বৃক্ক দুৰ্বল হ’লে দেখা দিয়ে এই ৫ টা সাধাৰণ লক্ষণ! জানক চিকিৎসকৰ পৰা…
বৃক্ক মানুহৰ শৰীৰৰ এক গুৰুত্বপূৰ্ণ অংগ। গতিকে বৃক্ক যত্ন কৰি ৰাখিব লাগে। যেতিয়া বৃক্ক দুৰ্বল হৈ পৰে তেতিয়া কিছুমান লক্ষণে দেখা দিয়ে। গতিকে ইয়াৰ বিষয়ে জনা দৰকাৰ।

বৃক্ক আমাৰ শৰীৰৰ অন্যতম গুৰুত্বপূৰ্ণ অংগ। বৃক্কই আমাৰ শৰীৰৰ তেজ পৰিষ্কাৰ কৰাৰ লগতে শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আৰু অতিৰিক্ত পানী আঁতৰ কৰে। লগতে ই ৰক্তচাপ নিয়ন্ত্ৰণ কৰে আৰু ভিটামিন ডি সক্ৰিয় কৰাৰ দৰে বিভিন্ন গুৰুত্বপূৰ্ণ কাম কৰে। কিন্তু আজিকালি পৰিৱৰ্তিত জীৱনশৈলী, বেয়া খাদ্যভাস, পানীৰ অভাৱ বা বিভিন্ন কাৰণৰ প্ৰভাৱ বৃক্কত পৰে। ইয়াৰ ফলত বৃক্ক সংক্ৰমণ , বৃক্ক বিকল আদিৰ দৰে গুৰুতৰ ৰোগ হব পাৰে।
যেতিয়া সমস্যা বাঢ়ি যায় তেতিয়া লাহে লাহে বৃক্ক বিকল হ’বলৈ আৰম্ভ কৰে। কিন্তু যেতিয়া বৃক্কৰ লগত জড়িত কোনো ৰোগ আৰম্ভ হ’বলৈ ধৰে তেতিয়া কিছুমান লক্ষণে দেখা দিয়ে। বেছিভাগ ক্ষেত্ৰতে মানুহে প্ৰাৰম্ভিক লক্ষণবোৰক সহজভাৱে লয় বা আওকাণ কৰে। কিন্তু ই পাছলৈ ক্ৰনিক কিডনী ডিজিজ (CKD) বা কিডনী বিকল হোৱাৰ দৰে গুৰুতৰ অৱস্থাৰ ৰূপ ল’ব পাৰে। গতিকে এই ক্ষেত্ৰত সাৱধান হোৱা ভাল।
প্ৰাৰম্ভিক লক্ষণ
ছফদাৰজং হাস্পতালৰ নেফ্ৰ’লজী বিভাগৰ এইচ অ’ ডি ডাঃ হিমাংশু বাৰ্মাই কয় যে, ক্কৰ ৰোগৰ প্ৰাৰম্ভিক লক্ষণসমূহ অতি সামান্য হ’ব পাৰে, কিন্তু সময়মতে চিনাক্ত কৰাটো অতি প্ৰয়োজনীয়। এই লক্ষণসমূহ আওকাণ কৰা উচিত নহয়। বৃৃক্কৰ ৰোগৰ কিছুমান লক্ষণ তলত উল্লেখ কৰা হ’ল-
- শৰীৰ ফুলা। বিশেষকৈ ভৰি, গোৰোহা বা মুখ ফুলি যোৱা। বৃক্কই যেতিয়া শৰীৰৰ বেয়া পদাৰ্থ আঁতৰ কৰিব নোৱাৰে তেতিয়া এই লক্ষণে দেখা দিয়ে।
- সঘনাই প্ৰস্ৰাৱ আহি থকাও বৃক্কৰ ৰোগৰ লক্ষণ হ’ব পাৰে। বাৰে বাৰে প্ৰস্ৰাৱ অহাৰ লগতে যদি প্ৰস্ৰাৱত জলা-পোৰা, বিষ আদি অনুভৱ হয় তেন্তে এয়া বৃক্কৰ ৰোগৰ লক্ষণ হ’ব পাৰে। বৃক্কৰ কাৰ্যক্ষমতাত ব্যাঘাত জন্মাৰ প্ৰথম লক্ষণ হৈছে প্ৰস্ৰাৱৰ পৰিমাণ বা সময়ৰ পৰিৱৰ্তন।
- যদি আপুনি অনবৰতে ভাগৰুৱা অনুভৱ কৰে, টোপনি নাহে বা মনোযোগ দিবলৈ অসুবিধা পাইছে, তেন্তে ইও এক লক্ষণ হ’ব পাৰে।
- কিডনীৰ ক্ষতি হ’লে তেজত আৱৰ্জনা জমা হ’বলৈ ধৰে, যাৰ ফলত ভোক কমি যায়। ইয়াৰোপৰি বমি হয় বা বমি অনুভৱ হয়। গতিকে বাৰে বাৰে এনে লক্ষণ দেখা দিয়ে বিশেষজ্ঞৰ পৰামৰ্শ ল’ব লাগে।
- আন এটা গুৰুতৰ লক্ষণ হ’ল প্ৰস্ৰাৱত ফেন। ই প্ৰ’টিন বাহিৰ হোৱাৰ ইংগিত দিয়ে। অৰ্থাৎ বৃক্কই বেয়া পদাৰ্থ ফিল্টাৰ কৰিব পৰা নাই। গতিকে প্ৰস্ৰাৱত অধিক ফেন আৰু দুৰ্গন্ধ বৃক্ক ৰোগৰ আন এক লক্ষণ হ’ব পাৰে।
এই লক্ষণসমূহক আওকাণ কৰিলে বিপদজনক হ’ব পাৰে। এইবোৰৰ কোনো এটা সমস্যা থাকিলে তৎক্ষণাত চিকিৎসকৰ সৈতে যোগাযোগ কৰি প্ৰয়োজনীয় তেজৰ পৰীক্ষা, প্ৰস্ৰাৱ পৰীক্ষা আৰু বৃক্কৰ কাৰ্য্যক্ষমতা পৰীক্ষা (KFT) কৰাব লাগে। বৃক্ক সুস্থ কৰি ৰাখিবলৈ প্ৰচুৰ পৰিমাণে পানী খাব লাগে। লগতে অত্যাধিক নিমখ আৰু পেকেটত ভৰোৱা খাদ্য খাব নালাগে। ইয়াৰোপৰি ক্তচাপ আৰু ডায়েবেটিছ নিয়ন্ত্ৰণত ৰাখিব লাগে, চিকিৎসকৰ পৰামৰ্শ নোহোৱাকৈ ঔষধ সেৱন কৰিব নালাগে। এই বিষয়ে অধিক জানিবলৈ চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব পাৰে।
অন্য খবৰ পঢ়কঃ পুৱা খালী পেটত নেমু ৰস খাই নেকি? জানক ইয়াৰ ফলত কি সমস্যা হ’ব পাৰে…