শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

হৃদযন্ত্ৰ দুৰ্বল হ’লে মুখত দেখা যায় এই ৪টা লক্ষণ, আওকাণ নকৰিব…

যেতিয়া হৃদযন্ত্ৰ দুৰ্বল হৈ পৰে আৰু সঠিকভাৱে কাম নকৰে তেতিয়া ই সমগ্ৰ শৰীৰতে ইয়াৰ প্ৰভাৱ পৰে। বিশেষকৈ এনে কিছুমান লক্ষণ মুখত দেখা দিবলৈ আৰম্ভ কৰে, যিবোৰ সময়মতে চিনাক্ত কৰিলে  হৃদৰোগ প্ৰতিৰোধ কৰিব পৰা যায়।

হৃদযন্ত্ৰ দুৰ্বল হ’লে মুখত দেখা যায় এই ৪টা লক্ষণ, আওকাণ নকৰিব…
হৃদযন্ত্ৰ দুৰ্বল হ'লে মুখত দেখা যায় এই লক্ষণ
trishna-kalita
Trishna Kalita | Published: 29 Jun 2025 15:13 PM

কিয় হৃদযন্ত্ৰ কিয় দুৰ্বল হয়? হৃদযন্ত্ৰ দুৰ্বল হোৱাৰ আঁৰত বহু কাৰণ থাকিব পাৰে, যেনে- উচ্চ ৰক্তচাপ (Hypertension)। অনবৰতে ৰক্তচাপ বৃদ্ধি হৈ থাকিলে হৃদযন্ত্ৰৰ পেশীবোৰত চাপ পৰে, যাৰ বাবে ই ক্ৰমান্বয়ে দুৰ্বল হৈ পৰে। ইয়াৰ উপৰিও ডায়েবেটিছৰ ফলটো হৃদযন্ত্ৰ দুৰ্বল হয়। য’ত অনিয়ন্ত্ৰিত ব্ৰাড চুগাৰে হৃদযন্ত্ৰৰ ৰক্তবাহী নলীৰ ক্ষতি কৰিব পাৰে। অনিয়মিত জীৱনশৈলী, ধূমপান, অত্যধিক মদ্যপান, ফাষ্ট ফুড, মানসিক চাপ, টোপনিৰ অভাৱ আদিয়েও হৃদযন্ত্ৰ দুৰ্বল কৰি তুলিব পাৰে।

আমাৰ হৃদযন্ত্ৰ হৈছে শৰীৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংগ, যিয়ে সমগ্ৰ শৰীৰলৈ তেজ আৰু অক্সিজেন প্ৰেৰণৰ কাম কৰে। কিন্তু যেতিয়া হৃদযন্ত্ৰ দুৰ্বল হ’বলৈ আৰম্ভ কৰে বা ইয়াৰ কাৰ্যক্ষমতা কমিবলৈ আৰম্ভ কৰে তেতিয়া ইয়াৰ প্ৰভাৱ কেৱল আভ্যন্তৰীণ অংগতেই নহয়, মুখমণ্ডলতো স্পষ্টকৈ দেখা যায়। চিকিৎসক আৰু হৃদৰোগ বিশেষজ্ঞৰ মতে কিছুমান লক্ষণ আছে যিবোৰ সময়ত চিনাক্ত হ’লে হৃদৰোগ গুৰুতৰ হোৱাৰ পৰা ৰক্ষা কৰিব পাৰি।

মুখ শেঁতা পৰা

দিল্লীৰ ৰাজীৱ গান্ধী চিকিৎসালয়ৰ কাৰ্ডিঅ’লজি বিভাগৰ ডাঃ অজিত জৈনে কয় যে প্ৰথম আৰু আটাইতকৈ সাধাৰণ লক্ষণটো হ’ল মুখখন শেঁতা পৰা। যেতিয়া হৃদযন্ত্ৰই সঠিকভাৱে তেজ পাম্প কৰিব নোৱাৰে তেতিয়া পৰ্যাপ্ত পৰিমাণৰ অক্সিজেন শৰীৰৰ অংগবোৰলৈ নাযায়। ইয়াৰ ফলত মুখৰ ছালতো প্ৰভাৱ পৰে, যাৰ বাবে ৰং শুকাই যোৱা বা অস্বাস্থ্যকৰ যেন দেখাবলৈ আৰম্ভ কৰে। কেতিয়াবা চকুৰ তলত ক’লা বৃত্তবোৰো ডাঠ হৈ পৰে।

মুখ বা ওঁঠৰ ৰং নীলা হোৱা (Cyanosis)

দ্বিতীয়টো গুৰুত্বপূৰ্ণ লক্ষণ হ’ল মুখ বা ওঁঠৰ ৰং নীলা হোৱা (Cyanosis)। যেতিয়া শৰীৰে পৰ্যাপ্ত পৰিমাণৰ অক্সিজেন নাপায় তেতিয়া ওঁঠ, নখ আৰু মুখ নীলা বা ধূসৰ ৰং দেখাবলৈ আৰম্ভ কৰে। বিশেষকৈ হৃদযন্ত্ৰৰ বিকলতা বা হৃদযন্ত্ৰৰ গুৰুতৰ সমস্যাত ভুগি থকা লোকৰ ক্ষেত্ৰত এই অৱস্থা দেখা যায়।

মুখ ফুলি উঠা

তৃতীয় লক্ষণ হ’ল অনবৰতে মুখখন ফুলি উঠা। যেতিয়া হৃদযন্ত্ৰই সঠিকভাৱে তেজ পাম্প কৰিব নোৱাৰে তেতিয়া শৰীৰত তৰল পদাৰ্থ জমা হ’বলৈ আৰম্ভ কৰে। বিশেষকৈ পুৱা সাৰ পালে মুখখন ফুলাৰ ৰূপত ইয়াৰ প্ৰভাৱ দেখা যায়।

অত্যধিক ঘাম ওলোৱা বা সঘনাই মুখখন তিতি থকা

চতুৰ্থ লক্ষণ হ’ব পাৰে অত্যধিক ঘাম ওলোৱা বা মুখখন সঘনাই তিতি থকা। দুৰ্বল হৃদযন্ত্ৰই স্বাভাৱিক কাম-কাজ কৰিবলৈ অধিক কষ্ট কৰিবলগীয়া হয়, যাৰ ফলত শৰীৰত অত্যধিক ঘাম ওলায়। যদি কোনো ধৰণৰ গধুৰ কাম নকৰাকৈ বাৰে বাৰে ঘামত মুখখন তিতি যায়, তেন্তে সেয়া হৃদযন্ত্ৰৰ লগত জড়িত লক্ষণ হ’ব পাৰে।

এই লক্ষণবোৰ কেতিয়াও আওকাণ কৰিব নালাগে

বিশেষকৈ ক্লান্তি, উশাহ লোৱাত কষ্ট বুকুৰ বিষৰ লগত যদি মুখত এনে কোনো পৰিৱৰ্তন দেখা পায়, তেন্তে তৎক্ষণাত হৃদৰোগ বিশেষজ্ঞৰ সৈতে যোগাযোগ কৰি ইচিজি, ইকো আৰু তেজৰ পৰীক্ষাৰ দৰে প্ৰয়োজনীয় পৰীক্ষা কৰাব লাগে। মনত ৰাখিব, হৃদৰোগ লাহে লাহে বিকশিত হয় কিন্তু যদি মুখত দেখা দিয়া লক্ষণবোৰ চিনিব পাৰে , তেন্তে ইয়াৰ চিকিৎসা সম্ভৱ।

ডাঃ জৈনে লগতে কয় যে এই লক্ষণসমূহ হৃদৰোগীৰ ক্ষেত্ৰতো দেখা যায় যদিও প্ৰতিজন ৰোগীৰ ক্ষেত্ৰত দেখা পোৱাটো জৰুৰী নহয়। কিন্তু যদি আপুনি এনে কোনো সমস্যা অনুভৱ কৰিছে তেন্তে তৎক্ষণাত চিকিৎসালয়লৈ যোৱা উচিত।

লগতে পঢ়ক: হাৰ্ট এটেকৰ প্ৰাৰম্ভিক লক্ষণসমূহ কি কি? ইয়াৰ কাৰণ আৰু প্ৰতিকাৰৰ উপায় জানক…