শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
Bihar, Janki Express Delayed: দুটা কাউৰীৰ কাজিয়াৰ ফলত ৪ ঘণ্টা ধৰি আবদ্ধ এক্সপ্ৰেছ ৰে’ল !

Bihar, Janki Express Delayed: দুটা কাউৰীৰ কাজিয়াৰ ফলত ৪ ঘণ্টা ধৰি আবদ্ধ এক্সপ্ৰেছ ৰে’ল !

Manas Borah
Manas Borah | Published: 06 Jul 2025 23:42 PM

কেতিয়াবা ধাৰাষাৰ বৰষুণ, কেতিয়াবা কুঁৱলীৰ বাবে ৰে’ল যাত্ৰাত পলম হয়। কিন্তু শুনিছেনে দুই কাউৰীৰ কাজিয়াৰ বাবে ঘণ্টাৰ পিছত ঘণ্টা ৰে’ল আবদ্ধ হোৱাৰ কথা? যদিও কাহিনী যেন লাগিব পাৰে, তথাপিও এই কথা সঁচা।

বিভিন্ন কাৰণত ৰে’ল যাত্ৰাত পলম হোৱাৰ কথা শুনিছে। কেতিয়াবা ধাৰাষাৰ বৰষুণ, কেতিয়াবা কুঁৱলীৰ বাবে ৰে’ল যাত্ৰাত পলম হয়। কিন্তু শুনিছেনে দুই কাউৰীৰ কাজিয়াৰ বাবে ঘণ্টাৰ পিছত ঘণ্টা ৰে’ল আবদ্ধ হোৱাৰ কথা? যদিও কাহিনী যেন লাগিব পাৰে, তথাপিও এই কথা সঁচা।

দুটা কাউৰীৰ মাজত তীব্ৰ কাজিয়া, আৰু তাৰ বাবেই ৩ ঘণ্টা ৪০ মিনিট ৰখাই দিয়া হ’ল এখন ৰে’ল। শনিবাৰে সংঘটিত হয় এই ঘটনা। বিহাৰৰ খজাউলী ৰেল ষ্টেচনৰ সন্মুখত ঘণ্টাৰ পিছত ঘণ্টা আবদ্ধ হৈ পৰে জাংকি এক্সপ্ৰেছ(Janki Express)। ফলত ৰে’লখনৰ যাত্ৰীসকলেও সমস্যাৰ সন্মুখীন হয়। তেতিয়া তেওঁলোকে জানিব বিচাৰে যে, ৰে’লখন কিয় ইমান সময় ৰখাই থোৱা হৈছে। পিছত ৰে’লৱেৰ বিষয়াসকলৰ পৰা পোৱা ইয়াৰ উত্তৰটোৱে আচৰিত কৰে যাত্ৰীসকলক।