শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

অবৈধ প্ৰেম! পলিথিনত ভৰালে মৃতদেহৰ টুকুৰা…স্বামীৰ সৈতে গাৰ নোম শিয়ৰি উঠা কাণ্ড পত্নীৰ

আৰক্ষীয়ে শৰীৰৰ অংগসমূহৰ তদন্ত আৰম্ভ কৰে। অংগচ্ছেদ কৰা অৱশিষ্টবোৰৰ ভিতৰত এখন কটা হাত আছিল। হাতত টেটু আছিল।  মৃতদেহৰ মূৰটো নাছিল। এই হত্যাকাণ্ডৰ সমাধান কৰাটো আৰক্ষীৰ বাবে এক প্ৰত্যাহ্বান হৈ পৰিল। অৱশ্যে হাতখনৰ টেটুৱে আৰক্ষীক বহু সহায় কৰিলে।

অবৈধ প্ৰেম! পলিথিনত ভৰালে মৃতদেহৰ টুকুৰা…স্বামীৰ সৈতে গাৰ নোম শিয়ৰি উঠা কাণ্ড পত্নীৰ
স্বামীৰ সৈতে ভয়ংকৰ কাণ্ড পত্নীৰ
trishna-kalita
Trishna Kalita | Published: 22 Dec 2025 10:46 AM

আন এক চাঞ্চল্যকৰ হত্যাকাণ্ড। নিজৰ পত্নীয়ে প্ৰেমিকৰ সৈতে হত্যা কৰিলে স্বামীক। তাৰ পিছত তেওঁৰ মৃতদেহটো কাটি পলিথিনৰ বেগত ভৰাই বিভিন্ন স্থানত পেলাই দিয়ে। উত্তৰ প্ৰদেশৰ সম্ভলত সংঘটিত হৈছে  এই হত্যাকাণ্ড । যিটো মীৰুটৰ সৌৰভ হত্যাকাণ্ডৰ সৈতে একে। সম্পূৰ্ণ কাহিনীটো জানো আহক…

মীৰুটৰ মুস্কান হত্যাকাণ্ড মনত আছেনে? যিয়ে সকলোৰে হৃদয় কঁপাই তুলিছিল। এতিয়া উত্তৰ প্ৰদেশতো সংঘটিত হৈছিল আন এক অনুৰূপ হত্যাকাণ্ড। য’ত এগৰাকী পত্নীয়ে প্ৰেমিকৰ সৈতে স্বামীক হত্যা কৰিছিল, তাৰ পিছত তেওঁৰ মৃতদেহটো কাটি টুকুৰাবোৰ পলিথিনৰ বেগত ভৰাই বিভিন্ন স্থানত পেলাই দিছিল।

ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত ৰুবী আৰু তেওঁৰ প্ৰেমিক গৌৰৱক। সম্ভল জিলাৰ পৰা এই হৃদয়বিদাৰক আৰু ভয়াৱহ ঘটনাৰ উন্মেষ ঘটিছে। এই হত্যাকাণ্ডই সন্ত্ৰাসৰ পৰিৱেশ সৃষ্টি কৰিছে অঞ্চলটোত। খবৰ অনুসৰি সোমবাৰে পত্রুৱা পথৰ ইদগাহৰ বাহিৰত পলিথিনৰ বেগত এটা অংগচ্ছেদ মৃতদেহ উদ্ধাৰ হয়। লগে লগে ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়া হয়।

আৰক্ষীয়ে শৰীৰৰ অংগসমূহৰ তদন্ত আৰম্ভ কৰে। অংগচ্ছেদ কৰা অৱশিষ্টবোৰৰ ভিতৰত এখন কটা হাত আছিল। হাতত টেটু আছিল। মৃতদেহৰ মূৰটো নাছিল। এই হত্যাকাণ্ডৰ সমাধান কৰাটো আৰক্ষীৰ বাবে এক প্ৰত্যাহ্বান হৈ পৰিল। অৱশ্যে হাতখনৰ টেটুৱে আৰক্ষীক বহু সহায় কৰিলে। তদন্তত পোহৰলৈ আহিল যে, মোহল্লা চুন্নীৰ বাসিন্দা ৰাহুলৰ পত্নী ৰুবীয়ে যোৱা ১৮ নৱেম্বৰত স্বামীৰ নিৰুদ্দেশৰ খবৰ দিবলৈ ব্যক্তিগতভাৱে থানালৈ গৈছিল।

লগে লগে আৰক্ষীয়ে ৰুবিক সোধা-পোছাৰ বাবে মাতিলে। কিন্তু তেওঁৰ বক্তব্য যথেষ্ট অসংলগ্ন হোৱাৰ বাবে আৰক্ষীৰ সন্দেহ উপজিল। কঠোৰভাৱে সোধাত ৰুবীয়ে সকলো স্বীকাৰ কৰিলে। তাৰ পিছত পোহৰলৈ আহিল এক ভয়ংকৰ হত্যাকাণ্ডৰ চাঞ্চল্যকৰ কাহিনী। জানিব পৰা মতে, প্ৰেমিক গৌৰৱৰ সৈতে ৰুবীয়ে স্বামী ৰাহুলক হত্যা কৰিছিল।

শনিবাৰে কাপোৰৰ ভিত্তিত ৰাহুলৰ পৰিয়ালে মৃতদেহ চিনাক্ত কৰে। লগে লগে আৰক্ষীয়ে ৰুবী আৰু গৌৰৱক গ্ৰেপ্তাৰ কৰে। তেওঁলোকে প্ৰকাশ কৰে যে মীৰুট সৌৰভ হত্যাকাণ্ডত প্ৰেমিক চাহিলৰ সৈতে মুস্কানে ৰাহুলৰ মৃতদেহটো যেনেকৈ কাটিছিল। সেইদৰে তেওঁলোকেও ৰাহুলৰ মৃতদেহটো কাটি পৃথক পৃথক পলিথিনৰ বেগত ভৰাই থৈছিল।

আৰক্ষীৰ ফৰেনছিক দলটোৱে ৰাহুলৰ ঘৰত উপস্থিত হৈ প্ৰমাণ সংগ্ৰহ কৰিছে। ঘৰৰ ভিতৰতে হত্যাকাণ্ড সংঘটিত হোৱাৰ সন্দেহ। তাৰ পিছত মৃতদেহটো অংগ কাটি বেগত ভৰাই পেলাই থৈ যায়। আৰক্ষীয়ে এতিয়াও কেইবাটাও কটা শৰীৰৰ অংগ বিচাৰি পোৱা নাই আৰু সেইবোৰৰ সন্ধান অব্যাহত ৰাখিছে।

সম্ভাল আৰক্ষীৰ বাবে এতিয়া আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান হৈছে ৰাহুলৰ নিৰুদ্দেশ হোৱা শৰীৰৰ অংগ (মূৰ আৰু অন্যান্য অংগ) উদ্ধাৰ কৰা। অভিযুক্তৰ তথ্যৰ ভিত্তিত আৰক্ষীয়ে সম্ভাৱ্য আত্মগোপন স্থানত অভিযান চলাইছে। থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে কয় যে, হত্যাকাণ্ডত ব্যৱহৃত অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰৰ বাবে আৰু ষড়যন্ত্ৰৰ উন্মোচনৰ বাবে দুয়োজন অভিযুক্তক পুংখানুপুংখ জেৰা চলাই থকা হৈছে।