ডেংগু প্ৰতিৰোধী প্ৰথমটো স্বদেশী ভেকচিন, কেতিয়াৰ পৰা হ’ব উপলব্ধ, কিদৰে কাম কৰিব এই ভেকচিনে?
ডেংগুৰ বিৰুদ্ধে চলা যুঁজখনত এক নতুন অধ্যায় লিখিবলৈ ওলাইছে ভাৰতে। প্ৰধানতঃ মহৰ বাবে বিয়পা ডেংগুৰ বিৰুদ্ধে দেশৰ প্ৰথমটো থলুৱা ভেকচিন প্ৰস্তুত কৰাৰ প্ৰক্ৰিয়া দ্ৰুতগতিত আগবাঢ়িছে।

ডেংগু, মানৱ জীৱনৰ বাবে এক ভাবুকি স্বৰূপ এই ৰোগ। প্ৰতি বছৰে শ শ লোকৰ মৃত্যু হয় ডেংগু ফলত। কিন্তু এতিয়া ডেংগুৰ ত্ৰাস অন্ত পেলোৱাৰ সময় অতি ওচৰ চাপিছে। ডেংগুৰ বিৰুদ্ধে চলা যুঁজখনত এক নতুন অধ্যায় লিখিবলৈ ওলাইছে ভাৰতে। প্ৰধানতঃ মহৰ বাবে বিয়পা ডেংগুৰ বিৰুদ্ধে দেশৰ প্ৰথমটো থলুৱা ভেকচিন প্ৰস্তুত কৰাৰ প্ৰক্ৰিয়া দ্ৰুতগতিত আগবাঢ়িছে। ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্চ (আইচিএমআৰ) আৰু এটা ভাৰতীয় কোম্পানীয়ে প্ৰস্তুত কৰা এই ভেকচিনৰ ক্লিনিকেল ট্ৰায়েল চলি আছে।
ডেংগুৰ বিৰুদ্ধে ‘থলুৱা অস্ত্ৰ’
বাৰিষাৰ সময়ত প্ৰতি বছৰে হাজাৰ হাজাৰ লোকৰ অসুস্থ হয় আৰু শ শ লোকৰ মৃত্যু ঘটে ডেংগুৰ বাবে। ইয়াৰ বিৰুদ্ধে যুঁজিবলৈ দেশৰ প্ৰথমটো থলুৱা ভেকচিন প্ৰস্তুত কৰাৰ প্ৰচেষ্টা অব্যাহত আছে। ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্চ (আইচিএমআৰ) আৰু এটা ভাৰতীয় কোম্পানীয়ে প্ৰস্তুত কৰা এই ভেকচিনৰ ক্লিনিকেল ট্ৰায়েল চলি আছে। এই ভেকচিন আগন্তুক দুবছৰত সাজু হ’ব পাৰে বুলি বিশ্বাস কৰা হৈছে। অৰ্থাৎ ২০২৭ চনৰ শেষৰ ফালে ভেকচিন ঔষধ নিয়ন্ত্ৰকৰ অনুমোদনৰ বাবে প্ৰেৰণ কৰিব পাৰিব আৰু তাৰ পিছতহে সাধাৰণ জনতাৰ বাবে উপলব্ধ হ’ব।
কিমান ফলপ্ৰসূ হ’ব এই ভেকচিন?
স্বাস্থ্য বিশেষজ্ঞ ডাঃ সমীৰ ভাটিৰ মতে, এইটো হ’ব টেট্ৰাভেল ভেকচিন, অৰ্থাৎ ই ডেংগুৰ চাৰিওটা চেৰ’টাইপৰ বিৰুদ্ধে কাম কৰিব। ডাঃ সমীৰ ভাটীয়ে কয় যে এই ভেকচিন বজাৰলৈ অহাৰ পিছত ডেংগুৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ৮০ৰ পৰা ৯০ শতাংশ হ্ৰাস কৰিব পৰা যাব।
এই ভেকচিনে কেনেকৈ কাম কৰিব?
ডেংগুৰ ভেকচিন অহাৰ পিছত ডেংগুৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা আৰু ৰোগ গুৰুতৰ হৈ পৰাৰ সমস্যা কমি যাব পাৰে। এই ভেকচিনৰ উদ্দেশ্য হৈছে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰা। যাতে ডেংগু সংক্ৰমণে গুৰুতৰ ৰূপ ধাৰণ নকৰে আৰু ৰোগীৰ জীৱন ৰক্ষা কৰিব পাৰে। যদিও কোনো ভেকচিনে এই ৰোগৰ পৰা সম্পূৰ্ণ সুৰক্ষাৰ নিশ্চয়তা নিদিয়ে, কিন্তু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰিলে ইয়াৰ আশংকা বহু পৰিমাণে হ্ৰাস পাব।
কিয় এই ভেকচিন বিশেষ?
এই ভেকচিন আত্মনিৰ্ভৰ ভাৰতৰ দিশত এক অভূতপূৰ্ব পদক্ষেপ হিচাপে প্ৰমাণিত হ’ব। এই ভেকচিন সম্পূৰ্ণ থলুৱা, অৰ্থাৎ ভাৰততে এই ভেকচিন প্ৰস্তুত কৰি পৰীক্ষা কৰা হৈছে। এতিয়ালৈকে ডাঙৰ প্ৰত্যাহ্বান হিচাপে বিবেচিত ডেংগুৰ চাৰিওটা চেৰ’টাইপৰ বিৰুদ্ধে এই ভেকচিন ফলপ্ৰসূ বুলি প্ৰমাণিত হ’ব।
ভেকচিনৰ কি লাভ হ’ব?
ডেংগু অতি ভয়াৱহ আৰু প্ৰাণনাশি ৰোগ। ভেকচিন অহাৰ পিছত এই ৰোগ গুৰুতৰ হোৱা বা মৃত্যুৰ আশংকা বহু পৰিমাণে হ্ৰাস পাব। শিশু, বৃদ্ধ আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল লোকে ইয়াৰ ব্যৱহাৰৰ দ্বাৰা অধিক উপকৃত হ’ব। কিন্তু ভেকচিন অহাৰ পাছতো মহ নিয়ন্ত্ৰণ আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰয়োজন হ’ব, কাৰণ কোনো ভেকচিনেই এই ৰোগৰ পৰা সুৰক্ষাৰ ১০০ শতাংশ নিশ্চয়তা দিব নোৱাৰে।