Hair loss: গৰমৰ দিনত অধিক চুলি সৰে নেকি? তেন্তে ই কি বেমাৰৰ লক্ষণ হ’ব পাৰে, জানক…
Hair care tips: আজিকালি বহুতৰে চুলি সৰাৰ সমস্যাই দেখা দিয়ে। বিশেষকৈ গৰমৰ দিনত এই সমস্যা অধিক হোৱা দেখা যায়। কেতিয়াবা এই চুলি সৰা অন্য ৰোগৰ কাৰণো হ'ব পাৰে।

গৰমৰ দিনত মানুহৰ চুলি সৰাৰ সমস্যা বেছিকৈ হোৱা দেখা যায়। বেছিভাগ মহিলাৰ মাজত এই সমস্যা হোৱা সাধাৰণ কথা। কিন্তু কেতিয়াবা এই চুলি সৰাৰ সমস্যা কোনো ডাঙৰ বেমাৰৰ লক্ষণ হ’ব পাৰে। গতিকে এই লেখাটোত উল্লেখ কৰা হ’ল যে গৰমৰ দিনত কিয় বেছিকৈ চুলি সৰে আৰু ই কি বেমাৰৰ সংকেত হ’ব পাৰে।
- ঘাম আৰু ছালঃ গৰমৰ দিনত অত্যাধিক ঘাম ওলাই থাকে। ইয়াৰ ফলত মূৰৰ ছালখন লেতেৰা হৈ থাকে। ইয়াৰ বাবে চুলিৰ গুড়িও দুৰ্বল হৈ পৰে আৰু চুলি সৰিবলৈ আৰম্ভ কৰে। এনে অৱস্থাত গৰমৰ দিনত চুলিৰ যত্ন লোৱা অত্যাধিক আৱশ্যক। লগতে পানী খাই থাকিব লাগে।
- সূৰ্যৰ পোহৰঃ সূৰ্যৰ পোহৰ আৰু তাপে চুলিৰ পৰা আৰ্দ্ৰতা শোষণ কৰে, যাৰ ফলত চুলি শুকান আৰু দুৰ্বল হৈ পৰে। ইয়াৰ বাবে চুলি সোনকালে নষ্ট সৰিবলৈ আৰম্ভ কৰে। বহুতৰে চুলি ফাটি যোৱা দেখা যায়। এনেবোৰ কাৰণত গৰমত পানী, ফল-মূল আদি খাই থাকিব লাগে। শৰীৰটোক ডিহাইড্ৰেট কৰা ভাল।
- বাৰে বাৰে চুলি ধোৱাঃ গ্ৰীষ্মকালত সতেজ হৈ থাকিবলৈ মানুহে দৈনিক চুলি ধুৱা দেখা যায়। যাৰ ফলত চুলিৰ পৰা প্ৰাকৃতিক তেল আঁতৰি যায়, লগতে চুলি দুৰ্বল হৈ সৰিবলৈ আৰম্ভ কৰে।
- পানীৰ অভাৱঃ গৰমৰ দিনত ঘাম ওলোৱাৰ বাবে শৰীৰত পানীৰ পৰিমাণ কমি যায়। শৰীৰত হাইড্ৰেটেড নহ’লে চুলিৰ স্বাস্থ্যতো প্ৰভাৱ পৰে আৰু চুলি সৰে।
- খাদ্যঃ গৰমৰ দিনত বহু মানুহে খাদ্য কমকৈ খোৱা দেখা যায়। ইয়াৰ ফলত শৰীৰত পুষ্টিকৰ উপাদানৰ অভাৱ হয় আৰু চুলি সৰিবলৈ আৰম্ভ কৰে।
কি বেমাৰৰ লক্ষণ
যদি কাৰোবৰ অত্যাধিক চুলি সৰে তেন্তে এয়া বতৰৰ বাবে নহ’ব পাৰে। কিছুমান বেমাৰ হলে চুলি সৰা দেখা যায়। উল্লেখ্য যে, চুলি সৰাৰ সমস্যা কিছুমানৰ বাবে অতি গুৰুতৰ। গতিকে ই কি বেমাৰৰ লক্ষণ হ’ব পাৰে তলত উল্লেখ কৰা হ’ল-
- থাইৰয়ডঃ থাইৰয়ড হৰম’নৰ ভাৰসাম্যহীনতাই চুলিত প্ৰভাৱ পেলায়। বিশেষকৈ হাইপোথাইৰয়ডিজমত চুলি পাতল আৰু দুৰ্বল হৈ পৰে।
- এনীমিয়া (তেজৰ অভাৱ)ঃ শৰীৰত আইৰনৰ অভাৱ হ’লে ইয়াৰ প্ৰভাৱ চুলিত পৰা দেখা যায়। শৰীৰত তেজৰ অভাৱ হোৱা বেছিভাগ মহিলাৰ চুলি সৰাৰ অন্যতম কাৰণ।
- ছাল সংক্ৰমিতঃ ফাংগল সংক্ৰমণ বা মূৰৰ ছালত উফিৰ ফলতো চুলি সৰা দেখা যায়। গৰমৰ দিনত ই বৃদ্ধি হয়।
- হৰম’ন সমস্যাঃ পিচিঅ’এছৰ বাবে এণ্ড্ৰ’জেন নামৰ হৰম’ন এটা বৃদ্ধি পায়, যাৰ ফলত চুলি সৰা বা টকলা হ’ব পাৰে
- অটোইম্যুনঃ এলোপেচিয়া এৰিয়েটাৰ দৰে অটোইম্যুন অৱস্থাত শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাই নিজেই চুলিৰ গুৰিবোৰক আক্ৰমণ কৰে, যাৰ ফলত চুলি সৰা দেখা যায়।
কি কৰিব
চুলি সৰা সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ চুলিখিনিক প্ৰথৰ ৰদৰ পৰা আঁতৰত ৰাখক বা মূৰত স্ক্ৰাৰ্ফ লৈ থাকক। বেছিকৈ পানী খোৱাৰ লগতে ভাল খাদ্য গ্ৰহণ কৰক। চুলি চাফা কৰি ৰখা অতি আৱশ্যক, কিন্তু সদায় চেম্পু নকৰিব। আইৰন, ভিটামিন ডি, বায়োটিনযুক্ত খাদ্য গ্ৰহণ কৰে। যদি ২-৩ মাহতকৈ অধিক সময় চুলি সৰি থাকে তেন্তে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰা উচিত।
অন্য খবৰ পঢ়কঃ ধোঁৱা ধোঁৱা দেখা, দৃষ্টিশক্তি কমা…হ’ব পাৰে চকুৰ এই বিৰল ৰোগৰ লক্ষণ, সকলো জানক চিকিৎসকৰ পৰা…