শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

মন গ’লেই যিকোনো ধৰণে ব্যৱহাৰ কৰিব নোৱাৰিব AI ভিডিঅ’, কঠোৰ নিয়ম প্ৰণয়নৰ দিশে চৰকাৰ

নতুন নিয়ম অনুসৰি প্লেটফৰ্মসমূহে AI-উৎপন্ন বিষয়বস্তুক এটা দৃশ্যমান স্ক্ৰীণৰ কমেও ১০% বা অডিঅ’ ক্লিপৰ প্ৰাৰম্ভিক ১০% সময়সীমা সামৰি লোৱা মাৰ্কাৰৰ সৈতে লেবেল কৰিব লাগিব, যাৰ ফলত অ’পেন AI, মেটা, এক্স আৰু গুগলৰ দৰে প্ৰতিষ্ঠানৰ ওপৰত অধিক দায়িত্ব অৰ্পণ কৰা হ’ব।

মন গ’লেই যিকোনো ধৰণে ব্যৱহাৰ কৰিব নোৱাৰিব AI ভিডিঅ’, কঠোৰ নিয়ম প্ৰণয়নৰ দিশে চৰকাৰ
AI ভিডিঅ' ব্যৱহাৰত নতুন নিয়মImage Credit source: Getty Images
raj-saikia
Raj Saikia | Published: 24 Oct 2025 17:28 PM

বুধবাৰে ভাৰত চৰকাৰে তথ্য-প্ৰযুক্তিৰ নিয়মৰ পৰিৱৰ্তনৰ প্ৰস্তাৱ আগবঢ়ায়, AI-উৎপাদিত কনষ্টেন্টৰ ক্ষেত্ৰত স্পষ্ট লেবেলিং বাধ্যতামূলক কৰাৰ কথা ঘোষণা কৰে কেন্দ্ৰই। লগতে ডিপফেক আৰু ভুল তথ্য ব্যৱহাৰকাৰীৰ পৰা হ’ব পৰা সাম্ভাৱ্য ক্ষতি ৰোধ কৰিবলৈ কৃত্ৰিম তথ্য পৰীক্ষা আৰু ফ্লেগ কৰাৰ বাবে ফেচবুক আৰু ইউটিউবৰ দৰে বৃহৎ প্লেটফৰ্মৰ জবাবদিহিতা বৃদ্ধি কৰে।

আই টি মন্ত্ৰালয়ে লক্ষ্য কৰিছে যে ছ’চিয়েল প্লেটফৰ্মত ভাইৰেল হোৱা ডিপফেক অডিঅ’, ভিডিঅ’ আৰু চিন্থেটিক মিডিয়াই জেনেৰেটিভ AIৰ সম্ভাৱনা প্ৰদৰ্শন কৰিছে যে ই “পতিয়ন যোগ্য মিছা তথ্য” সৃষ্টি কৰিব পাৰে, য’ত এনে বিষয়বস্তুক ভুল তথ্য বিয়পাই দিবলৈ, সুনামৰ ক্ষতি কৰিবলৈ, নিৰ্বাচনত হেতালি খেলা বা প্ৰভাৱিত কৰিবলৈ বা আৰ্থিক প্ৰৱঞ্চনা কৰিবলৈ “অস্ত্ৰ হিচাপে” কৰিব পাৰি।

সংবাদ সংস্থা ৰয়টাৰে প্ৰকাশ কৰা অনুসৰি প্ৰায় ১ বিলিয়ন ইণ্টাৰনেট ব্যৱহাৰকাৰীৰ সৈতে বহু জাতিগত আৰু ধৰ্মীয় সম্প্ৰদায়ৰ এখন বিস্তৃত দেশত প্ৰত্যাহ্বান যথেষ্ট বেছি, য’ত ভুৱা বাতৰিয়ে মাৰাত্মক সংঘাতৰ সৃষ্টি কৰাৰ আশংকা থাকে আৰু AIৰ ডিপফ’ক ভিডিঅ’ই নিৰ্বাচনৰ সময়ত বিষয়াসকলক আতংকিত কৰি তোলে।

নতুন নিয়ম অনুসৰি প্লেটফৰ্মসমূহে AI-উৎপন্ন বিষয়বস্তুক এটা দৃশ্যমান স্ক্ৰীণৰ কমেও ১০% বা অডিঅ’ ক্লিপৰ প্ৰাৰম্ভিক ১০% সময়সীমা সামৰি লোৱা মাৰ্কাৰৰ সৈতে লেবেল কৰিব লাগিব, যাৰ ফলত অ’পেন AI, মেটা, এক্স আৰু গুগলৰ দৰে প্ৰতিষ্ঠানৰ ওপৰত অধিক দায়িত্ব অৰ্পণ কৰা হ’ব। সহজ অৰ্থত AI ভিডিঅ’ ব্যৱহাৰৰ ক্ষেত্ৰত ৱাটাৰ মাৰ্ক ব্যৱহাৰ কৰিব লাগিব।

ভাৰত চৰকাৰৰ খচৰা প্ৰস্তাৱত কোৱা হৈছে যে ছ’চিয়েল মিডিয়া কোম্পানীসমূহেও আপলোড কৰা তথ্য AI-জেনেৰেটেড নেকি সেই সম্পৰ্কে ব্যৱহাৰকাৰী ঘোষণা লাভ কৰিব লাগিব, আৰু চেক এণ্ড বেলেন্স নিশ্চিত কৰিবলৈ যুক্তিসংগত কাৰিকৰী ব্যৱস্থা প্ৰয়োগ কৰিব লাগিব।

ভাৰতৰ আই টি মন্ত্ৰালয়ে ৬ নৱেম্বৰৰ ভিতৰত জনসাধাৰণ আৰু কোম্পানীৰ পৰা পৰামৰ্শ আহ্বান জনাই কয় যে এই নিয়মসমূহে “জনসাধাৰণে সন্মুখীন হোৱা সকলো AI-উৎপাদিত মাধ্যমৰ বাবে দৃশ্যমান লেবেলিং, মেটাডাটা ট্ৰেচেবিলিটি আৰু স্বচ্ছতা নিশ্চিত কৰিব”।

AI ৰ ক্ৰমবৰ্ধমান বিপদক লৈ চিন্তিত চৰকাৰ

চৰকাৰে লগতে কয় যে “ব্যৱহাৰকাৰীৰ ক্ষতি কৰিবলৈ, ভুল তথ্য বিয়পাবলৈ, নিৰ্বাচনত হেতালি খেলিবলৈ বা ব্যক্তিৰ অনুকৰণ কৰিবলৈ” জেনেৰেটিভ AI সঁজুলিৰ অপব্যৱহাৰৰ সম্ভাৱনা যথেষ্ট বৃদ্ধি পাইছে। এই সন্দৰ্ভত OpenAI, Google আৰু Meta ই ৰয়টাৰৰ প্ৰশ্নৰ উত্তৰ দিয়া নাছিল বুলি সংবাদ সংস্থাটোৱে প্ৰকাশ কৰিছে।

ভাৰতীয় আদালতে ডিপফেকৰ সৈতে জড়িত হাই-প্ৰফাইল গোচৰৰ শুনানি গ্ৰহণ কৰি আছে। বলীউডৰ তাৰকা অভিষেক বচ্চন আৰু তেওঁৰ পত্নী ঐশ্বৰ্য ৰায় বচ্চনে নতুন দিল্লীৰ এজন ন্যায়াধীশক তেওঁলোকৰ ব্যক্তিগত অধিকাৰ খৰ্ব কৰা AI ভিডিঅ’ আঁতৰাই ইয়াক নিষিদ্ধ কৰিবলৈ আহ্বান জনায় আৰু ইউটিউবৰ AI প্ৰশিক্ষণ নীতিক প্ৰত্যাহ্বান জনায়।

ইণ্ডিয়ান গভৰ্নেন্স এণ্ড পলিচি প্ৰজেক্টৰ ৰাজহুৱা নীতি গৱেষণা সংস্থাৰ প্ৰতিষ্ঠাপক অংশীদাৰ ধ্ৰুৱ গাৰ্গে কয় যে স্ক্ৰীণৰ ১০% অঞ্চল সামৰি লোৱাৰ বিষয়ে নিয়মসমূহ “দৃশ্যমানতা মানদণ্ড নিৰ্ধাৰণৰ বাবে বিশ্বজুৰি কৰা প্ৰথম স্পষ্ট প্ৰচেষ্টাসমূহৰ ভিতৰত অন্যতম”।

যদিহে এই নিয়ম কাৰ্যকৰী কৰা হয় তেন্তে ভাৰতৰ AI প্লেটফৰ্মসমূহে সৃষ্টিৰ সময়ত AI-উৎপন্ন বিষয়বস্তু চিনাক্ত আৰু চিহ্নিত কৰিবলৈ স্বয়ংক্ৰিয় লেবেলিং ব্যৱস্থা নিৰ্মাণ কৰিব লাগিব বুলিও তেওঁ লগতে কয়।

অ’পেন AIৰ চিইঅ’ ছেম অল্টমেনে ফেব্ৰুৱাৰী মাহত কৈছিল যে ভাৰতৰ ব্যৱহাৰকাৰীৰ সংখ্যাৰ হিচাপত দ্বিতীয় বৃহত্তম বজাৰ, যিটো বিগত এটা বছৰত তিনিগুণ বৃদ্ধি পাইছে।