শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Assamese Recipe: গাহৰিৰ মাংসৰ সৈতে মাটি মাহ, এই পদ্ধতিৰে আপুনি খাই পাইছেনে?

অসমীয়া জনপ্ৰিয় ব্যঞ্জনৰ ভিতৰত অন্যতম হৈছে মাটিমাহৰ সৈতে গাহৰি মাংস। এই ব্যঞ্জন মাটিমাহৰ সৈতে গাহৰিৰ মাংস সিজাই প্ৰস্তুত কৰা হয়। ইয়াক বেছি মচলা ব্যৱহাৰ নকৰাকৈ প্ৰস্তুত কৰে।

Assamese Recipe: গাহৰিৰ মাংসৰ সৈতে মাটি মাহ, এই পদ্ধতিৰে আপুনি খাই পাইছেনে?
গাহৰিৰ মাংসৰ সৈতে মাটি মাহ
barasha-misra
Barasha Misra | Published: 28 Jun 2025 19:38 PM

অসমীয়া জনপ্ৰিয় ব্যঞ্জন হৈছে মাটিমাহৰ সৈতে গাহৰি মাংস। প্ৰায় সংখ্যক লোকে গাহৰিৰ মাংস খাই ভাল পায়। অসমীয়া সমাজত গাহৰি মাংস বিভিন্ন পদ্ধতিৰে প্ৰস্তুত কৰে । ইফালে অসমৰ জনগোষ্ঠীৰ লোকসকলৰ মাজত গাহৰি মাংস ৰন্ধাৰ নিজা নিজা পৰম্পৰাগত পদ্ধতি আছে। আজি জানো আহক গাহৰি আৰু মাটি মাহৰ ৰেচিপিৰ বিষয়ে।

অসমীয়া জনপ্ৰিয় ব্যঞ্জন হৈছে মাটিমাহৰ সৈতে গাহৰি মাংস। এই ব্যঞ্জন মাটিমাহৰ লগত গাহৰিৰ মাংস সিজাই প্ৰস্তুত কৰা হয়। ইয়াক প্ৰায়ে বেছি মচলা ব্যৱহাৰ নকৰাকৈ প্ৰস্তুত কৰে।

উপকৰণ

  • গাহৰি মাংস (প্ৰায় ১ কেজি)
  • মাটিমাহ (আধা বাটি)
  • পিয়াঁজ (১টা ডাঙৰ, কাটি লোৱা)
  • আদা-নহৰু পেষ্ট (১ চামুচ)
  • জলকীয়া (সোৱাদ অনুসৰি)
  • নিমখ (সোৱাদ অনুসৰি)
  • তেল (২ চামুচ)
  • পানী (প্ৰয়োজন অনুসৰি)

প্ৰস্তুত প্ৰণালী:

  1. প্ৰথমে গাহৰি মাংস ধুই সৰু সৰু টুকুৰা কৰি কাটি লওঁক।
  2. মাটিমাহ ধুই অলপ সময় তিয়াই থওঁক।
  3. এটা পাত্ৰত তেল গৰম কৰি পিয়াঁজখিনি অলপ ৰঙচুৱা নোহোৱালৈকে ভাজক।
  4. তাৰ পিছত আদা-নহৰু পেষ্ট আৰু জলকীয়া দি কিছু সময় ভাজক।
  5. এতিয়া মাংসখিনি দি ভালদৰে মিলাই কিছু সময় ভাজক।
  6. নিমখ আৰু পানী দি মাংসখিনি সিজিবলৈ দিয়ক।
  7. যেতিয়া মাংসখিনি অলপ সিজি উঠিব, তেতিয়া মাটিমাহখিনি দি আকৌ সিজিবলৈ দিয়ক।
  8. মাংস আৰু মাটিমাহ সিজি তেল ওলালে, গৰমে গৰমে পৰিৱেশন কৰক।