প্ৰেমানন্দ মহাৰাজে পূৰ কৰিব নেকি কোহলী অনুৰাগীৰ আশা!

13 MAY 2025

TV9 ASSAM

সোমবাৰে সকলো ক্ৰিকেটপ্ৰেমীক হচকিত কৰি টেষ্ট ক্ৰিকেটৰ পৰা আচম্বিতে অৱসৰ গ্ৰহণ কৰে ভাৰতীয় দলৰ তাৰকা ক্ৰিকেটাৰ বিৰাট কোহলীয়ে।

কোহলীৰ অৱসৰ

আগন্তুক ইংলেণ্ড ভ্ৰমণত ভাৰতীয় দলত কোহলীক দেখা পোৱা যাব বুলি আশা কৰা হৈছিল যদিও এতিয়া তেওঁৰ অৱসৰৰ সিদ্ধান্তই অনুৰাগীসকলক দুখী কৰি তুলিছে।

অনুৰাগীৰ দুখ

টেষ্টৰ পৰা অৱসৰ লোৱাৰ পিছতে আজি পত্নী অনুষ্কা শৰ্মাৰ সৈতে বিৰাট কোহলীয়ে প্ৰেমানন্দ মহাৰাজৰ আশ্ৰয় শিবিৰত উপস্থিত হয়।

কোহলী-অনুষ্কা

বিৰাট কোহলী প্ৰেমানন্দ মহাৰাজৰ এগৰাকী ভক্ত। অনুষ্কা আৰু কোহলীক প্ৰায়ে তেওঁৰ আশ্ৰমলৈ যোৱা দেখা যায়। আজিও দুয়ো প্ৰায় ২ ঘণ্টা সময় আশ্ৰমত থাকে।

ভক্ত

বিৰাট কোহলী আৰু অনুষ্কা শৰ্মা আজি প্ৰেমানন্দ মহাৰাজৰ আশ্ৰমত উপস্থিত হোৱাৰ ভিডিঅ’ আৰু ফটো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

ভাইৰেল দৃশ্য

বিৰাট কোহলীৰ অনুৰাগীসকলে তেওঁক টেষ্টৰ পৰা অৱসৰ প্ৰত্যাহাৰ কৰিবলৈ পতিয়ন নিয়াবলৈ প্ৰেমানন্দ মহাৰাজৰ ওচৰত কাতৰ অনুৰোধ আৰম্ভ কৰে।

অনুৰাগীৰ অনুৰোধ

পঢ়িবলৈ ক্লিক কৰক 

টেষ্ট ক্ৰিকেটত কিমান আছিল কোহলীৰ দৰমহা?