বিদায় পৰ্বত আৱেগিক CJI সঞ্জীৱ খান্নাঃ নিজ ভাষণত ক’লে প্ৰত্যাহ্বানজনক সময়ৰ কথা
আজি কৰ্মজীৱনৰ যতি পেলালে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাই। বিগত প্ৰায় ৬টা মাহ দেশৰ শীৰ্ষ আদালতৰ মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰি আজি বিদায়ৰ পৰত তেওঁ যথেষ্ট আৱেগিক হৈ পৰে। বিদায় অনুষ্ঠানৰ সময়ত ভাষণ প্ৰদান কৰি সঞ্জীৱ খানাই তেওঁৰ কৰ্মজীৱন সন্দৰ্ভত বহু কথা উল্লেখ কৰে।

আজি কৰ্মজীৱনৰ যতি পেলালে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাই। বিগত প্ৰায় ৬টা মাহ দেশৰ শীৰ্ষ আদালতৰ মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰি আজি বিদায়ৰ পৰত তেওঁ যথেষ্ট আৱেগিক হৈ পৰে। বিদায় অনুষ্ঠানৰ সময়ত ভাষণ প্ৰদান কৰি সঞ্জীৱ খানাই তেওঁৰ কৰ্মজীৱন সন্দৰ্ভত বহু কথা উল্লেখ কৰে। উচ্চতম ন্যায়ালয়ৰ উকীল সন্থাই আয়োজন কৰা বিদায় অনুষ্ঠানত ন্যায়াধীশ খান্নাই বিগত ৫০ বছৰত বহু বিদায় অনুষ্ঠানত অংশ লৈছে যদিও আজি দিনটোত অত্যন্ত সুখী হোৱা বুলি মন্তব্য কৰে।
নিজ ভাষণত সঞ্জীৱ খান্নাই কয় যে ভাৰতৰ মুখ্য ন্যায়াধীশ হিচাপে অৱসৰ লোৱাৰ গৌৰৱময় সুযোগ লাভ কৰাৰ বাবে তেওঁ নিজকে ধন্য হিচাপে গণ্য কৰে। “সঁচাকৈয়ে ই এক সপোন পূৰণ। মোৰ আজিও মনত আছে যেতিয়া দেউতাই চিভিল জজ হিচাপে কেৰিয়াৰ আৰম্ভ কৰা আৰু পিছলৈ দিল্লী উচ্চ ন্যায়ালয়ৰ জজ হোৱা দেখিছিলো। সেই প্ৰাৰম্ভিক অভিজ্ঞতাবোৰে মোৰ ওপৰত গভীৰ প্ৰভাৱ পেলাইছিল।”- অতীত সুঁৱৰি এইদৰে কয় সঞ্জীৱ খান্নাই।
তেওঁ লগতে কয়, “২০০০ চনৰ পৰা ২০০৫ চনৰ সময়ছোৱা মোৰ বাবে আছিল অত্যন্ত প্ৰত্যাহ্বানজনক। এজন বিচাৰকৰ জীৱন কিমান কঠিন আৰু ক্লান্তিকৰ হ’ব পাৰে মই বুজিলো। এনেকুৱা দিনো আছিল যেতিয়া আমি অতি কম সময়তে ৭৫ৰ পৰা ১০০টা গোচৰৰ শুনানি গ্ৰহণ কৰিব লগা হৈছিল। সেই সময়ছোৱাত বহু সিদ্ধান্ত সংৰক্ষিত ৰাখিলো। ৫৯ বছৰ বয়সত মোক ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হৈছিল।”
ইফালে শেষ কৰ্মদিনটোত গভীৰ শান্তি অনুভৱ কৰা বুলি উল্লেখ কৰে মুখ্য ন্যায়াধীশগৰাকীয়ে। তেওঁ কয়, “৬৪ বছৰ বয়সত মই ভাৰতৰ মুখ্য ন্যায়াধীশ হ’লো। আজি পুৱা মোৰ শেষ কৰ্মদিনটোত গভীৰ শান্তি আৰু সন্তুষ্টি অনুভৱ কৰিলোঁ। এয়া জীৱনৰ এক নতুন অধ্যায় আৰম্ভ হৈছে।” আইনী বৃত্তিত কটোৱা সুদীৰ্ঘ ৪০ বছৰে তেওঁক বাস্তৱিকতে গঢ় দিয়া বুলি উল্লেখ কৰে সঞ্জীৱ খান্নাই।
ন্যায়াধীশ খান্নাই লগতে উল্লেখ কৰা মতে তেওঁৰ মাতৃয়ে পুত্ৰ উকীল হোৱাটো কেতিয়াও বিচৰা নাছিল। তাৰ পিছতো আইনী বৃত্তিকে বাছি লোৱা সঞ্জীৱ খান্নাক উকীল হিচাপে নিজৰ চেম্বাৰ পাবলৈ ১৭ বছৰ সময় লাগিল বুলি আজি নিজ মুখে উল্লেখ কৰে। উল্লেখ্য যে ন্যায়াধীশ সঞ্জীৱ খান্নাক ২০২৪ চনৰ ১১ নৱেম্বৰত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধী হিচাপে নিযুক্তি দিয়া হৈছিল। তেতিয়াৰ পৰা এই দায়িত্ব পালন কৰি আজি তেওঁ কৰ্মজীৱনৰ অন্ত পেলায়।