰ পিছত ব্ৰুকে লীগৰ পৰা নিজৰ নাম প্ৰত্যাহাৰ কৰিছিল, তাৰ পিছতে বিচিচিআইয়ে তেওঁক আই পি এলত খেলাৰ পৰা নিষেধাজ্ঞা আৰোপ কৰে। এতিয়া এইগৰাকী খেলুৱৈয়ে দুবছৰলৈ আই পি এলত অংশ ল’ব নোৱাৰিব।

ইয়াৰ পিছতে নিজৰ প্ৰতিভাৰ সুবাদত দিল্লী কেপিটেলছত স্থান লাভ কৰিছে ছেদিকুল্লা অটলে। উল্লেখ্য যে অটলে ৪৯খন টি-২০ মেচত ১৩টা অৰ্ধশতকসহ ১৫০৭ ৰান সংগ্ৰহ কৰিছে। অৱশ্যে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিজকে প্ৰমাণ কৰিব পৰা নাই অটলে। এইগৰাকী খেলুৱৈয়ে ৯ খন টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচত মাত্ৰ ৯৬ ৰানহে কৰিবলৈ সক্ষম হৈছে। এতিয়া অহা ১৭ মে’ৰ পৰা পুনৰ আৰম্ভ হ’বলগীয়া আই পি এলত অটলে কেনে প্ৰদৰ্শন আগবঢ়ায়, সেয়া লক্ষণীয় হ’ব।