শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

অধিক পানীয়েও কৰে ক্ষতি! গ্ৰীষ্মকালত কিমান পানী খাব লাগে জানেনে? চাওক বিশেষজ্ঞৰ পৰামৰ্শ

সাধাৰণতে দেহৰ বাবে অতি উপকাৰী হ’লেও সকলো বস্তুৰে অতিমাত্ৰা ব্যৱহাৰ ক্ষতিৰো কাৰণ হ’ব পাৰে। পানীৰ ক্ষেত্ৰতো প্ৰযোজ্য হয় এই কথা। পানী কমকৈ খোৱাৰ ফলত যিদৰে দেহত ডিহাইড্ৰেচনৰ সমস্যা হয়, সেইদৰে প্ৰয়োজনতকৈ অধিক পানী খালেও দেহত কিছুমান গুৰুতৰ সমস্যাই দেখা দিব পাৰে। সেয়ে গৰমৰ দিনত কিমান পানী খাব লাগে, জানো আহক।

অধিক পানীয়েও কৰে ক্ষতি! গ্ৰীষ্মকালত কিমান পানী খাব লাগে জানেনে? চাওক বিশেষজ্ঞৰ পৰামৰ্শ
গৰমত কিমান পানী খাব লাগে?Image Credit source: Getty Images
monjit-dutta
Monjit Dutta | Published: 16 Jun 2025 09:54 AM

আজি ডাৱৰীয়া বতৰৰ বাবে ৰাজ্যত গৰমৰ প্ৰকোপ কিছু কম যদিও শেহতীয়া কেইটামানত দিনত উৎকট গৰমে ৰাজ্যবাসীক বাৰুকৈয়ে জলাকলা খুৱালে।এনে পৰিস্থিতিত গ্ৰীষ্মৰ আগন্তুক দিনকেইটাত গৰমৰ প্ৰকোপ বৃদ্ধিৰ পূৰ্ণ সম্ভাৱনা আছে। সেয়ে এই সময়ছোৱাত নিজৰ দেহৰ যত্ন লোৱাৰ বাবে আমি কিছুমান প্ৰয়োজনীয় কথা জনাটো নিতান্তই প্ৰয়োজনীয়। গ্ৰীষ্মকালত দেহৰ পৰা অধিক ঘাম ওলায় আৰু অধিক পিয়াহ লাগে। ডিহাইড্ৰেচনক লৈয়ো প্ৰায় লোক চিন্তিত হয়। এনে শংকাৰ বাবে বহু সময়ত মানুহে প্ৰয়োজনতকৈ বেছি পানী খাবলৈ আৰম্ভ কৰে।

সাধাৰণতে দেহৰ বাবে অতি উপকাৰী হ’লেও সকলো বস্তুৰে অতিমাত্ৰা ব্যৱহাৰ ক্ষতিৰো কাৰণ হ’ব পাৰে। পানীৰ ক্ষেত্ৰতো প্ৰযোজ্য হয় এই কথা। পানী কমকৈ খোৱাৰ ফলত যিদৰে দেহত ডিহাইড্ৰেচনৰ সমস্যা হয়, সেইদৰে প্ৰয়োজনতকৈ অধিক পানী খালেও দেহত কিছুমান গুৰুতৰ সমস্যাই দেখা দিব পাৰে। অত্যধিক পানী খালে যকৃত আৰু বৃক্কত বেয়া প্ৰভাৱ পৰিব পাৰে। আনকি শৰীৰ ফুলি উঠাৰ দৰে সমস্যাও হ’ব পাৰে।

গ্ৰীষ্মকালত শৰীৰৰ উষ্ণতা নিয়ন্ত্ৰণত ৰাখিবলৈ অধিক ঘাম ওলায়, যাৰ বাবে শৰীৰক অধিক পানীৰ প্ৰয়োজন হয়। অৱশ্যে অধিকাংশ লোকে দেহত পানীৰ প্ৰয়োজনীয়তা পূৰ কৰিবলৈ সাধাৰণ পানীহে খায়। বহু সময়ত পিয়াহ লাগিলে একেলগে বহু পৰিমাণৰ পানী খায়। যাৰ ফলত পাচনতন্ত্ৰৰ সমস্যা হয়। যদি প্ৰয়োজনতকৈ অধিক পানী অবিৰতভাৱে খোৱা হয়, তেতিয়া পানীৰ বিষক্রিয়া হ’ব পাৰে।

শৰীৰত অত্যধিক পানী জমা হ’লে এই সমস্যা হয়। শৰীৰত অতিৰিক্ত পানী জমা হোৱাৰ বাবে ছডিয়ামৰ মাত্ৰা অতি কম হৈ পৰে, যাৰ ফলত বহুতো গুৰুতৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে। এই সন্দৰ্ভত জ্যেষ্ঠ জনস্বাস্থ্য বিশেষজ্ঞ আৰু গাজিয়াবাদ জিলাৰ জিলা পৰ্যবেক্ষণ বিষয়া ডাঃ আৰ কে গুপ্তাই কয় যে গ্ৰীষ্মকালত যদি আপুনি অতি পিয়াহ অনুভৱ কৰে তেতিয়া লাহে লাহে আৰু সীমিত পৰিমাণৰ পানী খাব লাগে।

পানীৰ পৰিৱৰ্তে নেমুৰ চৰবত বা ORS এইক্ষেত্ৰত সঠিক বিকল্প। সাধাৰণ পানী খালে পিয়াহ তাৎক্ষণিকভাৱে দূৰ নহয়, যাৰ বাবে এজন ব্যক্তিয়ে প্ৰয়োজনতকৈ অধিক পানী খায়। ইয়াৰ ফলত পানীৰ বিষক্ৰিয়া হয়। এনে হ’লে দেহত কিছুমান লক্ষণে দেখা দিয়ে। ইয়াৰ ভিতৰত বমি, মূৰৰ বিষ, মনোযোগ হ্ৰাস, ক্লান্তিভাৱ, পেশীৰ দুৰ্বলতা আৰু গুৰুতৰ ক্ষেত্ৰত ক’মা পৰ্যন্তও হ’ব পাৰে।

ডাঃ গুপ্তাই কয় যে গ্ৰীষ্মকালত অত্যধিক ঘাম ওলোৱাৰ বাবে শৰীৰত পানীৰ ব্যৱহাৰ অধিক হয় আৰু ইয়াৰ ফলত পিয়াহ বেছি হয়। ইয়াৰ বাবে মাজে মাজে আধাৰ পৰা এগিলাচ পানী খাই থাকিব লাগে। বাৰে বাৰে কেৱল পানী পান নকৰি ঘৰতে বনোৱা পানীয়ও ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰক। প্ৰতিজন ব্যক্তিৰ পানীৰ প্ৰয়োজনীয়তা বেলেগ বেলেগ। এয়া বতৰ, কাৰ্যকলাপৰ মাত্ৰা আৰু স্বাস্থ্যৰ অৱস্থাৰ ওপৰত নিৰ্ভৰ কৰে।

সাধাৰণতে প্ৰাপ্তবয়স্কসকলক দিনটোত প্ৰায় ২-৩ লিটাৰ পানী খাবলৈ পৰামৰ্শ দিয়া হয়। গ্ৰীষ্মকালত বা শাৰীৰিক কাৰ্যকলাপৰ সময়ত অধিক পানীৰ প্ৰয়োজন হ’ব পাৰে। অৱশ্যে পিয়াহ অনুভৱ কৰিলেহে পানী খোৱা উচিত। যদি আপুনি পানীৰ অভাৱৰ বাবে হওক বা অত্যধিক পানী খোৱাৰ বাবে হওক, দেহত দেখা দিয়া লক্ষণসমূহ নিজৰ ক্ষেত্ৰতো অনুভৱ কৰিছে, তেতিয়া লগে লগে চিকিৎসকৰ কাষ চপা উচিত। যাওক।