শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

এজন সুস্থ ব্যক্তিয়েও যদি দৈনিক অত্যধিক মিঠা ফল খায় আৰু শাৰীৰিক ব্যায়াম নকৰে তেন্তে ক্ৰমান্বয়ে তেওঁৰ ওজন বৃদ্ধি পাব পাৰে আৰু চুগাৰৰ মাত্ৰাত প্ৰভাৱ পৰিব পাৰে। কোনবোৰ ফলত চুগাৰৰ মাত্ৰা বেছি জানোঁ আহক।

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?
ফল-মূলImage Credit source: GettyImage
manas-borah
Manas Borah | Published: 27 Jun 2025 22:56 PM

সুস্বাস্থ্যৰ বাবে ফল-মূলে খোৱাটো অতি প্ৰয়োজন। কিন্তু কোন মানুহে কোনবোৰ ফল খাব নালাগে সেই ক্ষেত্ৰত নিশ্চিত ধাৰণা সকলোৰে নাথাকে। কিছুমান ফলত চুগাৰ আৰু ফ্ৰুক্ট’জৰ পৰিমাণ অতি বেছি থাকে যিয়ে ইনচুলিনৰ মাত্ৰাত বাধাৰ সৃষ্টি কৰিব পাৰে। এই ফলবোৰ যদি অতিৰিক্তভাৱে খোৱা হয় তেন্তে শৰীৰত চুগাৰ বৃদ্ধি হ’ব পাৰে।

বিশেষকৈ ডায়েবেটিছ ৰোগীয়ে জনাটো প্ৰয়োজন যে, অতি মিঠা ফলবোৰে তেওঁলোকৰ গ্লুক’জৰ মাত্ৰা যেনে আম, আঙুৰ, কল, ডালিম আদিয়ে বিঘ্নিত কৰিব পাৰে। এইবোৰত গ্লাইচেমিক ইনডেক্স আৰু ফ্ৰুক্ট’জৰ পৰিমাণ বেছি। আনকি এজন সুস্থ ব্যক্তিয়েও যদি দৈনিক অত্যধিক মিঠা ফল খায় আৰু শাৰীৰিক ব্যায়াম নকৰে তেন্তে ক্ৰমান্বয়ে তেওঁৰ ওজন বৃদ্ধি পাব পাৰে আৰু চুগাৰৰ মাত্ৰাত প্ৰভাৱ পৰিব পাৰে।

যিবোৰ ফলৰ চুগাৰৰ মাত্ৰা সৰ্বাধিক

খাদ্য বিশেষজ্ঞ ডাঃ ৰক্ষিতা মেহৰাই চুগাৰৰ মাত্ৰা বৃদ্ধি কৰা ফলৰ বিষয়ে জনাইছে। অৱশ্যে ডাঃ মেহৰাই কয় য, এই ফলবোৰে প্ৰতিজন ব্যক্তিৰ চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব বুলি ধাৰণা কৰাটো ভুল। কিন্তু সীমিত পৰিমাণে খালে ভাল। ডায়েবেটিছ ৰোগীয়ে এই ফলবোৰ পৰিহাৰ কৰিব লাগে।

আম

আম নিশ্চিতভাৱে সোৱাদত মিঠা আৰু ৰসাল যদিও ইয়াত ফ্ৰুক্ট’জৰ পৰিমাণ অতি বেছি। এটা আমত প্ৰায় ৩০ গ্ৰাম প্ৰাকৃতিক চুগাৰ থাকে।

কল

কলত নিশ্চিতভাৱে আঁহ আৰু পটাছিয়াম থাকে যদিও পকিলে ইয়াত থকা চুগাৰৰ পৰিমাণ বৃদ্ধি পায়। এটা কলত প্ৰায় ১৪ গ্ৰাম প্ৰাকৃতিক চুগাৰ থাকে।

লিচু

লিচু গ্ৰীষ্মকালীন এবিধ বিশেষ ফল আৰু ইয়াক প্ৰায়ে খোৱা হয়। কিন্তু মনত ৰাখিব যে, লিচুত চুগাৰ প্ৰচুৰ পৰিমাণে থাকে। ১০-১২ লিচুত প্ৰায় ২৯-৩০ গ্ৰাম প্ৰাকৃতিক চুগাৰ থাকিব পাৰে।

ডালিম

ডালিমক স্বাস্থ্যকৰ ফল বুলি গণ্য কৰা হয়, কিন্তু ইয়াত থকা চুগাৰৰ কথা যদি আমি কওঁ, তেন্তে ১ কাপ ডালিমৰ গুটিত প্ৰায় ২৪ গ্ৰাম প্ৰাকৃতিক চুগাৰ থাকে।

চুগাৰৰ মাত্ৰা নিয়ন্ত্ৰণ ৰাখিবলৈ আপুনি আপেল,জামু, অমিতা, কমলা খাব পাৰে। তদুপৰি বিশেষ স্বাস্থ্যৰ সমস্যা থাকিলে বিশেষজ্ঞ পৰামৰ্শ গ্ৰহণ কৰিব।