চাৰ্জশ্বীট দিয়াৰ পাছতে জুবিনৰ ন্যায়ৰ দাবীত ৰাজপথত নামিব অসমৰ মুখ্যমন্ত্ৰী, ৰীতা চৌধুৰীৰ মন্তব্যৰ সন্দৰ্ভকত প্ৰতিক্ৰিয়া হিমন্ত বিশ্ব শৰ্মাৰ
জুবিন গাৰ্গৰ ন্যায় প্ৰদানৰ দাবীত ৰাজপথ নমাৰ কথা সদৰী কৰিছে মুখ্যমন্ত্ৰীয়ে। ইয়াৰ ৰীতা চৌধুৰীৰ ফেচবুক পোষ্টৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
জুবিন গাৰ্গৰ মৃত্যু গোচৰৰ চাৰ্জশ্বীট দিয়াৰ পাছতে প্ৰাণৰ শিল্পীগৰাকীক ন্যায় প্ৰদানৰ বাবে ৰাজপথত নামিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আজি শুকুবাৰে সাংবাদিকৰ আগত এই কথা স্পষ্টভাৱে কয় মুখ্যমন্ত্ৰীয়ে। জুবিন গাৰ্গক লৈ বিভিন্ন ৰাজনৈতিক-অৰাজনৈতিক কথা-বতৰাই বিতৰ্ক সৃষ্টি কৰাৰ সময়তে এই মন্তব্য প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে।
তেওঁ কয় যে,যিদিনা চাৰ্জশ্বীট দাখিল কৰা হ’ব, তাৰ পিছদিনাৰ পৰা জুবিনৰ ন্যায় প্ৰদানৰ দাবীত ৰাজপথত নামিব তেওঁ। মুখ্যমন্ত্ৰীয়ে কয়,”যিদিনা আমি চাৰ্জশ্বীট দিম, তাৰ পিছদিনা ন্যায়ৰ কাৰণে ময়ো নামিম ৰাজপথত। কাৰণ ন্যায়, ন্যায়ালয়ে দিব। মই মুখ্যমন্ত্ৰীহে, মই মুখ্য ন্যায়াধীশ নহয়।” লগতে Justic For Zubeen Garg ৰ পক্ষত থকা বুলি সদৰী কৰে মুখ্যমন্ত্ৰীয়ে।
ইফালে,জুবিনৰ সমাধিস্থলৰ বাবে চৰকাৰে জাৰি কৰা SOP সন্দৰ্ভত সাহিত্যিক ৰীতা চৌধুৰীয়ে সামাজিক মাধ্যমত প্ৰকাশ কৰা মন্তব্যকলৈয়ো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে। তেওঁ কয় যে, ৰাতি ১০ টা বজাৰ পাছত অসমত কোনো লোক কামাখ্যা মন্দিৰলৈয়ো নাযায়। ৰাতি ১০ টা বজাৰ পাছত তালৈ কোন যাব লাগে বুলি প্ৰশ্ন কৰে মুখ্যমন্ত্ৰীয়ে।
তেওঁ কয়,”ৰাতি ১০ টা বজাৰ পাছত অসমত কোনো কামাখ্যা মন্দিৰলৈয়ো নাযায়। এই ধৰণৰ কথাৰ দ্বাৰা মানুহক উত্তেজিত কৰিব নালাগে। ৰাতি ১০ টা বজাৰ পাছত কোনো লোক মন্দিৰত নায়ায, কোনো কলেজত নাযায়, কোনো বিশ্ববিদ্যালয়ত নাযায়। ভুপেন হাজাৰিকাৰ সমাধিস্থললৈয়ো ৰাতি ১০ টা বজাৰ পাছত কোনো নাযায়।”
“ৰাতি সোণাপুৰত স্থানীয় মানুহ থাকে। তেওঁলোকে মৰমত ঠাই ডোখৰ প্ৰদান কৰিছে। তেওঁলোকক গোটেই ৰাতি অশান্তি দি থাকিব নেকি? মই ৰীতা চৌধুৰীৰ বক্তব্যটো দেখিছোঁ। মোৰ ভাল লগা নাই কথাটো।” একে সময়তে তেখেতে আওপকীয়াকৈ মানুহক উত্তেজিত কৰা বুলিও অভিযোগ কৰে মুখ্যমন্ত্ৰীয়ে। লগতে মানুহত উত্তেজিত কৰিব বিচৰা সকলোৰে বিৰুদ্ধে চৰকাৰ কঠোৰ হ’ব বুলি কয় মুখ্যমন্ত্ৰীয়ে।