পুৱাৰ এই ৫টা ভুলে বৃদ্ধি কৰিব পাৰে আপোনাৰ ডায়েবেটিছঃ জানিলে হ’ব উপকৃত…
চিকিৎসক আৰু স্বাস্থ্য বিশেষজ্ঞসকলে পুৱাৰ কিছুমান অভ্যাসো ডায়েবেটিছৰ প্ৰধান কাৰণ হ’ব পাৰে বুলি উল্লেখ কৰিছে। তেওঁলোকৰ মতে পুৱাৰ এনে অভ্যাসসমূহ দেখাত সৰু যেন লাগিলেও দেহত চেনিৰ মাত্ৰা বৃদ্ধিৰ কাৰণ হ’ব পাৰে। জানো আহক এই বিষয়ে।

বৰ্তমান সময়ত ডায়েবেটিছ ৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে। যুৱপ্ৰজন্মৰ মাজতো এতিয়া ডায়েবেটিছ ৰোগৰ প্ৰভাৱ পৰিলক্ষিত হৈছে। ডায়েবেটিছ হ’লে দেহত বহু লক্ষণে দেখা দিয়ে যদিও কেতিয়াবা কোনো লক্ষণ নোহোৱাকৈও তেজত চেনিৰ মাত্ৰা বৃদ্ধি পায়। বিশেষকৈ টাইপ ২ ডায়েবেটিছত ব্যক্তিজনৰ জীৱনশৈলী আৰু দৈনন্দিন ৰুটিনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। চিকিৎসক আৰু স্বাস্থ্য বিশেষজ্ঞসকলে পুৱাৰ কিছুমান অভ্যাসো ডায়েবেটিছৰ প্ৰধান কাৰণ হ’ব পাৰে বুলি উল্লেখ কৰিছে।
তেওঁলোকৰ মতে পুৱাৰ এনে অভ্যাসসমূহ দেখাত সৰু যেন লাগিলেও দেহত চেনিৰ মাত্ৰা বৃদ্ধিৰ কাৰণ হ’ব পাৰে। বিশেষজ্ঞসকলৰ মতে, ব্ৰেকফাষ্টে গোটেই দিনটো শৰীৰক শক্তি প্ৰদান কৰে আৰু তেজত চেনিৰ মাত্ৰা স্থিৰ কৰি ৰখাত সহায় কৰে। যদি ব্ৰেকফাষ্টত অধিক কাৰ্বহাইড্ৰেট বা প্ৰচেছড চেনি থাকে, তেতিয়া আপোনাৰ ডায়েবেটিছ বৃদ্ধি পাব পাৰে। সেয়ে ব্ৰেকফাষ্টত অ’টছ, মগু দাইলৰ পৰাঠা, কণী, দাইল, চেনি নোহোৱা গ্ৰীণ টি বা নেমুৰ পানীক অগ্ৰাধিকাৰ দিব লাগে।
শৰীৰৰ বিপাকীয় ক্ৰিয়াৰ বাবে পুৱাৰ সময়ক আটাইতকৈ গুৰুত্বপূৰ্ণ হিচাপে গণ্য কৰা হয়। এই সময়ত যদি আমি ভুল খাদ্য গ্ৰহণ কৰোঁ, তেতিয়া গোটেই দিনটোৰ বাবে তেজত চেনিৰ মাত্ৰাৰ ক্ষেত্ৰত প্ৰভাৱ পেলাব পাৰে।
পুৱা খালী পেটত পানী নোখোৱাকৈ চাহ বা কফি খোৱা, ব্ৰেকফাষ্ট নোখোৱাকৈ থকা বা দেৰিকৈ খোৱা, বহু সময় ভোকত থকা, শাৰীৰিক ক্ৰিয়া-কলাপ নকৰা- এনে অভ্যাসবোৰে তেজত চেনিৰ পৰিমাণ নিয়ন্ত্ৰণহীন কৰি তোলে।
এইমছ দিল্লীৰ এণ্ড’ক্ৰাইন’লজী বিভাগৰ বিকিৎসক ডাঃ নিখিল টেণ্ডনে কয় যে মানুহে পুৱা প্ৰথম পানীয় হিচাপে মিঠা চাহ বা কফি গ্ৰহণ কৰে। এই অভ্যাসে পুৱা খালী পেটত প্ৰত্যক্ষ প্ৰভাৱ পেলায় আৰু হঠাতে তেজৰ গ্লুক’জ বৃদ্ধি কৰিব পাৰে। তদুপৰি যিসকল লোকে ব্ৰেকফাষ্টত বিলম্ব কৰে বা নোখোৱাকৈ থাকে, তেওঁলোকৰ শৰীৰত ইনচুলিনৰ মাত্ৰা ভাৰসাম্যহীন হ’বলৈ আৰম্ভ কৰে। ইয়াৰ ফলত চেনিৰ বৃদ্ধি আৰু হঠাতে হ্ৰাস পোৱা দুয়োটাৰে সম্ভাৱনা বৃদ্ধি পায়।
এইধৰণৰ ভুলৰ পৰা হাত সাৰিবলৈ আপুনি পুৱাৰ আৰম্ভণি এক সঠিক ৰুটিনেৰে কৰাটো অতি প্ৰয়োজনীয়। এইক্ষেত্ৰত প্ৰথমে খালী পেটত কুহুমীয়া পানী খোৱা, সময়মতে স্বাস্থ্যসন্মত ব্ৰেকফাষ্ট গ্ৰহণ কৰা, নূন্যতম ২০-৩০ মিনিটৰ বাবে হ’লেও যিকোনো শাৰীৰিক কাৰ্যকলাপ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগে।