শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

মগজুৰ বাবেও বিপদাশংকা কঢ়িয়াইছে প্ৰদূষণে! গৱেষণাত পোহৰলৈ উদ্বেগজনক তথ্য; কিদৰে কৰিব প্ৰতিৰোধ?

প্ৰদূষণ বৃদ্ধিয়ে স্বাস্থ্যৰ বহু দিশত ক্ষতি কৰে। সাধাৰণতে প্ৰদূষণে হাওঁফাওঁত আটাইতকৈ বেছি প্ৰভাৱ পেলায় যদিও এতিয়া এক প্ৰতিবেদনত প্ৰকাশ পাইছে উদ্বেগজনক তথ্য। এই প্ৰতিবেদন মতে প্ৰদূষণে মগজুৰ ক্ষেত্ৰতো বিৰূপ প্ৰভাৱ পেলাইছে। চাওক সবিশেষ।

মগজুৰ বাবেও বিপদাশংকা কঢ়িয়াইছে প্ৰদূষণে! গৱেষণাত পোহৰলৈ উদ্বেগজনক তথ্য; কিদৰে কৰিব প্ৰতিৰোধ?
প্ৰদূষণ (প্ৰতিনিধিত্বমূলক ছবি)Image Credit source: Unsplash
monjit-dutta
Monjit Dutta | Updated On: 25 Oct 2025 06:39 AM

মাত্ৰ কেইটামান দিন পূৰ্বে পাৰ হৈ গৈছে পোহৰৰ উৎসৱ দীপাৱলী। অসমত এইবাৰ দীপাৱলীত আতচবাজীৰ ব্যৱহাৰ পূৰ্বৰ তুলনাত কম যদিও সম্পূৰ্ণ শূন্য বুলিব পাৰি। ইয়াৰ ফলত দেৱালীৰ পিছত প্ৰদূষণৰ মাত্ৰাও বৃদ্ধি পাইছে। অসমতকৈ দেশৰ আন প্ৰান্তত ইয়াৰ প্ৰভাৱ অধিক হৈ পৰিছে। প্ৰদূষণৰ বাবেই বায়ুৰ গুণাগুণো নিম্ন স্তৰত আছে। প্ৰদূষণ বৃদ্ধিয়ে স্বাস্থ্যৰ বহু দিশত ক্ষতি কৰে। সাধাৰণতে প্ৰদূষণে হাওঁফাওঁত আটাইতকৈ বেছি প্ৰভাৱ পেলায় যদিও এতিয়া এক প্ৰতিবেদনত প্ৰকাশ পাইছে উদ্বেগজনক তথ্য।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ষ্টেট অৱ গ্ল’বেল এয়াৰ ২০২৫ নামৰ সংস্থাটোৱে উল্লেখ কৰিছে যে ভাৰতত প্ৰদূষণৰ ফলত হোৱা মৃত্যুৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে। প্ৰদূষণে মগজুতো যথেষ্ট প্ৰভাৱ পেলাইছে বুলি এই প্ৰতিবেদনত কোৱা হৈছে। প্ৰতিবেদন অনুসৰি, প্ৰদূষণত থকা ক্ষুদ্ৰ কণা PM 2.5ৰ দীৰ্ঘদিন সংস্পৰ্শলৈ আহিলে মগজুৰ কলাৰ ক্ষতি হয়।

প্রদূষণৰ ফলত ডিমেনচিয়াৰ আশংকা বৃদ্ধি পোৱা বুলিও প্রতিবেদনত উল্লেখ কৰা হৈছে। ইয়াৰ ফলত স্মৃতিশক্তিৰ ওপৰত প্রভাৱ পৰিব পাৰে৷  ষ্টেট অৱ গ্ল’বেল এয়াৰৰ এই প্ৰতিবেদনত লগতে প্রদূষণৰ ফলত প্রতি বছৰে বিশ্বজুৰি আঠ নিযুত লোকৰ মৃত্যু ঘটিছে বুলিও এক উদ্বেগজনক তথ্য উল্লেখ কৰা হৈছে৷

দেশৰ এই ৰাজ্যসমূহত অধিক প্ৰভাৱ

এই প্ৰতিবেদনত উল্লেখ কৰা মতে ভাৰতত প্ৰদূষণৰ সৰ্বাধিক প্ৰভাৱ দিল্লী, উত্তৰ প্ৰদেশ, বিহাৰ, মহাৰাষ্ট্ৰৰ দৰে ৰাজ্যত দেখা গৈছে। প্ৰদূষণৰ ফলত হৃদৰোগ, হাওঁফাওঁৰ ৰোগ আদি অসংক্ৰামক ৰোগৰ সম্ভাৱনাও বৃদ্ধি পাইছে। ইয়াৰ ফলত হাওঁফাওঁৰ কৰ্কট ৰোগ, ডায়েবেটিছ, ডিমেনচিয়াৰ সম্ভাৱনা বৃদ্ধি পাইছে। যোৱা দশকত বায়ু প্ৰদূষণৰ বাবে হৃদৰোগ ২৭% বৃদ্ধি পাইছে।

পূৰ্বৰে পৰা হাঁপানী, চি অ’ পি ডি, হাওঁফাওঁৰ সংক্ৰমণৰ দৰে সমস্যাত ভুগি থকা লোকসকলে অধিক সমস্যাৰ সন্মুখীন হৈছে। এই ব্যক্তিসকলৰ অসুস্থতাৰ লক্ষণসমূহ বেছি দিনলৈ থাকে। বিশেষকৈ শিশু আৰু বৃদ্ধ লোক এই ৰোগত আক্ৰান্ত হয়।

প্ৰদূষণে কিদৰে মগজুৰ ক্ষতি কৰিছে

এই অধ্যয়নত কোৱা হৈছে যে প্ৰদূষণৰ ফলত ডিমেনচিয়া আনকি এলঝেইমাৰৰো আশংকা থাকে। মানুহৰ স্মৃতিশক্তি দুৰ্বল হৈ আহিছে আৰু বৃদ্ধ লোকসকল বিশেষভাৱে ক্ষতিগ্ৰস্ত হৈছে। প্ৰদূষণ কণাবোৰ শ্বাস-প্ৰশ্বাসতন্ত্ৰৰ যোগেদি শৰীৰত প্ৰৱেশ কৰি তাৰ পিছত তেজৰ লগত মিহলি হৈ ৰোগৰ সৃষ্টি কৰে। এই কণাবোৰ মগজুৰ কলাত প্ৰৱেশ কৰি মগজুৰ কাৰ্যত প্ৰভাৱ পেলায়।

ইয়াৰ ফলত বহু লোকে স্মৃতিশক্তি হেৰুৱাইছে আৰু সিদ্ধান্ত গ্ৰহণৰ ক্ষমতাত ব্যাঘাত জন্মিছে, কিয়নো প্ৰদূষণৰ ফলত মগজুৰ কাম-কাজত অত্যন্ত প্ৰভাৱ পৰিছে। প্ৰতিবেদন অনুসৰি প্ৰদূষণৰ মাত্ৰা অধিক থকা অঞ্চলত মগজুৰ ক্ষতিৰ প্ৰাদুৰ্ভাৱ বেছি। স্মৃতিশক্তিৰ লগত জড়িত সমস্যাও এই স্থানসমূহত বেছিকৈ দেখা গৈছে।

সুৰক্ষাৰ বাবে কি কৰিব লাগে?

দিল্লীৰ ৰাজীৱ গান্ধী হাস্পতালৰ সহযোগী অধ্যাপক ডাঃ অজিত জৈনে জানিবলৈ দিয়া মতে, প্ৰদূষক ব্যক্তিৰ হাওঁফাওঁত নপৰাকৈ প্ৰদূষণৰ পৰা নিজকে ৰক্ষা কৰিবলৈ নাক আৰু মুখ ঢাকি ৰখাটো গুৰুত্বপূৰ্ণ। বাহিৰত থাকিলে সদায় মাস্ক পৰিধান কৰিব লাগে। নাকৰ বায়ুপথ যাতে পৰিষ্কাৰ হৈ থাকে, তাৰ প্ৰতি লক্ষ্য ৰাখি গৰম পানীৰে গাৰ্গল কৰি দিনটোত এবাৰ বা দুবাৰ নাকত ভাপ ল’ব লাগে।

বাহিৰলৈ যোৱাৰ সময়ত হাঁপানী বা চি অ’ পি ডি ৰোগীয়ে লগত অত্যাৱশ্যকীয় ঔষধ আৰু ইনহেলাৰ লৈ যাব লাগে বুলিও চিকিৎসকগৰাকীয়ে পৰামৰ্শ আগবঢ়াইছে। হৃদৰোগীয়ে যদি বুকুত গধুৰ গধুৰ ভাৱ অনুভৱ কৰে, উশাহ লোৱাত কষ্ট পায় বা ভাগৰুৱা অনুভৱ কৰে তেতিয়া তাৎক্ষণিকভাৱে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে।