Morning News: জুবিন গাৰ্গৰ মৃত্যুৰ শুনানিৰ পৰা পাকিস্তানৰ জয়লৈ…পুৱাৰ মুখ্য খবৰসমূহ পঢ়ক
আজি ২২ ডিচেম্বৰ, সোমবাৰ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেয়েহে পলকতে জানক ৰাজ্যৰ পৰা আৰম্ভ কৰি দেশৰ প্ৰতিটো খবৰ...
পুৱাৰ খবৰ
প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।
- আজি আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ দ্বিতীয়টো শুনানি। আদালতত ভাৰ্চুৱেলী হাজিৰ হ’ব ৭গৰাকী অভিযুক্ত। শ্যামকানু মহন্ত, সিদ্ধার্থ শৰ্মা, শেখৰজ্যোতি গোস্বামী, সন্দীপন গার্গ, অমৃতপ্রভা মহন্ত আৰু দুই নিৰাপত্তাৰক্ষী পৰেশ বৈশ্য, নন্দেশ্বৰ বৰাক ভাৰ্চুৱেলী হাজিৰ কৰোৱা হ’ব আদালতত।
- টীয়কৰ ঔগুৰিত ভয়ংকৰ অগ্নিকাণ্ড। সম্পূৰ্ণৰূপে ভস্মীভূত দুখনকৈ দোকান। ভস্মীভূত অবন শইকীয়াৰ সুলভ মূল্যৰ দোকান । যদুমণি শইকীয়াৰ ষ্টেচনাৰী দোকানো ভস্মীভূত । জুইত ভস্মীভূত কেইবা লক্ষাধিক টকাৰ সম্পত্তি । অগ্নিকাণ্ডৰ কাৰণ বৰ্তমানেও জানিব পৰা হোৱা নাই। শ্বৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ।
- কামপুৰত ৰে’লৰ খুন্দাত গুৰুতৰভাৱে আহত হোৱা এটা হাতী পোৱালিৰ মৃত্যু। কামপুৰৰ পৰা হাতী পোৱালিটোক চিকিৎসাৰ বাবে কাজিৰঙাৰ বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰলৈ অনা হৈছিল। চিকিৎসকসকলে হাতী পোৱালিটোক সুস্থ কৰাৰ বাবে চেষ্টা চলাইছিল যদিও সফল নহ’ল। ইয়াৰ লগে লগে কামপুৰত ৰে’লৰ খুন্দাত মৃত্যু হোৱা হাতীৰ সংখ্যা বৃদ্ধি হ’ল ৮টালৈকে।
- দেওবাৰে দেশৰ প্ৰথমজন প্ৰধানমন্ত্ৰী হিচাপে অসম আন্দোলনত প্ৰাণ আহুতি দিয়া ৮৬০ গৰাকী শ্বহীদক শ্ৰদ্ধাঞ্জলি জনায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰীক বৰাগাঁৱৰ শ্বহীদ স্মাৰক ক্ষেত্ৰত সংগ দিয়ে ৰাজ্যপাল, মুখ্যমন্ত্ৰী, মন্ত্ৰী আৰু কেন্দ্ৰীয় মন্ত্ৰীয়ে।
- দীৰ্ঘ বাদ-বিবাদ তথা বিতৰ্কৰ অন্তত আইনত পৰিণত হ’ল বিকশিত ভাৰত-নিয়োগ আৰু জীৱিকা অভিযান (গ্ৰাম্য) নিশ্চয়তা বিধেয়ক, ২০২৫ (ভিবি-জি ৰাম জী বিল)। বিৰোধীৰ প্ৰতিবাদৰ মাজতো সংসদৰ দুই সদনত গৃহীত হোৱাৰ পিছত আজি এই ভিবি-জি ৰাম জী বিলত অনুমোদন জনায় ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে। ইয়াৰ লগে লগে অতীত হৈ পৰিল প্ৰায় ২০ বছৰীয়া মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চয়তা আইন, চমুকৈ এম জি এনৰেগা।
- অব্যাহত আছে বাংলাদেশৰ উত্তপ্ত পৰিস্থিতি। ছাত্ৰ নেতা তথা ইনকিলাব মঞ্চৰ আহ্বায়ক শ্বৰীফ ওছমান হাদীৰ মৃত্যুৰ পিছত দেশখনৰ পৰিস্থিতি যথেষ্ট অৱনতি ঘটিছে। ৰাজধানী ঢাকাত শেহতীয়া সময়ছোৱাত তীব্ৰ উত্তেজনা বিৰাজ কৰিছে। সংবাদ মাধ্যমৰ কাৰ্যালয়ত সংঘটিত হৈছে ধাৰাবাহিকভাৱে অগ্নিসংযোগ। ইফালে, দেশখনত সংখ্যালঘু হিন্দু ধৰ্মীয় লোকৰ ওপৰত নিৰ্যাতনৰ বহু খবৰো পোহৰলৈ আহিছে।
- ২০২৫ চনৰ ১৯ বছৰ অনুৰ্ধ এছিয়া কাপত জয়লাভ কৰিছে পাকিস্তানে।ডুবাইত খেলা ফাইনেলত পাকিস্তানে আয়ুষ ম্হাত্ৰেৰ অধিনায়কত্বত থকা টীম ইণ্ডিয়াক একপক্ষীয়ভাৱে ১৯১ ৰানৰ বৃহৎ ব্যৱধানত পৰাস্ত কৰে। ইয়াৰ জৰিয়তে পাকিস্তানৰ প্ৰথমটো চূড়ান্ত জয়, খিতাপ নিশ্চিত হয়। ইয়াৰ পূৰ্বে ২০১২ চনত ভাৰতৰ বিৰুদ্ধে ফাইনেল খেলিছিল যদিও মেচখন টাইত শেষ হৈছিল, আৰু দুয়োটা দলক যৌথ বিজয়ী ঘোষণা কৰা হৈছিল।